প্ৰেছ ক্লাৱত 'ফুটবলৰ আইন' উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 11 July 2022

প্ৰেছ ক্লাৱত 'ফুটবলৰ আইন' উন্মোচন

 






W7s news গুৱাহাটী: বিশিষ্ট ক্ৰীড়া সংগঠক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল ৰেফাৰী মনোজ গগৈৰ 'ফুটবলৰ আইন' শীৰ্ষক গ্ৰন্থখন সোমবাৰে উন্মোচন কৰা হয়৷ গুৱাহাটী প্ৰেছ ক্লাৱ প্ৰেক্ষাগৃহত গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে প্ৰাক্তন ফুটবল ৰেফাৰী, ক্ৰীড়া সংগঠক তথা বিশিষ্ট সাংবাদিক প্ৰেমধৰ শৰ্মাই৷ উন্মোচনী ভাষণত তেওঁ কয়- এতিয়াৰ ফুটবল আৰু ৬০-৭০ ৰ দশকৰ ফুটবলৰ মাজত যথেষ্ট পাৰ্থক্য আছে। লেখকে সুন্দৰ প্ৰচেষ্টা গ্ৰহণ কৰি এখন সুন্দৰ আৰু তথ্য সমৃদ্ধ গ্ৰন্থ পাঠক সমাজক উপহাৰ দিছে। এই গ্ৰন্থখনৰ জৰিয়তে ফুটবল ৰেফাৰী সকল উপকৃত হ'ব পাৰিব। অসমীয়া ভাষাত এখন আপুৰুগীয়া গ্ৰন্থ পাঠক সমাজক লেখকে উপহাৰ দিলে। এয়া আমাৰ বাবে গুৰুত্বপূৰ্ণ কথা। এই গ্ৰন্থখনে ৰাজ্যৰ ভিন্ন প্ৰান্তত সমাদৃত হওঁক তাৰে আশা প্ৰকাশ কৰিলোঁ। ' সভাৰ আৰম্ভণিতে ক্ৰীড়া সংগঠক তথা বিশিষ্ট সাংবাদিক প্ৰেমধৰ শৰ্মাই বন্তি প্ৰজ্জ্বলন কৰে। সভাত ক্রীড়া সংগঠক প্লাবন বৰা, দুলাল বৰুৱা, বিপুল শইকীয়া, তপন হাজৰিকা, যদু গগৈ, অজিত ডেকা, চলচ্চিত্ৰ পৰিচালক এম মণিৰাম আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ভাষণ প্ৰসংগত বিশিষ্ট ক্ৰীড়া সংগঠক,প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবলাৰ তপন হাজৰিকাই কয়-ইংৰাজী ভাষাত ফুটবলৰ আইন বিষয়ক গ্ৰন্থ আছে যদিও অসমীয়া গ্ৰন্থৰ অভাৱ দেখা যায়। ফুটবলৰ ৰেফাৰী হ'বলৈ সাধনাৰ প্ৰয়োজন। ৰেফাৰীজনে নিচাজাতীয় দ্ৰৱ্য সেৱনৰ পৰা দূৰত থকাৰ লগতে বিভিন্ন নিয়ম মানিব লাগে। এই গ্ৰন্থখনে অসমৰ ৰেফাৰী সকলক যথেষ্ট উপকৃত কৰাৰ লগতে পাঠক সমাজক বিশেষকৈ ক্ৰীড়াৰ প্ৰতি অগ্ৰহী সকলক উপকৃত কৰিব।' সভাত উপস্থিত বিশিষ্ট ব্যক্তি সকলে শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি গ্ৰন্থখনৰ লেখক তথা বিশিষ্ট ক্ৰীড়া সংগঠক মনোজ গগৈয়ে কয়-বিগত ৩৬ টা বছৰে ফুটবলৰ ৰেফাৰী কৰিছিলোঁ। ফুটবলৰ আইন সম্পৰ্কে অসমীয়া ভাষাত গ্ৰন্থৰ অভাৱ দেখা যায়। সেয়েহে এখন অসমীয়া ভাষাত গ্ৰন্থ লিখাৰ প্ৰয়াস কৰিলোঁ ক'ভিড পৰিস্থিতিৰ বাবে হোৱা লকডাউনৰ সময়ত। ফুটবলৰ আইনৰ কথা ভালদৰে জানিলেহে সফল ৰেফাৰী হ'ব পাৰি। ইয়াৰ জড়িয়তে অসমৰ ৰেফাৰী সকল উপকৃত হ'ব বুলি আশা কৰিলোঁ। অসমবাসীয়ে এই গ্ৰন্থখন আদৰি ললে কষ্টখিনি সাৰ্থক হ'ব।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here