সঁফুৰা বৃত্তি প্রদান অনুষ্ঠান সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 17 July 2022

সঁফুৰা বৃত্তি প্রদান অনুষ্ঠান সম্পন্ন

 




W7s news গুৱাহাটী : শিশু আলোচনী 'সঁফুৰা'ৰ উদ্যোগত আৰু 'আসাম ট্ৰিবিউন', ‘অসমীয়া প্রতিদিন', 'প্রতিদিন টাইম' আৰু ‘বৈশ্য ষ্টাডি ফৰ চিভিল চাৰ্ভিচ'ৰ সহযোগত ২০২১-২২ চনৰ বাবে মাৰ্চ মাহত অনুষ্ঠিত হৈ যোৱা সঁফুৰা বৃত্তি পৰীক্ষাৰ বৃত্তিসমূহ দেওবাৰে গুৱাহাটী কমাৰ্চ কলেজৰ ড০ ভগৱান চন্দ্ৰ লহকৰ প্ৰেক্ষাগৃহত প্ৰদান কৰা হয়। গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষ ড০ হোমেশ্বৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে সঁফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক ড০ ভবেন্দ্ৰ নাথ শ‍ইকীয়া, প্রকাশক অম্বিকাপদ দেৱচৌধুৰী, ড০ মহম্মদ তাহেব, ড০ কৈলাশ গোস্বামী, গগন পাঠক, মাণিক শ‍ইকীয়া আৰু বিজয় চাউৰকৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে জ্ঞাত-অজ্ঞাত শিল্পী-সাহিত্যিকৰ স্মৃতিত এক মিনিট মৌনতা অৱলম্বন কৰা হয়। অনুষ্ঠানত অসমীয়া মাধ্যমৰ অংকুৰণ, প্রাথমিক, মজলীয়া আৰু মাধ্যমিক আৰু ইংৰাজী মাধ্যমৰ গ্ৰুপ এ,বি, চি আৰু ডিৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপক আৰু এহেজাৰ, পাঁচশ টকা, তিনিশ টকাৰ জলপানিসহ বৃত্তি লাভ কৰাসকলক বৃত্তি প্ৰদান কৰা হয়। অংকুৰণ শাখাত প্রথম স্থান লাভ কৰা জাতীয় বিদ্যালয়, ছিপাঝাৰৰ ৰাজদীপ পৰাশৰক ১০,০০০ টকা, দ্বিতীয় স্থান লাভ কৰা বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, ধেমাজিৰ হৃষিকেশ বৰাক ৮০০০ টকা, তৃতীয় স্থান লাভ কৰা আর্যভট্ট একাডেমী, সৰুপেটাৰ মৃদুস্মিতা দাসক ৭০০০ টকা জলপানি প্ৰদান কৰা হয়। একেদৰে প্ৰাথমিক বৃত্তি পৰীক্ষাত প্ৰথম স্থান লাভ কৰা জ্যোতি বিদ্যাপীঠ, টীয়কৰ বিৰিণা বুঢ়াগোহাঁইক ১০,০০০ টকা, দ্বিতীয় স্থান লাভ কৰা শংকৰদেৱ শিশু নিকেতন, শিমলুগুৰিৰ মাৰ্চি লাহনক ৮০০০ টকা, তৃতীয় স্থান লাভ কৰা শংকৰদেৱ শিশু নিকেতন, হাবিবৰঙাবাৰীৰ নিখিল নয়ন বৰকাকতিক ৭০০০ টকা জলপানি প্ৰদান কৰা হয়। মজলীয়া শাখাৰ প্ৰথম স্থান লাভ কৰা গুৰুকুল গ্রামাৰ স্কুল, গুৱাহাটীৰ দীপ্তাংশু কুমাৰ ফুকনক ১০,০০০ টকা, দ্বিতীয় স্থান লাভ কৰা পশ্চিম দৰং জাতীয় বিদ্যালয়, দিপীলাৰ গীতম নিশি শৰ্মাক ৮০০০ টকা, তৃতীয় স্থান লাভ কৰা চেছ পানীনী পাব্লিক স্কুল, মৰিগাঁৱৰ সংযুক্তা শ‍ইকীয়াক ৭০০০ টকা জলপানি প্ৰদান কৰা হয়। মাধ্যমিক শাখাৰ প্ৰথম স্থান লাভ কৰা লুইত জাতীয় বিদ্যালয়, চিৰাজুলীৰ জোনাক কাশ্যপক ১০,০০০ টকা, দ্বিতীয় স্থান লাভ কৰা গহপুৰ টাউন স্কুল, গহপুৰৰ সাৰংগনা ভূঞাক ৮০০০ টকা জলপানি প্ৰদান কৰা হয়। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ড০ হোমেশ্বৰ কলিতা,  গৌতম প্ৰসাদ বৰুৱা, ড০ ঈৰশ্বাদ আলি, প্রীতি শ‍ইকীয়া, ড০ জগদীশ পাটগিৰি, সদানন্দ গগৈ,  অচ্যুত পাটোৱাৰী,  শৈলেন বৈশ্য, এল আই চিৰ বিষয়া অতনু বৰুৱাৰ লগতে বহু কেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকি সঁফুৰাৰ এই প্রয়াসক শলাগে। আনহাতে সঁফুৰাৰ সচিব ধীৰাজ গোস্বামীয়ে এই অনুষ্ঠান সাফল্য মণ্ডিত কৰি তোলাৰ বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here