গুৱাহাটী চিনে ক্লাবৰ অসম সাহিত্য সভাৰ সহযোগত ২২-২৬ জুলাই লৈ চিত্রনাট্য কৰ্মশালাৰ আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 19 July 2022

গুৱাহাটী চিনে ক্লাবৰ অসম সাহিত্য সভাৰ সহযোগত ২২-২৬ জুলাই লৈ চিত্রনাট্য কৰ্মশালাৰ আয়োজন

 



W7s news গুৱাহাটী; ঐতিহ্যমণ্ডিত গুৱাহাটী চিনে ক্লাবে অসম সাহিত্য সভাৰ সহযোগত  ২২-২৬ জুলাই লৈ চলচ্চিত্র সাহিত্য: চিত্রনাট্য কর্মশালা শীর্ষক এখনি চিত্রনাট্য লিখা কৰ্মশালাৰ আয়োজন কৰিছে। পাচঁদিনীয়া এই কর্মশালাত চলচ্চিত্র নির্মাণৰ বাবে সুসংহত চিত্রনাট্য লিখাৰ বিভিন্ন দিশ আলোকপাত কৰা হ'ব। অসম সাহিত্য সভাৰ ৰাধা গোবিন্দ বৰুৱা প্ৰেক্ষাগৃহত প্রতিদিনে ৩ বজাৰ পৰা ৫ বালৈ কৰ্মশালাৰ মূল পাঠদানৰ কাৰ্যসূচীৰ পাছত কৰ্মশালাৰ লগত ৰজিতা খুৱাই একোখন চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুৰস্কৃত বিশিষ্ট আৰু প্রশংসিত চলচ্চিত্র পৰিচালক সকল সঞ্জীব সভাপণ্ডিত, হেমেন দাস, দীপ চৌধুৰী, শ্যাম বৰা, প্রদ্যুত কুমাৰ ডেকা, চলচ্চিত্র সমালোচক আৰু চলচ্চিত্র উৎসবৰ কনছালটেন্ট চন্দন শমইি কর্মশালা খনিত সমল ব্যক্তি হিচাবে থাকিব। ছাত্ৰ-ছাত্ৰী আৰু চলচ্চিত্র প্রেমী আগ্রহী ব্যক্তি সকলে gffshortfest@gmail.com মেইল পঠাই নাম পঞ্জীয়ণ কৰিব পাৰিব। ছাত্র-ছাত্রীৰ বাবে ৩০০ টকা আৰু আগ্রহী ব্যক্তিৰ বাবে ৫০০টকা পঞ্জীয়ণ মাচুল নিৰ্ধাৰণ কৰা হৈছে। মাচুল অনলাইন যোগে

গুৱাহাটী চিনে ক্লাব, এছ বি আই, একাউণ্ট নম্বৰ ৩২৬৮৮৮৩৮৩২৮ চেনিকুঠী শাখা,আই  এফ চি চি

এছ বি আই এন ০০০৭৯৭৬  (Gauhati Cine Club, SBI A/C No. 32688838328). Chenikuthi Branch, IFCC: SBIN0007976) জনা দিব পাৰিব। নতুবা ইচ্ছুক ব্যক্তিয়ে গুৱাহাটী চিনে ক্লাবৰ ভাৰত স্কাউট এণ্ড গাইড অফিচ, পাণবজাৰ ফ্লাই অভাবৰ বাছ উপত থকা কাৰ্য্যালয়লৈ আহি জনা দিব পাৰিব বুলি

গুৱাহাটী চিনে ক্লাবৰ  সম্পাদক মাধুৰিমা সেন বৰুৱাই অনুৰোধ জনাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here