ভাষা আন্দোলনৰ শ্বহীদলৈ আছুৰ গভীৰ শ্ৰদ্ধাঞ্জলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 4 July 2022

ভাষা আন্দোলনৰ শ্বহীদলৈ আছুৰ গভীৰ শ্ৰদ্ধাঞ্জলি

 


W7s news গুৱাহাটী: ১৯৬০ চনৰ ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৰঞ্জিত বৰপূজাৰীলৈ সদৌ অসম ছাত্ৰ সন্থাই আজি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে । ১৯৬০ চনৰ ৪ জুলাই দিনটোতেই অসমীয়া ভাষা ৰক্ষাৰ বাবে শ্বহীদ ৰঞ্জিত বৰপূজাৰীয়ে প্ৰাণ বিসর্জন দিছিল। পুলিচৰ গুলিচালনাত কটন মহাবিদ্যালয়ৰ ছাত্ৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰীয়ে প্ৰাণ দিছিল। সন্থাই অসমীয়া ভাষা সুৰক্ষাৰ বাবে প্ৰাণ বিসর্জন দিয়া সকলো শ্বহীদলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছে।


ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই শ্বহীদ ৰঞ্জিত বৰপূজাৰীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই কয়- যি লক্ষ্য আৰু উদ্দেশ্যেত শ্বহীদ ৰঞ্জিত বৰপূজাৰীয়ে প্ৰাণ বিসর্জন দিছিল সেই লক্ষ্যত আমি আজিও উপনীত হ'বলৈ বাকী আছে। অসমত ৰাজ্য ভাষা আইন প্রণয়ন হ'ল। কিন্তু এই আইনখন সম্পূর্ণভাবে কাৰ্যকৰী নহ'ল। অসমত ৰাজ্যভাষা আইন কার্যকৰী হ'ব লাগিব। অসম চুক্তিৰ ৬ নং দফা অনুসৰি ছাত্ৰ সন্থাই অসমীয়া ভাষা সুৰক্ষা আৰু প্ৰসাৰৰ বাবে সাংবিধানিক ৰক্ষাকবচ বিচাৰিছে ।


বিবৃতিটোত কোৱা হয় অসমত অসমীয়া ৰাজ্যভাষা। বড়ো ভাষা অষ্ট অনুসূচীৰ স্বীকৃত ভাষা। আন আন জনজাতীয় আৰু জনগোষ্ঠীয় ভাষা বিভিন্ন ঔৰত স্বীকৃত ভাষা। ছাত্ৰ সন্থাই অসমীয়া ভাষাৰ লগতে অসমৰ সকলো জনজাতীয় আৰু জনগোষ্ঠীয় ভাষাৰ বিকাশ বিচাৰে।


শ্বহীদ ৰঞ্জিত বৰপূজাৰীলৈ শ্ৰদ্ধাঞ্জলি


গুৱাহাটীত কটন মহাবিদ্যালয়ৰ চৌহদৰ যি স্থানত পুলিচৰ গুলিত শ্বহীদ ৰঞ্জিত বৰপূজাৰীয়ে প্ৰাণ বিসর্জন দিছিল সেই স্থানত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই কটন পৰিয়ালৰ সহযোগত শ্বহীদ ৰঞ্জিত বৰপূজাৰীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here