বামপন্থী দলসমূহৰ দাবী বর্ষাশ্রী বুঢ়াগোঁহাইক শীঘ্ৰে মুক্তি দিয়া - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 16 July 2022

বামপন্থী দলসমূহৰ দাবী বর্ষাশ্রী বুঢ়াগোঁহাইক শীঘ্ৰে মুক্তি দিয়া


 



W7s news গুৱাহাটী: বর্ষাশ্রী বুঢ়াগোঁহাইৰ মুক্তিৰ দাবীত সমগ্ৰ অসমৰ গণতন্ত্রপ্রেমী ৰাইজ সৰৱ হৈ উঠিছে আৰু সেই দাবীৰ প্ৰতি বামপন্থী দল চিপিআই, চিপিআই (এম), চিপিআই (এম-এল)য়ে পূর্ণ সমর্থন জনাইছে। লগতে সকলো আইনী বাধা আঁতৰাই শীঘ্ৰে বৰ্ষাশ্রীক মুক্তি দিবলৈ দাবী জনাইছে। এই সন্দৰ্ভত শনিবাৰে গুৱাহাটীৰ ৰাজগড়স্থিত চি পি আইৰ ৰাজ্যিক কাৰ্যালয়ত বামপন্থী দল সমূহৰ যৌথ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত চি পি আই (এম এল ) দলৰ নেতা বিকেক দাসে কয়-বৰ্ষাশ্ৰীৰ গ্ৰেপ্তাৰ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য তেনেই টুলুঙা আৰু সংগতিবিহীন। এজাহাৰত স্পষ্টভাৱে উল্লেখ আছে যে কবিতাটোৰ দুটা শাৰীৰ বাবে বৰ্ষাশ্ৰীৰ ওপৰত বেআইনী কার্যকলাপ প্ৰতিৰোধ আইন (ইউ এপিএ)ৰ ধাৰা জাপি দিয়া হৈছে আৰু মুখ্যমন্ত্ৰী, সঞ্চালক প্রধানে কৈছে যে আলফাত যোগদান কৰিব বুলি কোৱাৰ কাৰণে গ্ৰেপ্তাৰ কৰা হৈছে। বর্ষাশ্রীয়ে আলফাত যোগদান কৰিব বুলি কোৱাটো আৰক্ষীৰহে ভাষ্য। অভিযুক্তই কৈছে নে নাই তাক আদালতহে প্ৰমাণ কৰিব । আমি ভাবো আলফাৰ প্ৰতি যদি যুৱ চাম আকৰ্ষিত হৈছে তেন্তে তাৰ বাবে ৰাষ্ট্ৰ পৰিচালনা কৰা ৰাজনীতিজ্ঞসকলহে দায়ী। অসমলৈ শান্তি ঘূৰি আহিছে বুলি চৰকাৰে ঢোল বজাই আছে কিন্তু অসমত যুৱ প্ৰজন্মৰ মাজত চাকৰি নাই, বানপানীৰ সঠিক সাহাৰ্য দিব পৰা নাই। চৰকাৰে কোনো পদক্ষেপ ল'ব নোৱাৰিলে বিক্ষোভ হ'বই। অসমত অশান্তিজনক পৰিবেশনৰ সৃষ্টি হ'ব।  এনেদৰে দুমাহ ধৰি ১৮ বছৰীয়া যুৱতী, ছাত্রী বর্ষাশ্রীক জেলত সোমোৱাই থোৱা কাৰ্য সম্পূর্ণ অবিবেচক, চৰম অমানৱীয়, অন্যায় আৰু গণতন্ত্ৰৰ পৰিপন্থী। এয়া সংবিধানপ্রদত্ত নাগৰিকৰ বাক স্বাধীনতাত চৰকাৰখনে নমোৱা আক্ৰমণৰ নগ্ন প্ৰকাশৰ বাহিৰে আন একো নহয়। অসম ৰাজ্যখনক গণতন্ত্ৰৰ বধ্যভূমিত পৰিণত কৰি পুলিচৰাজ প্রতিষ্ঠা কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ আমি বাঁওপন্থী দলকেইটাই তীব্ৰ বিৰোধিতা কৰিছো আৰু অসমৰ ৰাইজক পুলিচৰাজৰ বিৰুদ্ধে ঐক্যৱদ্ধ হ'বলৈ আহবান জনাইছো।

আমি লগতে ডিব্ৰুগড়ৰ বিনীত বাগাৰিয়াৰ আত্মহত্যাৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী কৰিছো আৰু বিনীত বাগাৰিয়াৰ আত্মহত্যাৰ ঘটনাৰ এজাহাৰৰ তদন্তত অপৰাধমূলক গাফিলতি কৰা আৰু আইনৰ ৰক্ষক হৈ ডিব্ৰুগড় জিলা অধীক্ষক গৰাকীয়ে অভিযুক্ত বৈদুলা খানৰ বাসগৃহ বুলড্ৰেজাৰে ধ্বংস কৰা বেআইনী কাৰ্যক কঠোৰ ভাষাৰে প্ৰতিবাদ জনাইছো আৰু আৰক্ষী অধীক্ষকজনক নিলম্বিত কৰিবলৈ দাবী জনাইছো।'

সংবাদ মেলত চি পি আই দলৰ নেতা বাবুল চৌধুৰীয়ে কয়-চৰকাৰে এতিয়া ফেচিষ্টৰূপ লৈছে। চৰকাৰে গণতন্ত্ৰ বিৰোধী কাম কৰিছে। এয়া স্বৈৰতন্ত্ৰ। ১৮ বছৰীয়া ছাত্ৰী বর্ষাশ্ৰীক মানসিকভাৱে যন্ত্ৰণা দিয়া হৈছে। আমি বর্ষাশ্ৰী বুঢ়াগোঁহাইক বিনা চৰ্তে শীঘ্ৰে মুক্তি দিয়াৰ বাবে দাবী জনালোঁ।' সংবাদ মেলত চিপিআই দলৰ নেতা চক্ৰেশ্বৰ কলিতা, চিপিআই (এম-এল)দলৰ নেতা পংকজ কুমাৰ দাসে বক্তব্য আগবঢ়ায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here