গুৱাহাটী প্রেছ ক্লাৱত গ্ৰন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 5 July 2022

গুৱাহাটী প্রেছ ক্লাৱত গ্ৰন্থ উন্মোচন

 





W7s news গুৱাহাটী: গুৱাহাটী প্ৰেছ ক্লাৱত মঙলবাৰে কবি দীপিকা বৰুৱাৰ 'এবুকু পানীত ৰং গুলপীয়া' শীর্ষক কাব্য সংকলন এখন উন্মোচন কৰা হয়। বিশিষ্ট কবি, সাংস্কৃতিক কর্মী প্ৰমোদ কুমাৰ দত্তই গ্ৰন্থখন উন্মোচন কৰি কয়- কবি দিপীকা বৰুৱাই  এই কাব‍্য সংকলনখনত প্ৰায় ৬০ টা কবিতা সন্নিবিষ্ট কৰিছে। তেওঁ কবিতা নহয় এমুঠি ভাৱনা প্ৰকাশ কৰিছে। কাব‍্য সংকলনখনত কবি, শিল্পী ধ্ৰুৱজোতি দাসে এটা সুন্দৰ লেখা সন্নিবিষ্ট কৰিছে। তেওঁৰ  প্ৰেম, প্ৰকৃতি আৰু ঋতু সমূহৰ সৈতে সুন্দৰ সম্পৰ্ক আছে। জটিল শব্দ তেওঁ ব্যৱহাৰ কৰা নাই কাব্য গ্ৰন্থখনত। তেওঁৰ প্ৰচেষ্টা প্ৰশংসণীয়। কিতাপ প্ৰকাশৰ সংখ্যা বাঢ়িছে কিন্তু লেখকৰ এটা নিৰ্ধাৰিত গ্ৰন্থ পঞ্জী থকা দৰকাৰ। নিজাববীয়াকৈ বহুত মূল্যবান গ্ৰন্থ প্ৰকাশ হৈ আছে। অসম প্রকাশন পৰিষদে সেই গ্ৰন্থ সমূহৰ পঞ্জী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগে। গ্ৰন্থৰো ৰুচিবোধ থাকিব লাগে।  লেখকৰ সংখ্যা বৃদ্ধি হোৱা শুভলক্ষণ। কবিতা মানুহে পঢ়ে। সাম্প্ৰতিক সময়ত

অসমীয়া গোন্ধ, মাদকতা হেৰুৱাই যাব যেন লাগে। কবিতা মানুহৰ জীৱনৰ গান। কবিতাই বিশ্বজনীনতা আনিব লাগিব। কবিতাৰ সাহিত্য, সংস্কৃতিৰ 

মাটিৰ লগত সম্পৰ্ক আছে। অসমীয়া সাহিত্যত এতিয়া পাঠকৰ প্ৰয়োজন হৈছে।' এটা সঠিক আদর্শ নাথাকিলে আমি কোন ফালে আঁতৰি যাম সেয়া চিন্তাৰ বিষয়। এই কাব্য সংকলনখন আশাৰ প্ৰতীক হৈ ৰ'ব বুলি আশা কৰিলোঁ।'এই উপলক্ষে অনুষ্ঠিত সভাখন

সঞ্চলনা কৰে জ্যেষ্ঠ সাংবাদিক নৰেন হাজৰিকাই।

সভাত অভিনেতা, নাট্যকাৰ, পৰিচালক প্ৰভাত গোস্বামী,জ্যেষ্ঠ সাংবাদিক, লেখক দিগন্ত কুমাৰ নাথ, বিশিষ্ট লেখক ড০ ৰোমান শৰ্মা,লেখক, অনুবাদক গিৰিন্দ্ৰ শইকীয়া লেখক, চিত্ৰশিল্পী ধ্ৰুৱজোতি দাস উপস্থিত থাকে। অভিনেতা, নাট্যকর্মী দিলীপ বৰুৱাই আঁত ধৰা সভাখনত কবি দীপিকা বৰুৱাই আদৰণি ভাষণ দিয়ে। সভাত  বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here