এচবিআই জেনেৰেল ইঞ্চুৰেঞ্চে আজাদী কা অমৃত মহোৎসৱৰ অধীনত ইয়াৰ তৃতীয় শষ্য বীমা সজাগতা সপ্তাহ অভিযানৰ ঘোষণা কৰিছে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 5 July 2022

এচবিআই জেনেৰেল ইঞ্চুৰেঞ্চে আজাদী কা অমৃত মহোৎসৱৰ অধীনত ইয়াৰ তৃতীয় শষ্য বীমা সজাগতা সপ্তাহ অভিযানৰ ঘোষণা কৰিছে

 

~পাঁচখন ৰাজ্যৰ কৃষকসকলৰ সমৰ্থনত বিশেষ সজাগতা অভিযান আৰম্ভ ~



W7s news মুম্বাই:  ভাৰতৰ এক আগশাৰীৰ সাধাৰণ বীমা কোম্পানী এচবিআই জেনেৰেলে ইয়াৰ তৃতীয় “শষ্য বীমা সপ্তাহ” সজাগতা অভিযান আৰম্ভ কৰিছে।কোম্পানীটোৱে আজাদী কা অমৃত মহোৎসৱৰ সমৰ্থনত কৃষকসকলৰ বাবে বিভিন্ন কাৰ্য্যসূচী, কৰ্ম্মশালা আৰু প্ৰশিক্ষণ কাৰ্য্যসূচী গ্ৰহণ কৰিব। এচবিআই জেনেৰেলে দেশখনৰ ৰাজস্থান, কৰ্নাটক, হিমাচলপ্ৰদেশ, উত্তৰাখণ্ড আৰু অসম ত বিভিন্ন সজাগতা কাৰ্য্যসূচী গ্ৰহণ কৰিব।

প্ৰতিখন ৰাজ্যৰ গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতিত সজাগতা সপ্তাহৰ আৰম্ভণি কৰা হব আৰু লগতে শিক্ষা, তথ্য আৰু যোগাযোগ (আইইচি) ভান সমূহো উদ্বোধন কৰা হব। জেনেৰেল ইঞ্চুৰেঞ্চৰ তৰফৰ পৰা বীমা সজাগতা সপ্তাহৰ সময়ছোৱাত শিক্ষা আৰু সহায়ৰ হাত আগবঢ়োৱাৰ লগতে সকলোবোৰ আঁচনিৰ বৈশিষ্ট্য, শষ্যৰো পণৰ সাম্ভাব্য বিপদশংকা প্ৰতিৰক্ষা আৰু ইয়াৰ লাভালাভ, শষ্য চপোৱাৰ পিছত হোৱা লোকচানৰ পৰা কেনেকৈ হাত সাৰিব পাৰি সেই বিষয়ে বিতংকৈ বুজাই দিয়া হব।এই ৰাজ্যসমূহত সজাগতা সৃষ্টি কৰিবৰ বাবে কোম্পানীটোৱে কৃষকসকলক জড়িত কৰি কৰ্ম্মশালা, শ্ৰেণীকোঠাৰ আয়োজন আৰু দৃশ্যমান ক্ষেত্ৰ ভিত্তিক কাৰ্য্যসূচীৰ জৰিয়তে ভাবৰ আদান প্ৰদান কৰি এই আঁচনিসমূহৰ বৈশিষ্ট্য, ইয়াৰ লাভালাভ আৰু নামাংকনৰ প্ৰক্ৰিয়াসমূহ বুজি পোৱাত সহায় কৰিব।

এই অভিযানৰ ওপৰত মন্তব্য কৰি এচবিআই জেনেৰেল ইঞ্চুৰেঞ্চৰ ইমাৰজিং বিজিনেচ্লাইন্চ, ৰুৰেল এণ্ড এগ্ৰিৰ মুৰব্বী শ্ৰী মতী প্ৰিয়া কুমাৰে কয় যে শষ্য বীমা সপ্তাহ এক গুৰুত্বপূৰ্ণ মাইলৰ খুটি বিশেষকৈ এই সময়ছোৱাত আমি আজাদী কা অমৃত মহোৎসৱ উদ্যাপন কৰি আছো, আমি আমাৰ কৃষকসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব খোজো আৰু পিএমএফবিৱাই আঁচনিৰ সফল ৰুপায়ণৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিব বিছাৰো। শষ্য বীমা আঁচনিসমূহৰ ক্ষেত্ৰত কৃষকৰ অংশগ্ৰহণত বিশেষ গুৰুত্ব দিয়াতো প্ৰয়োজন আৰু এচবিআই জেনেৰেলত আমাৰ মুখ্য উদ্দেশ্য হল কৃষকৰ লোকচানৰ সময়ত তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত কৰা আৰু আমাৰ বীমা কাৰ্য্যসূচী সমূহৰ জৰিয়তে তেওঁলোকক তেওঁলোকে সন্মুখীন হোৱা শংকাসমূহৰ পৰা পৰিত্ৰাণ দিয়া।

“প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (পিএমএফবিৱাই) হ’ল এক আটাইতকৈ কাৰ্য্যকৰী বীমা কৰ্মসূচী যাৰ জৰিয়তে কৃষকসকলে সন্মুখীন হোৱা যিকোনো ধৰণৰ ক্ষয়ক্ষতিৰ বাবে আমি প্ৰয়োজনীয় আৰ্থিক সাহায্য যোগান ধৰিব বিছাৰো l আমি এচবিআই জেনেৰেল ইঞ্চুৰেঞ্চে কৃষকৰ সৈতে জড়িত হবলৈ পাই অত্যন্ত সুখী আৰু তেওলোকক শষ্য বীমাৰ জৰিয়তে তেওঁলোকৰ শংকাসমূহ সুৰক্ষিত কৰি পিএমএফবিৱাই আঁচনিৰ সম্পুৰ্ন সফল ৰুপায়ণত অৰিহণা যোগাব বিছাৰো। শ্ৰীমতী কুমাৰে আৰু কয় যে সুৰক্ষা আৰু ভৰষা দুয়োটাৰে সৈতে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবেই সঁচা অৰ্থত এক সাধাৰণ বীমা ।“

২ কোটিত কৈওঁ অধিক কৃষক আৰু ৬৪ বিধ শষ্যক সামৰি কোম্পানীয়ে নিৰবচ্ছিন্নভাৱে কৃষকসকলক তেওঁলোকৰ শষ্য সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় সহায় আগবঢ়াই আহিছে। এচবিআই জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানীৰ বিষয়ে:

এচবিআই জেনেৰেল হ’ল এচবিআইৰ শক্তিশালী তত্বাৱধানত গঢ় লৈ উঠা ক্ষিপ্ৰগতিত প্ৰগতিৰ পথত অগ্ৰসৰ হোৱা এক ব্যক্তিগত জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী। আমি এচবিআই জেনেৰেলে সুৰক্ষাআৰু বিশ্বাসৰ পৰম্পৰা আগবঢ়াই নিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু পৰিবৰ্তনকামী ভৰতবৰ্ষৰ এক বিশ্বাসযোগ্য জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী হিচাবে গঢ়ি তোলাটো আমাৰউদ্দেশ্য।

২০০৯ চনৰ জন্মলগ্নৰে পৰ, ২০১১ চনত থকা আমাৰ ১৭টা শাখাৰপৰা আমি সমগ্ৰ ভাৰতবৰ্ষত ১৩৭টাতকৈও অধিক শাখা গঠন কৰিছো। আজিৰ তাৰিখলৈকে আমি ১০কোটিতকৈওঁ অধিক উপভোক্তাক সেৱা আগবঢ়াই আহিছো। অনা-জীৱন্ত শাখাত একেৰাহে দুবছৰ ফিক্কিৰ ইঞ্চুৰেঞ্চ ইণ্ডাষ্ট্ৰি এৱাৰ্ডৰ  “ইঞ্চুৰাৰ অফ্ দা ইয়েৰ” বঁটা লাভ কৰিছে।

বেংক এচিউৰেঞ্চ, এজেন্সী, ব্ৰকিং, ৰিটেইল ডাইৰেক্ট চেনেল আৰু ডিজিটেল সম্বন্ধ সমূহৰ সৈতে আমাৰ এক সুদৃঢ় বহুমুখী বিতৰণ ব্যৱস্থা আছে। ২২ হাজাৰতকৈও অধিক এচবিআইৰ শাখা, এজেণ্ট, অন্যান্য বিত্তীয় সহযোগী, ওইএম, বিভিন্ন ডিজিটেল অংশীদাৰসমূহৰ দৰে বহুলভাৱে বিয়পি থকা ডিষ্ট্ৰিবিউটৰ নেটৱৰ্কে আমাক ভৰতবৰ্ষৰ আটাইতকৈ ভিতৰুৱা ঠাই সমূহতো আমাৰ কোম্পানীৰ সম্প্ৰসাৰণত সহায় কৰিছে।

ডিজিটেল আৰু ফিজিকেল দুয়োপ্ৰকাৰে সহজলভ্যতা সুনিশ্চিত কৰি খুচুৰা, কৰ্পোৰেট, এচএমইৰ দৰে খণ্ডসমূহক সামৰি ইয়াৰ উপভোক্তা সকলক আমি বিভিন্ন উপাদানৰ যোগান ধৰো।আমাৰ  চিএচআৰ ৰ কাৰ্যসূচী সমূহস মাজৰ আটাইতকৈ পীড়িত আৰু শংকাৰে জীয়াই থকা লোকসকলৰ জীৱনধাৰণৰ মানদণ্ড উন্নত কৰাৰ লক্ষ্যৰে হাতত লোৱা হয়। এই উদ্দেশ্যসমূহ আগত ৰাখি আমি বিভিন্ন বেচৰকাৰী সংস্থাসমূহৰ সৈতে জড়িত হৈছো আৰু/নতুবা স্বাস্থ্য, পথ সুৰক্ষা, অনাময়, শিক্ষা, অৱলম্বন আৰু জীৱন নিৰ্বাহ আৰু খেলাধুলাৰ দৰে বিষয়সমূহৰ ওপৰত চিএচআৰ দৰ্শনৰ জৰিয়তে বিভিন্ন কাৰ্য্যসূচীৰ সহায়ত অৰিহণা আগবঢ়াই আহিছো।

বিত্তীয়বৰ্ষ ২০২১-২২ত এচবিআই জেনেৰেল ইঞ্চুৰেঞ্চেগ্ৰচ্ ৰিটেন প্ৰিমিয়াম (জিডব্লিউপি)ত ১১শতাংশ হাৰত শ্ৰী বৃদ্ধি কৰিছে আৰু জিডব্লিউপিৰ পৰিমাণ হৈছেগৈ ভাৰতীয় মুদ্ৰাত৯২৬০ কোটি টকা।বৰ্ধিত স্বাস্থ্যবীমাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যবীমা ব্যৱসায়ত এক বিস্তৃত কৌশল অৱলম্বনকৰা হৈছে আৰু ২০২১-২২ বিত্তীয় বৰ্ষৰ স্বাস্থ্য বীমা জিডব্লিউপিত ৫০শতাংশ বৃদ্ধিৰে তাৰ প্ৰতিফলন ঘটাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here