W7s news গুৱাহাটী : ৰাজ্যৰ অগ্ৰণী অনা চৰকাৰী সংগঠন ফাউণ্ডেচন ফৰ চ'চিয়েল এণ্টাৰপ্ৰিনাৰ্ছশ্বিপ চমুকৈ এফ এছ ইয়ে বিগত বছৰৰ দৰে এইবেলিও দীপৰ বিলৰ কাষৰীয়া দেউছটাল প্ৰাথমিক বিদ্যালয়ত গ্ৰীষ্মকালীন বন্ধৰ লগত সংগতি ৰাখি বিদ্যালয়ত পহিলা জুলাইৰ পৰা ২৫ জুলাইলৈ ২৫ দিনীয়া এক বিনামূলীয়া পাঠদান কাৰ্যসূচী অনুষ্ঠিত কৰে ।পাঠদান কাৰ্যসূচীত প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈ অধ্যয়নৰত ২০ গৰাকী ছাত্ৰ - ছাত্ৰীয়ে ভাগ লয় । আনহাতে পাঠদান কাৰ্যসূচীত ছাত্ৰ - ছাত্ৰী সকলক শিক্ষাদান কৰে দুই শিক্ষিত মেধাবী ছাত্ৰী ক্ৰমে প্ৰিয়ংকা বড়ো আৰু প্রণীতা ৰংচালে । ইয়াৰ উপৰিও পাঠদান কাৰ্যসূচীৰ লগত সংগতি ৰাখি ছাত্ৰ - ছাত্ৰী সকলক শিক্ষামূলক ভ্ৰমণ হিচাপে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু গুৱাহাটীৰ তাৰকাগৃহলৈ লৈ যোৱা হয় । আনহাতে পাঠদান কাৰ্যসূচীৰ সামৰণি উপলক্ষে ২৫ জুলাইত দেউছটাল প্ৰাথমিক বিদ্যালয়ত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় । এই উপলক্ষে বিশিষ্ট সমাজকর্মী কেষ্টৰাম ৰংপীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে এফ এছ ইৰ অধ্যক্ষ বলেশ্বৰ ৰংপীয়ে আৰু উদ্দেশ্য ব্যাখ্যা কৰে সচিব বিপুল কলিতাই । সভাত বিনামূলীয়া পাঠদান কাৰ্যসূচীত শিক্ষাদান কৰা শিক্ষয়ত্ৰীদ্বয় প্ৰিয়ংকা বড়ো আৰু প্রণীতা ৰংচাল , পাঠদান কাৰ্যসূচীত বিভিন্ন ধৰণে সহযোগ কৰা দেউছটাল প্ৰাথমিক বিদ্যালয়ৰ প্রধান শিক্ষয়ত্ৰী ছানিয়াৰা খাতুন , সহকাৰী শিক্ষক জয়ন্ত কুমাৰ দাস , স্থানীয় সমাজকর্মী বিজয় বড়ো , সুশীল থাপা আৰু অশোক থাপাক ৰাজহুৱাভাবে সম্বৰ্ধনা জনোৱা হয় । সভাত কেবাজনো ছাত্ৰ - ছাত্ৰীয়ে বিনামূলীয়া পাঠদান আৰু শিক্ষামূলক ভ্ৰমণ সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰে ।
Post Top Ad
Responsive Ads Here
Tuesday 26 July 2022

দেউছটালত এফ এছ ইৰ বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ সামৰণি
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment