বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক বিনা চৰ্তে মুক্তি দিয়ক- নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতি, অসম - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 19 July 2022

বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক বিনা চৰ্তে মুক্তি দিয়ক- নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতি, অসম

 



W7s news গুৱাহাটী: নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতি, অসমে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক যোৱা দুমাহ ধৰি অন্যায় ভাৱে কাৰাবন্দী ৰখা কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু অনতিপলমে বিনাচৰ্তে মুক্তি দিবলৈ দাবী জনাইছে। এই সম্পৰ্কে সমিতিৰ সভাপতি ড০ হীৰেন গোহাঁই আৰু

মুখ্য সমন্বয়ক দেবেন তামুলীয়ে কয়- বৰ্ষাশ্ৰীৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰত স্পষ্টভাৱে কবিতাৰ এটা পক্তি লিখাৰ অভিযোগহে উত্থাপন কৰা হৈছে, মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানে কোৱাৰ দৰে আলফালৈ যাব বিচৰাৰ অভিযোগ নাই। মুখ্যমন্ত্ৰী- আৰক্ষী সঞ্চালক প্ৰধানৰ এই মিথ্যাচাৰ গৰিহণাযোগ্য আৰু গণতান্ত্ৰিক পৰিবেশৰ বাবে বিপজ্জনক। ১৯ বছৰীয়া  মেধাবী ছাত্ৰী বৰ্ষাশ্ৰীক কবিতাৰ এটি পংক্তিৰ বাবে ৰাষ্ট্ৰদ্ৰোহৰ ধাৰা জাপি দি বন্দী কৰি ৰখাটো আইনবিৰুদ্ধ কাৰ্য। বাক্ স্বাধীনতা গণতান্ত্ৰিক দেশ এখনত নাগৰিকৰ মৌলিক অধিকাৰ। চৰকাৰ এখনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা, প্ৰতিবাদ কৰা, সমালোচনা কৰাটো বেআইনী কাৰ্যকলাপ হ'ব নোৱাৰে যে তাৰ বাবে চৰকাৰ এখনে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন ( ইউ এ পি এ )ৰ ধাৰা জাপি দিব পাৰে। ইতিমধ্যে উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰদ্ৰোহ বিৰোধী আইনৰ প্ৰয়োগ স্থগিত ৰখাৰ নিৰ্দেশ দিছে, দেবাংগনা কলিতাকে ধৰি বহু গোচৰত উচ্চ ন্যায়ালয়ে মত প্ৰকাশৰ অধিকাৰ ৰাষ্ট্ৰদ্ৰোহৰ সমতুল্য নহয় বুলি চৰকাৰক সমালোচনাও কৰি আহিছে। ন্যায়ালয়ৰ এই নিৰ্দেশক অমান্য কৰি বিজেপি চৰকাৰে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দি আটক কৰা কাৰ্য ন্যায় ব্যৱস্থাৰ প্ৰতি ভেঙুচালি, গণতন্ত্ৰ বিৰোধী আৰু স্বৈৰাচাৰী চৰকাৰৰহে পৰিচায়ক। কম বয়সীয়া  যুৱক যুৱতীৰ মনত  অন্যায়, অবিচাৰৰ বিৰুদ্ধে পুঞ্জীভূত খং, ক্ষোভ, বিদ্ৰোহ আদি কবিতা, গীত, নাটক আদিৰ মাজেৰে প্ৰকাশ  হোৱাটো অতিকৈ স্বাভাৱিক, বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ কবিতাত প্ৰকাশ পোৱা কথা বতৰাও ইয়াৰে প্ৰতিফলন।  তেওঁ তো কোনো বেআইনী বা উগ্ৰবাদী কাৰ্যকলাপত লিপ্ত হোৱা নাই যে এনেদৰে বন্দী কৰি ৰাখিব। এয়া অবিবেচক আৰু অমানবীয় কাৰ্য।গোলাঘাটৰ সত্ৰ আদালতে বৰ্ষাশ্ৰীক আন পৰীক্ষাৰ‌ৰ্থীৰ দৰে নিজ মহাবিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত পৰীক্ষাত বহিবলৈ নিৰ্দেশ দিয়াৰ পিছতো আৰক্ষী প্ৰশাসনে কাৰাগাৰৰ ভিতৰত পৰীক্ষা বহিবলৈ বাধ্য কৰোৱা কাৰ্য চৰম অন্যায়, অমানৱীয়, আক্ৰোশমূলক আৰু আইন বিৰুদ্ধ। ইয়াৰ বাবে সংশ্লিষ্ট প্ৰশাসনিক বিষয়াৰ বিৰুদ্ধে শাস্তি মূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছো। নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতিয়ে বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবীত ঐক্যবদ্ধ প্ৰতিবাদ গঢ়ি তুলিবলৈ ৰাজ্যখনৰ নাগৰিক সমাজ তথা গণতান্ত্ৰিক দল, সংগঠনৰ প্ৰতি আবেদন জনাইছোঁ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here