জালুকবাৰীৰ পৰা চানডুবি হব সৰ্বাধিক এক ঘণ্টাৰ বাট - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 26 July 2022

জালুকবাৰীৰ পৰা চানডুবি হব সৰ্বাধিক এক ঘণ্টাৰ বাট

 

পলাশবাৰী -  চানডুবি সংযোগী দুই লেনযুক্ত পথৰ নিৰ্মাণ কার্য ৯২ শতাংশ সম্পূৰ্ণ  ;   দুৰ্গা পূজাৰ পূৰ্বে মুকলিৰ সম্ভাৱনা 



Was news ষ্টাফৰিপোৰ্টাৰ:


জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ  প্ৰকৃতিৰ ৰম্যভূমি আৰু ৰাজ্যৰ অন্যতম হ্ৰদ   হিচাপেও  পৰিগণিত হৈ অহা  অসম - মেঘালয় সীমান্তৰ  চানডুবি এতিয়া আৰু দুৰ্গম হৈ থকা নাই । সকলো ঠিকে থাকে থাকিলে জালুকবাৰীৰ পৰা প্ৰায়  ৫৫  কিঃমিঃ দূৰত্বৰ  চানডুবি আগন্তক শাৰদীয় দুৰ্গা পূজাৰ সময়ৰে পৰা সৰ্বাধিক এক  ঘণ্টাৰ বাট হব ।  অথচ পূৰ্বতে এইখিনী পথ অতিক্ৰম কৰোতে প্ৰায় কমেও দুই ঘণ্টা  সময়ৰ প্ৰয়োজন হৈছিল । উল্লেখযোগ্য  অসম চৰকাৰৰ লোকনির্মাণ পথ বিভাগৰ  মিৰ্জাস্থিত দক্ষিণ কামৰূপ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অন্তৰ্গত  পলাশবাৰী উপ সংমণ্ডলৰ তদাৰকতাত  "অসমমালা"  আঁচনিৰ অধীনত বিগত ২০২১  বৰ্ষৰ  ২৪ ফেব্ৰুৱাৰীত  আধাৰশিলা স্থাপনৰে  পলাশবাৰীত ব্ৰহ্মপুত্ৰৰ ঘাটৰ  পৰা পলাশবাৰী , মিৰ্জা , বৰিহাট , লোহাৰঘাট , বৰদুৱাৰ  বাগানহৈ  চানডুবিৰ সমীপৰ মুদকীলৈ  নিৰ্মাণৰ শুভাৰম্ভ কৰা হৈছিল প্ৰায় ২৯ কিঃমিঃ দৈৰ্ঘ্যৰ এটা দুই লেনযুক্ত এটা পথ । তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে  লোকনির্মাণ বিভাগৰ মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ  উপস্থিতিত  ১৬৪.৫৫ কৌটি টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া পথছোৱাৰ আধাৰশিলা স্থাপন কৰিছিল  । এই সন্দৰ্ভত দক্ষিণ কামৰূপ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা কাৰ্তিক বিশ্বাসে জানিবলৈ দিয়া মতে  ৰাষ্ট্ৰীয় ঘাইপথৰ দৰে  সমপৰ্যায়ৰ মানদণ্ডৰে নিৰ্মাণ কৰি থকা পথছোৱাৰ ডেৰ বছৰ নৌহওতেওঁ  ৯২  শতাংশৰো অধিক নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিছে । বিভাগৰ ফালৰ পৰা ২০২৩   বৰ্ষৰ ফেব্ৰুৱাৰী মাহত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হলেও তাৰ প্ৰায় পাঁচ বা ছয়মাহ পূৰ্বে অৰ্থাৎ অহা অক্টোবৰ মাহত অনুষ্ঠিত হবলগীয়া  শাৰদীয় শ্ৰী শ্ৰীদুৰ্গা পূজাৰ আগতেই নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । আনহাতে  পথচোৱা  নিৰ্মাণৰ দায়িত্ব লাভ কৰা  ঠিকাদাৰ  অনিল দাসে  দৈনিক  প্ৰায় ৫০০ জন শ্ৰমিকৰ জৰিয়তে যুদ্ধকালীন তৎপৰতাৰে শেহতীয়া অত্যাধুনিক  প্ৰযুক্তিৰ নানান যন্ত্ৰপাতি , মেচিন , বাহন আদিৰে সমগ্ৰ পথছোৱাৰ ঠায়ে ঠায়ে প্ৰাককলন অনুসৰি নিৰ্ধাৰিত সময়ৰ পূৰ্বে যাতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয় তাৰ বাবে তৎপৰতা অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে পলাশবাৰীৰ পৰা মিৰ্জা হৈ চানডুবি সংযোগী পথৰ মুদকীলৈ নিৰ্মাণ কৰি থকা পথছোৱাৰ যিবিলাক স্থানত পদপথ সহিতে পানী পৰিবাহী নলা থাকিব তাত বহল হব ১৫ মিটাৰ । তেনেদৰে নলা - পদপথ নথকা স্থানত বহল হব ১৪ মিটাৰ । পূৰ্বতে  মাত্ৰ ৩.৭৫ মিটাৰ  বহলৰ একক লেনৰ পকীঅংশ সহ মুঠ বহল আছিল মাত্ৰ ৭.৫০ মিটাৰ ।  বিপৰীতে এতিয়া দুই লেনযুক্ত পথটোৰ বহল হব পূৰ্বৰ  দুগুণৰো অধিক হব  । পথটোত বৰদুৱাৰ চাহ বাগিচাৰ কলঘৰৰ সন্মুখত ৭৫ মিটাৰ দৈৰ্ঘ্যৰ এখন দলং নিৰ্মাণ কৰা হৈছে । যত তলেৰেও পূৰ্বৰ পথৰেও বাহন চলাচল কৰাৰ ব্যৱস্থা ৰখা হৈছে । সমগ্ৰ পথটোত ৭১ টা সৰু --বৰ পানী পৰিবাহী কালভাৰ্ট থাকিব ।  কাৰ্যবাহী অভিযন্তা কাৰ্তিক বিশ্বাসে জানিবলৈ দিয়া মতে পলাশবাৰী উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তাকে  ধৰি কেবাজনো  সহকাৰী অভিযন্তা , কনিষ্ঠ অভিযন্তা , শাখা সহায়ক আদিয়ে নিৰ্মাণকার্যৰ সময়ত নিৰন্তৰ পৰ্যবেক্ষণ কৰি আহিছে । পথচোৱাৰ  নিৰ্মাণকার্য সম্পূৰ্ণ হলে দক্ষিণ কামৰূপৰ পথ যাতায়তৰ ক্ষেত্ৰখনত এক নতুন যুগৰ সংযোজন হোৱাটো নিশ্চিত । কিয়নো দুই লেনযুক্ত পথচোৱাৰে যান বাহনৰ চলাচল আৰম্ভ হলে স্বাভাৱিকতে যথেষ্ট  সময় ৰাহি হব । অৱশ্যে  মুদকীৰ পৰা চানডুবিৰ পৰ্যটন ক্ষেত্ৰলৈ প্ৰায় ৬ কিঃমিঃ দৈৰ্ঘ্যৰ পথছোৱাৰ দুয়োফালে শাল , চেগুনকে ধৰি  কেবা হাজাৰ  মূল্যবান গছ গছনি থকা বাবে এই পৰ্যন্ত  বন বিভাগৰ  ফালৰ পৰা সেই অংশখিনীত  পথ নিৰ্মাণৰ বাবে সেউজ সংকেত  দিয়া হোৱা নাই ।  আনহাতে যিখিনী অংশত পথ নিৰ্মাণ  কৰি থকা হৈছে তাতো পথ যথেষ্ট বহল কৰিবলগীয়া হোৱা বাবে পথৰ দাঁতিত বহু মূল্যবান গছ-গছনি কাটিব লগীয়া হৈছে । যাৰ বাবে পৰিবেশ সংৰক্ষণৰ দিশটোৰ প্ৰতি  লক্ষ্য ৰাখি বিগত বৰ্ষৰ বাৰিষাৰ দৰে এইবেলিও বহাগ বিহুৰ পাছৰে পৰা  কৃষ্ণচুড়া , ৰাধাচুড়া , সোণাৰু , এজাৰ , মহানিমকে ধৰি বিভিন্ন থলুৱা প্ৰজাতিৰ আৰু  অঞ্চলটোৰ পাৰিপাৰ্শ্বিক জলবায়ুৰ লগত খাপখোৱা প্ৰায়  গছপুলি বিভাগৰ সকলো পৰ্যায়ৰ অভিযন্তা , কৰ্মচাৰী আৰু দায়িত্ববাহী ঠিকাদাৰ অনিল দাস আৰু তেওঁৰ  শ্ৰমিক - কৰ্মচাৰী সকলে  ৰোপণ কৰি আহিছে  ।  পথছোৱাত  দুৰ্ঘটনা সহজতে সংঘটিত নহবৰ বাবে ৰোড চেফটি আৰু সঠিক ৰোড ইঞ্জিনিয়াৰিংঙৰ দিশটোত গুৰুত্ব আৰোপ কৰা হৈছে  । সমান্তৰাল ভাৱে পথচোৱা যাতে নিশাৰ ভাগত পোহৰেৰে আলোকিত হৈ থাকে তাৰ বাবে ৫০ মিটাৰ দূৰত্বৰ মূৰে মূৰে স্বয়ংক্ৰিয় সৌৰশক্তি চালিত স্ট্ৰীট লাইট স্থাপন কৰা  হৈছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here