চানমাৰিৰ উৰণ সেতু নিৰ্মাণৰ অভিযন্তা অজিত কুমাৰ চৌধুৰীৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 16 July 2022

চানমাৰিৰ উৰণ সেতু নিৰ্মাণৰ অভিযন্তা অজিত কুমাৰ চৌধুৰীৰ মৃত্যু

 


W7s news গুৱাহাটী:  ৰাজ্য চৰকাৰৰ পূৰ্বৰ গড়কাপ্তানি বিভাগৰ অৱসৰপ্ৰাপ্ত সচিব অজিত কুমাৰ চৌধুৰীৰ  ৯০ বছৰ বয়সত কালি নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়৷তেওঁ মৃত্যুৰ সময়ত পত্নী, পুত্ৰ,বোৱাৰী ,কন্যা নাতিৰ লগতে অসংখ্য আত্মীয়ক ইহসংসাৰত এৰি থৈ যায়৷চৌধুৰী গুৱাহাটীৰ চানমাৰিৰ  উৰণ সে


তু নিৰ্মাণৰ অন্যতম অভিযন্তা আছিল৷উল্লেখ্য, অজিত কুমাৰ চৌধুৰীৰ ১৯৩৩ চনৰ ১৭ জুনত বজালী জিলাৰ সৰুপেটাত জন্ম হৈছিল৷ সৰুপেটাৰ শৈক্ষিক আৰু বহু সামাজিক প্ৰতিষ্ঠান গঢ় দিয়া মুক্তিযোদ্ধা সোণাৰাম চৌধুৰী আৰু শুকেশীবালা চৌধুৰীৰ তৃতীয় সন্তান অজিত কুমাৰ চৌধুৰীয়ে প্ৰথমিক শিক্ষা সৰুপেটাতে আৰম্ভ কৰিছিল৷তেওঁ সেই সময়ত অসমৰ ভিতৰত একাদশ স্থান লাভ কৰি মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল৷ চৌধুৰীয়ে কটন মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে আই এছ চি পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈ ১৯৫২ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰত নামভৰ্ত্তি কৰিছিল৷ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ পৰা স্বৰ্ণপদক সহ উত্তীৰ্ণ হৈ চৌধুৰীয়ে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল৷মেধাবী ছাত্ৰ অজিত কুমাৰ চৌধুৰীক অসম চৰকাৰে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ ফলাফল  ওলোৱাৰ আগতেই সহকাৰী অভিযন্তা চাকৰিৰ পদত নিযুক্তি দিছিল৷যাতে মেধাবী ছাত্ৰ চৌধুৰীক আন প্ৰদেশে নিযুক্তি দি লৈ নাযায়৷ তেওঁ উত্তৰ লখিমপুৰ, গোৱালপাৰা, শ্বিলং আদি বিভিন্ন ঠাইত দক্ষতাৰে কাম কৰিছিল৷ অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ মুখ্য অভিযন্তা পদত থকাৰ সময়ত  ৰাজ্য চৰকাৰে তেওঁক সন্মানো জনাইছিল৷১৯৯৩ চনত তেওঁ গড়কাপ্তানি বিভাগৰ সচিব হিচাপে অৱসৰ গ্ৰহণ কৰে৷ মনকৰিবলগীয়া যে চানমাৰিৰ উৰণ  সেঁতু নিৰ্মাণৰ অন্যতম অভিযন্তা আছিল অজিত কুমাৰ চৌধুৰী৷অসমৰ ভিতৰতেই  নিৰ্মাণৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰা ১৯৮৫ চনৰ চানমাৰিৰ উৰণ  সেঁতুৰ বাবে চৌধুৰীয়ে আন সহকাৰী বিষয়াৰ লগত মাটি অধিগ্ৰহণ কৰাকে ধৰি সকলো কামৰ অন্যতম ভূমিকা গ্ৰহণ কৰিছিল৷ তেওঁ গুৱাহাটীৰ নাৰেংগী উৰণ সেঁতু নিৰ্মাণ আৰু ভি আই পি ৰোডৰ বাবে মাটি অধিগ্ৰহণ আদি বিভিন্ন পথৰ অন্যতম আঁৰৰ ব্যক্তি আছিল৷চৌধুৰীয়ে  আধুনিক গুৱাহাটীৰ ‘ মাষ্টাৰ প্লেন’ ৰ কামতো জড়িত আছিল৷ অসমৰ বহু ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণত কেন্দ্ৰীয় চৰকাৰক সহায় কৰিছিল৷মনকৰিবলগীয়া যে অজিত কুমাৰ চৌধুৰীৰ মূল ঘৰ সৰুপেটাত যদিও তেওঁ নিগাজীকৈ গুৱাহাটীৰ দিছপুৰৰ সৰুমটৰীয়াত বাস কৰিছিল৷তেওঁৰ পুত্ৰ ডঃ অমিত চৌধুৰী ইউ এছ টি এমৰ ডীন হিচাপে কৰ্মৰত হৈ আছে |  প্ৰথমা কন্যা পাপৰি চৌধুৰী বৰ্মন উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মহিলা কমাৰ্চিয়েল পাইলট আৰু কনিষ্ঠা কন্যা ডঃ দীপশিখা শুক্লা আমেৰিকাৰ ৰকফোৰ্ড বিশ্ববিদ্যালয়ৰ ডীন হিচাপি কাম কৰি আছে৷ পত্নী  বিভা চৌধুৰী অসমীয়া ছবিত অভিনয় কৰা এগৰাকী সাংস্কৃতিক  তথা সামাজিক কৰ্মী আৰু চৌধুৰীৰ বোৱাৰী ডঃ ডেইজী নাথ চৌধুৰী এগৰকী শিক্ষাবিদ৷ বেনাৰস বিশ্ববিদ্যলয়ত পঢ়ি থকাৰ সময়তে বিভিন্ন শিক্ষানুষ্ঠানলৈ গৈ শিক্ষাৰ্থীত পাঠদান কৰাৰ লগতে বিভিন্ন সামাজিক কামত জড়িত অজিত কুমাৰ চৌধুৰীৰ মৃত্যুৰ বাতৰি পাই আজি অসংখ্য লোকে তেওঁৰ গুৱাহাটীৰ সৰুমটৰীয়াৰ ঘৰলৈ গৈ শোক প্ৰকাশ কৰিছে৷কন্যা আমেৰিকাৰ পৰা আহি পোৱাৰ পাছত ১৮ জুলাইত তেওঁৰ পাৰ্থিৱ শৰীৰ নৱগ্ৰহ শ্মশানত সৎকাৰ কৰা হ’ব৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here