'নৃত্য ভূৱনম্' শীৰ্ষক সত্ৰীয়া নৃত্য তথা সংগীতৰ অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 16 July 2022

'নৃত্য ভূৱনম্' শীৰ্ষক সত্ৰীয়া নৃত্য তথা সংগীতৰ অনুষ্ঠান






 W7s news গুৱাহাটী: গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ প্ৰেক্ষাগৃহত শনিবাৰে 'নৃত্য ভূৱনম্' শীৰ্ষক সত্ৰীয়া নৃত্য তথা সংগীতৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানটোত কৃষ্ণাক্ষী কাশ্যপ আৰু তেওঁৰ দলে সত্ৰীয়া নৃত্য প্ৰদৰ্শণ কৰে।অনুষ্ঠানত কৃষ্ণাক্ষী কাশ্যপে নৃত্যাচার্য যতীন গোস্বামীৰ নৃত্য সংৰচনাৰে দুটা একক নৃত্য পৰিৱেশন কৰে।

 ইয়াৰ পাছতেই খোলবাদন পৰিৱেশন কৰে বিশিষ্ট খোলবাদক তথা সঙ্গীতজ্ঞ  ভাস্কৰ জ্যোতি ওজাই।

অনুষ্ঠানটোৰ সামৰণি পৰে সত্ৰীয়া শৈলীৰ নৃত্যনাটিকা ‘প্রকৃতি’- এ ছাগা অৱ মাদাৰ আৰ্থ ৰ পৰিৱেশনেৰে। কৃষ্ণাক্ষী কাশ্যপৰ সংকল্পনা তথা নৃত্য সংৰচনাৰ এই নৃত্যনাটিকাখনি প্ৰকৃতিৰ পৰিৱেশ তথা শোষণৰ জ্বলন্ত সমস্যাক কেন্দ্ৰকৰি আৱৰ্তিত হৈছে । নৃত্যনাটিকাখনৰ অন্যান্য শিল্পীসকল হ'ল ক্ৰমে সুৰশ্মা দেউৰী, কল্যাণী বৰুৱা, তুলিকা ৰাজবংশী, ৰিমলী দাস আৰু বনশ্রী ৰাজবংশী।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here