জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ চিকিৎসাধীন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 20 July 2022

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ চিকিৎসাধীন

 


W7s news ষ্টাফৰিপোৰ্টাৰ : মূৰত আঘাতপ্ৰাপ্ত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক এয়াৰ এম্বূলেন্সেৰে আনি গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হৈছে।শিল্পী জুবিন গাৰ্গৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ যদিও স্নানাগাৰত পৰি মূৰত আঘাত পোৱা বাবে উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটীলৈ অনা হৈছে। ডিব্ৰুগড়ৰ মোহনবাৰী স্থিত ৰিজৰ্টত থকা সময়ত শিল্পী জুবিন গাৰ্গে মঙলবাৰে সন্ধিয়া স্নানাগাৰলৈ যোৱাৰ সময়ত পিছলি পৰি মূৰত আঘাত পায়। বুধবাৰে পুৱাৰ ভাগত শিল্পী জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক ডিব্ৰুগড়ৰ পল্টনবজাৰস্থিত সঞ্জীৱনী ডায়েগ্ন'ষ্টিক এণ্ড হাস্পতালত ভৰ্তি কৰোৱা হয়।সঞ্জীৱনী হাস্পতালৰ আই চি ইউত বুধবাৰে পুৱাৰ পৰা বিয়লি ৩ বজালৈ তেওঁৰ চিকিৎসা কৰা হয়। হাস্পতাখনৰ জ্যেষ্ঠ চিকিৎসক  ডাঃ সুধাকৰ  চৌবেৰ নেতৃত্বত এটা চিকিৎসকৰ দলে শিল্পীজনৰ মূৰত ৫টা চিলাই কৰাৰ অন্তত দিনৰ ভাগৰ পৰা ক্ৰমশঃ সুস্থিৰ লাভ কৰে যদিও  তেওঁৰ দেহত ছ'ডিয়ামৰ পৰিমাণ হ্ৰাস পোৱাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ ক্ৰমে তেওঁক উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেন্সেৰে গুৱাহাটীলৈ অনা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই  জুবিন গাৰ্গৰ চিকিৎসাৰ বাবে  যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে  শিল্পী জুবিন গাৰ্গক চিকিৎসা সেৱা প্ৰদান সম্বন্ধীয় সমগ্ৰ প্ৰক্ৰিয়া চোৱাচিতা কৰিবলৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক নিৰ্দেশ দিয়ে ৷ তাৰ পাছত ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালৰ পৰা তেওঁক ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰলৈ অনাৰ পাছতে এয়াৰ এম্বুলেন্সৰে গুৱাহাটীলৈ অনা হৈছিল। গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰৰ পৰা এম্বুলেন্সেৰে আনি জুবিন গাৰ্গক গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা হাস্পতালত সন্ধিয়া ৬:১০ বজাত আয়ুৰসুন্দৰা হাস্পতালত ভৰ্তি কৰা হয়। আনহাতে হাস্পতাল কৰ্তৃপক্ষই জনোৱা অনুসৰি জুবিন গাৰ্গৰ স্বাস্থ্য যদিও চিন্তা কৰিব লগীয়া কিন্তু ভয় খোৱাৰ কথা নাই। তেওঁ সুস্থিৰ অবস্থাত আছে।  তেওঁক আই চি ইউ ত ৰখাৰ প্ৰয়োজন নাই। বৃহস্পতিবাৰে তেওঁৰ ই চি জি কৰা হ'ব। ৰাজ্যৰ বাহিৰৰ কোনো চিকিৎসকৰ সহায় লোৱাৰ প্ৰয়োজন নাই যদিও প্ৰয়োজন হলে লোৱা হ'ব। বৰ্তমান পৰীক্ষা- নিৰীক্ষা কৰি থকা হৈছে। তাৰ পাছতে তেওঁক অকলে জিৰণি লবলৈ দিয়া হয়। জিৰাণিৰ প্ৰয়োজন আছে, উচ্চ ৰক্তচাপ আৰু হৃদ স্পন্দন বেছি হৈ থকা বুলি জানিব পৰা গৈছে। শিল্পী জুবিন গাৰ্গৰ স্বাস্থ্যৰ কেইবাটাও পৰীক্ষা কৰা হয়। বৃহস্পতিবাৰে পুৱাৰ ভিতৰত বৰ্তমানত কৈ অধিক সুস্থিৰ হৈ উঠিব বুলি জানিব পৰা গৈছে। আনহাতে শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে স্বামীৰ আকস্মিক দুৰ্ঘটনাক লৈ চিন্তিত হৈ পৰে যদিও চিকিৎসক পৰা তেওঁৰ সুস্থিৰতাৰ খবৰ লাভ কৰি কিছু সকাহ লাভ কৰে। চিটি স্কেন আৰু এম আৰ আই, ইক কৰা হব। ই চি জি কৰা হ'ব পিছল খাই পৰিছিল নে, মুৰ ঘূৰাই পৰিছিল সেয়া চিন্তনীয়। পৰীক্ষাবোৰৰ পিছত গম পোৱা যাব। জুবিন গাৰ্গক চিকিৎসা প্ৰদান কৰিবলগীয়া অভিজ্ঞ চিকিৎসকৰ দলটোত আছে নিউৰলজিষ্ট ডাঃ দিপজ্যোতি পায়েং, ডাঃ চিন্দ্ৰজিত সিং, মেডিচিন বিভাগৰ ডাঃ পাৰ্থ প্ৰতিম কলিতা, ক্ৰিটিকেল কেয়াৰ বিশেষজ্ঞ ডাঃ বন্দনা সিন হা, হৃদৰোগ বিশেষজ্ঞ মৃদুল মহন্ত। জুবিন গাৰ্গক হাস্পতাল খনৰ চতুৰ্থ মহলাৰ ১৫৩৯ নম্বৰ কেবিনত ৰখা হৈছে। তেওঁক  পাতল নিৰামিষ আহাৰ খাবলৈ দিয়া হৈছে।  ডাইটিচিয়ানৰ মতে দিয়া হৈছে নিৰামিষ আহাৰ। জুবিন গাৰ্গৰ সৈতে ফোনত কথা পাতি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্যৰ বুজ লয়। সম্প্ৰতি শিল্পী জনক জৰণিৰ প্ৰয়োজন সেয়ে অনুৰাগী সকলক ঘৰতে থাকি শিল্পীজনৰ আশু আৰোগ্য কামনা কৰিবলৈ হাস্পতাল কৰ্তৃপক্ষই অনুৰোধ জনাইছে। জুবিন গাৰ্গ অসুস্থ হৈ পৰা বাতৰি প্ৰচাৰ হোৱাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি তেওঁৰ অনুৰাগী, শুভাকাংক্ষী সকল উদ্নিগ্ন হৈ পৰে। ইফালে গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা হাস্পতালত প্রিয় শিল্পীজনৰ আশু আৰোগ্য কামনা কৰি বুধবাৰে সন্ধিয়া বহু সংখ্যক অনুৰাগীয়ে ভিৰ কৰে। ইফালে সামাজিক মাধ্যম যোগেও জুবিন গাৰ্গৰ অসংখ্য অনুৰাগীয়ে তেওঁৰ সু-স্বাস্থ্য আৰু আশু আৰোগ্য  কামনা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here