অসমৰ প্ৰায় সকলো চাহ বাগিচাত ফেক্টৰী এক্ট উলংঘন চৰকাৰ নীৰব দৰ্শক- এ আই টি ইউ চি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 22 July 2022

অসমৰ প্ৰায় সকলো চাহ বাগিচাত ফেক্টৰী এক্ট উলংঘন চৰকাৰ নীৰব দৰ্শক- এ আই টি ইউ চি

 


W7s news গুৱাহাটী:ডিব্ৰুগড় জিলাৰ লেপেটকটাত অৱস্থিত লক্ষী চাহ কোম্পানীৰ কাৰখানাত ২৪ বছৰীয়া শ্রমিক মইনা নায়কৰ গুৰুতৰ দুৰ্ঘটনা একমাত্র বাগান কর্তৃপক্ষৰ চৰম দায়িত্বহীনতা আৰু ফেক্টৰী আইনখন উলংঘনৰ ফলত হৈছে। এ আই টি ইউ চিৰ অসম ৰাজ্যিক কমিটিৰ সাধাৰণ সম্পাদক ৰমেন দাসে কয় -যোৱা ১৯ জুলাইত কৰ্তব্যৰত অৱস্থাত দুৰ্ঘটনাত পতিত মইনা নায়কৰ সেই দৃশ্য অত্যন্ত মর্মান্তিক আৰু হৃদয়বিদাৰক আছিল । দুৰ্ঘটনাৰ পিছত বাগান কর্তৃপক্ষই ডিব্ৰুগড় মেডিকেল কলেজলৈ পঠালে যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাব বাবে গুৱাহাটী মেডিকেল কলেজলৈ স্থানান্তৰ কৰা হ'ল। পৰিতাপৰ কথা হ'ল গুৰুতভাৱে মূৰত আঘাতপ্রাপ্ত ৰোগীজনক সাধারণ এখন এম্বুলেঞ্চত য'ত জৰুৰী চিকিৎসা সেৱা বা ডাক্তৰ অবিহনে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ পঠোৱা হ'ল। বাগান কর্তৃপক্ষই কোনোধৰণৰ খা-খবৰ নকৰিলে।আচৰিত হ'ব লগা কথা আজি আমাৰ ৰাজ্যখনত চাহ জনগোষ্ঠীৰ প্ৰতিনিধিত্ব কৰা সাংসদ, এম এল এ, মন্ত্রীব অভাৱ নাই। তৎসত্ত্বেও ৰাজ্যখনৰ চাহ বাগিচাবোৰত আজিলৈকে ফেক্টৰী আইনখন পালন কৰাৰ কাৰণে বাগিচা কৰ্তৃপক্ষক বাধ্য কৰাব পৰা নাই। প্ৰায় সকলো চাহ বাহিচাৰ ফেক্টৰীত অৰ্হতাবিহীন অস্থায়ী শ্রমিকৰ দ্বাৰা পৰিচালিত হৈ আছে। ফলস্বৰূপে মইনা নায়কৰ দৰে নিৰ্মম দুৰ্ঘটনা সংঘটিত হৈছে। এই ধৰণৰ ঘটনা প্ৰায় হৈ আছে, কি ৰহস্যত আমাৰ চৰকাৰ তথা চাহ জনগোষ্ঠী প্রতিনিধিত্ব কৰা নেতা-মন্ত্ৰীসকল নীৰব দৰ্শকৰ ভূমিকা পালন কৰি আছে আমি বুজিব পৰা নাই। এয়াব এম্বুলেঞ্চৰ কথা আমি সদায় শুনিবলৈ পাওঁ, কিন্তু দুর্ঘটনাগ্রস্ত সংকটপূৰ্ণ অৱস্থাত এজন শ্রমিকে এই সুবিধাখিনি পোৱাৰ যোগ্য নহয় নেকি ?

এ আই টি ইউ চিৰ অসম ৰাজ্য পৰিষদে এই আইন উলংঘনৰ উচিৎ তদন্ত, উলংঘনকাৰীক কঠোৰ শাস্তি, ফেক্টৰীত কাম কৰি থকা সকলো শ্রমিকক স্থায়ীকৰণ তথা প্ৰশিক্ষণ, মইনা নায়কৰ চিকিৎসাৰ সম্পূৰ্ণ খৰচ তথা উপযুক্ত ক্ষতিপূরণ দিয়াৰ দাবী অসম চৰকাৰৰ ওচৰত জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here