বৰাক উপত্যকা আৰু নগাঁৱৰ বানপীড়িতসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিল ব্লেক টাইগাৰ চিমেণ্ট - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 7 July 2022

বৰাক উপত্যকা আৰু নগাঁৱৰ বানপীড়িতসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিল ব্লেক টাইগাৰ চিমেণ্ট

 


 

W7s news গুৱাহাটী:  ৰাজ্যৰ অন্যতম আগশাৰীৰ চিমেণ্ট ব্ৰেণ্ড ব্লেক টাইগাৰ চিমেণ্টে শেহতীয়াকৈ বৰাক উপত্যকা আৰু নগাঁও জিলাৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বান সাহায্য শিবিৰ আৰম্ভ কৰিছে। উল্লেখ্য, অসমৰ বান পৰিস্থিতি এতিয়াও ভয়াবহ হৈ আছে আৰু ৩৫ খন জিলাৰ ভিতৰত ২২ খন জিলাই এতিয়াও বানাক্ৰান্ত হৈ আছে আৰু বানপানীৰ ফলত ১৪ লাখতকৈও অধিক লোক ভুক্তভোগী হৈছে। মানুহৰ ক্ষতিৰ বাহিৰেও, ১৪ খন জিলাৰ ৪০,০০০ হেক্টৰৰো অধিক শস্যভূমি প্ৰভাৱিত হৈছে। এই বানাক্ৰান্ত জিলাসমূহত মৌলিক প্ৰয়োজনীয়তাৰ পৰা বঞ্চিত হোৱা বানপীড়িত লোকসকলৰ মাজত বিতৰণৰ বাবে ব্লেক টাইগাৰ চিমেণ্টে বিভিন্ন খাদ্যসামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী লৈ সাহায্যৰ বাবে আগবাঢ়ি আহিছে। দুয়োখন জিলাৰ স্থানীয় প্ৰশাসনৰ সৈতে ব্লেক টাইগাৰ চিমেণ্টৰ দলটোৱে ব্যক্তিগতভাৱে বান-সাহায্য বিতৰণ অভিযানত নামি পৰিছে। দুয়োখন জিলাৰ বেছিভাগ অঞ্চলতে যোগাযোগৰ সমস্যা আছিল যাৰ ফলত এলেকাবোৰত উপস্থিত হোৱাটো বেছ কঠিন হৈ পৰিছিল। তৎসত্ত্বেও ব্লেক টাইগাৰ চিমেণ্টৰ দলটোৱে জনসাধাৰণৰ ওচৰলৈ গৈ তেওঁলোকৰ সাহায্য বিতৰণ অভিযানত কোনো ক্ৰুটি কৰা নাই। এই প্ৰচেষ্টা সন্দৰ্ভত মন্তব্য কৰি ব্লেক টাইগাৰ চিমেণ্টৰ পৰিচালনা সঞ্চালক শ্ৰী সঞ্জয় কে আৰ গুপ্তাই কয়, "বৰাক উপত্যকা আৰু নগাঁৱত বান সাহায্য শিবিৰ আয়োজন কৰি আমি আমাৰ নিজৰ সৰল উপায়েৰে অসমৰ বানপীড়িতসকলক আমাৰ সমৰ্থন আগবঢ়োৱাৰ চেষ্টা কৰিছো।" "ব্লেক টাইগাৰ চিমেণ্ট পৰিয়ালে প্ৰলয়ংকৰী বানপানীৰ ফলত ক্ষতিগ্ৰস্থ লোকসকলৰ প্ৰতি দূখ প্ৰকাশ কৰাৰ লগতে প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো," শ্ৰী গুপ্তাই লগতে কয়।ASDMA ৰ প্ৰতিবেদন অনুসৰি, বৰাক উপত্যকাৰ কাছাৰ জিলাখন বিগত কেবাদিনো ধৰি আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলা হৈ আছে আৰু প্ৰায় ৬.৬৯ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে, আনহাতে নগাঁওত ৩.৬৩ লাখৰো অধিক লোক এতিয়াও বানাক্ৰান্ত।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here