কলাক্ষেত্ৰত গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ শিশু নাট্য মেলা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 20 July 2022

কলাক্ষেত্ৰত গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ শিশু নাট্য মেলা

 






W7s news গুৱাহাটী: গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ উদ্যোগত  আৰু বিষ্ণু নিৰ্মলা ন্যাসৰ সহযোগত উজান বজাৰস্থিত বিষ্ণু নিৰ্মলা ভৱনত যোৱা ২জুলাইৰ পৰা আৰম্ভ হোৱা  শিশু নাট  কৰ্মশালাৰ কাইলৈ সামৰণি পৰিব৷ এই উপলক্ষে গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ উদ্যোগত শ্ৰীমন্তশঙ্কৰদেৱৰ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ২০আৰু ২১জুলাইত প্ৰতিদিনে  সন্ধিয়া ৬.৩০বজাৰ পৰা দুদিনীয়াকৈ আয়োজন কৰা হয় "শিশু নাট্যমেলা "৷

উল্লেখ্য, ২০দিনীয়াকৈ অনুষ্ঠিত হোৱা  এই শিশু নাট  কৰ্মশালাখনৰ মূল বিষয় আছিল  "দেশৰ লগতে  অসমৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ সকলৰ ত্যাগ,ভূমিকা আৰু অৱদান"৷কৰ্মশালাখনৰ মুখ্য প্ৰশিক্ষক হিচাপে   নাট্যকাৰ-পৰিচালক -অভিনেতা মাণিক ৰয়ৰ লগতে প্ৰশিক্ষক হিচাপে আছিল নিলোৎপল মোহন৷ এই কৰ্মশালাত অংশগ্ৰহণ কৰা  প্ৰশিক্ষাৰ্থী সকলক প্ৰমাণপত্ৰ দিয়াৰ লগতে  কৰ্মশালাৰ অন্তত অংশগ্ৰহণ কৰা শিশুসকলে ২০জুলাইৰ সন্ধিয়া মঞ্চস্থ কৰে "৪৩ ৰ শেষৰজন শ্বহীদ"(মেণ্টৰ-শোভাংগী কেওঁট), "কিতাপৰ সৌন্দৰ্য"(মেণ্টৰ-শশাংক দাস) আৰু মূল হিন্দী গল্পৰ আধাৰত লুইত বৰুৱাৰ নাট্যৰূপ আৰু পৰিচালনাত "ওলট-পালট" শীৰ্ষক চুটি নাট তিনিখন৷আনহাতে ২১ জুলাইৰ সন্ধিয়া শিশুসকলে  "অসমীয়া ভাষাৰ সাধক"(মেণ্টৰ-নিশাংকীতা শৰ্মা), "সাজি সাজি শিকোঁ আহা"(মেণ্টৰ-হাছান শ্বাহনৱাজ ইছলাম)আৰু শোভেশ্বৰ দাসৰ ৰচনা, ৰুণুমী দেৱীৰ  পৰিচালনা-পৰিকল্পনা তথা অঞ্জন ভূঞাৰ সহযোগী -পৰিচালনাত  "স্মাৰ্ট চিটি" শীৰ্ষক তিনিখনকৈ চুটি নাট  পৰিৱেশন কৰিব৷

উল্লেখযোগ্য যে এই শিশু নাট্য মেলাৰ "স্মাৰ্ট চিটি" নামৰ নাটখন মঞ্চস্থ কৰাত নতুন দিল্লীৰ সংগীত নাটক অকাডেমীয়ে গুৱাহাটী শিশু নাট্য বিদ্যালয়ক সহযোগিতা আগবঢ়াইছে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here