ভাৰতৰ বৰ্ধিত জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ 'জনসংখ্যা আইন'ৰ দাবী- জনসংখ্যা সমাধান ফাউণ্ডেচনৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 11 July 2022

ভাৰতৰ বৰ্ধিত জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ 'জনসংখ্যা আইন'ৰ দাবী- জনসংখ্যা সমাধান ফাউণ্ডেচনৰ




জনসংখ্যা নিয়ন্ত্রণ আইন অধিসূচিত হোৱা তাৰিখৰ পৰা ১ বছৰৰ পাছত দুটাতকৈ অধিক সন্তান জন্ম দিয়া দম্পতিৰ বাবে সকলো প্ৰকাৰৰ চৰকাৰী সা সুবিধা, অনুদান আদিৰ পৰা বঞ্চিত কৰাৰ দাবী -জনসংখ্যা সমাধান ফাউণ্ডেচনৰ



প্ৰধান মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰেৰণ




W7s news ষ্টাফৰিপোৰ্টাৰ: 'সমগ্ৰ বিশ্বৰ মুঠ ৭৯০ কৌটি জনসংখ্যাৰ ১৭.৭৪ শতাংশ অৰ্থাৎ ১৪০কৌটিৰ অধিক জনসংখ্যাই ভাৰতত বসবাস কৰে। বিশ্বৰ ভূ-ভাগৰ সাপেক্ষে ভাৰতৰ ভু-ভাগৰ আধাৰত (ক্ষেত্ৰফল) আমাৰ দেশৰ জনসংখ্যা ২০ কৌটিৰ অধিক হোৱা উচিত নহয়-এই দৰে কয়  জনসংখ্যা সমাধান ফাউণ্ডেচনৰ অসমৰ অধ্যক্ষ হৰেন্দ্ৰ বৰাই। সোমবাৰে ফাউণ্ডেচনৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয়-জনসংখ্যা সমাধান ফাউণ্ডেচনৰ (জেএছএফ) ২২ খন ৰাজ্যৰ প্ৰতিনিধিয়ে দিয়া পৰামৰ্শৰ আধাৰত আমি আগ্ৰহ কৰো যে দেশৰ তীব্ৰ গতিৰে বৰ্দ্ধিত জনসংখ্যাৰ ওপৰত প্ৰভাৱী আৰু কুশল নিয়ন্ত্রণৰ বাবে  সুবিচাৰ ধাৰাৰ আইনী পাণ্ডুলিপি তৈয়াৰ কৰি জনসংখ্যা নিয়ন্ত্রণ আইন ৰূপায়ণ কৰা জৰুৰী হৈ পৰিছে। প্ৰতিবছৰে ভাৰতত জনসংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জনবিস্ফোৰণৰ উচিত সমাধানৰ বাবে এনে আইন প্রনয়ণ কৰক যত কোনো প্ৰকাৰৰ ভ্ৰান্ত চিন্তাৰ অৱকাশ নাথাকিব আৰু জাতি, ধৰ্ম, ক্ষেত্ৰ, আৰু ভাষাৰ বান্ধোনৰ উৰ্দ্ধত থাকি ৰাষ্ট্ৰহিতক সৰ্বোপৰি মানি জনসংখ্যা

নিয়ন্ত্রণ আইনক দেশৰ সকলো নাগৰিকৰ ওপৰত সমানে বলবৎ‍ কৰাৰ ব্যৱস্থা কৰক। এই আইনৰ সকলো দণ্ডাত্মক প্রাৱধান, আইন অধিসূচিত হোৱা তাৰিখৰ এবছৰৰ পাছত, আইন ভংগ কৰি দুটা জীৱিত সন্তানৰ পিচতো অধিক সন্তান জন্ম দিয়া জৈৱিক পিতৃ মাতৃৰ ওপৰত বলবৎ হয়। কিন্তু জনসংখ্যা আইন অধিসূচিত হোৱাৰ তাৰিখৰ আগতে দুটাতকৈ অধিক সন্তান থকা পিতৃ মাতৃৰ ওপৰত কোনো ৰূপতে বলবৎ নহ'ব। জনসংখ্যা নিয়ন্ত্রণ আইন অধিসূচিত হোৱা তাৰিখৰ পৰা ১ বছৰৰ পিছত দুটাতকৈ অধিক সন্তান জন্ম দিয়া দম্পতিৰ বাবে সকলো প্ৰকাৰৰ চৰকাৰী সা সুবিধা, অনুদান আদি সমাপ্ত কৰাৰ প্রাৱধান জনসংখ্যা নিয়ন্ত্রণ আইনত ৰখা হওঁক। বৰ্তমান চৰকাৰী চাকৰী কৰি থকা দুটা বা তাতোধিক সন্তানৰ পিতৃ মাতৃয়ে যদি জনসংখ্যা নিয়ন্ত্রণ আইন অধিসূচিত হোৱাৰ ১ বছৰৰ পাছত আৰু অধিক সন্তান জন্ম দিয়াই, তেনে পিতৃ মাতৃক চৰকাৰী চাকৰিৰ পৰা বৰ্খাস্ত কৰা আৰু ভৱিষ্যত চৰকাৰী চাকৰি কৰাৰ যোগ্যতা হেৰোৱাৰ প্রাৱধান জনসংখ্যা নিয়ন্ত্রণ আইনত ৰখা হওঁক। জনসংখ্যা নিয়ন্ত্রণ আইন অধিসূচিত হোৱাৰ এবছৰৰ পিছত আইন ভংগ কৰি, অধিক বিবাহ কৰি সন্তান জন্ম দিয়া জৈৱিক পিতৃ মাতৃ আৰু তেনে সন্তানক আজীৱন ভোটাধিকাৰ আৰু যিকোনো প্ৰকাৰৰ নিৰ্বাচনী প্ৰক্ৰিয়াত ভাগ লোৱাৰ পৰা বঞ্চিত কৰাৰ প্ৰাৱধান জনসংখ্যা নিয়ন্ত্রণ আইনত ৰখা হওঁক।

 জনসংখ্যা নিয়ন্ত্রণ আইন এবাৰ উলংঘন কৰাৰ পিচত পুনৰ উলংঘন কৰিলে (অর্থাৎ চতুর্থ সন্তান জন্ম দিয়ালে) উপৰোক্ত প্ৰাৱধান সমূহৰ লগতে তেনে পিতৃ মাতৃক ১০ বছৰ জেল খটোৱাৰ ব্যবস্থা কৰা হওঁক।  দম্পতিৰ প্ৰথম বাৰতে যমজ সন্তান জন্ম হলে পৰিয়াল সম্পূৰ্ণ হোৱা বুলি মান্যতা দিয়া হওঁক। দ্বিতীয় সন্তান জন্মৰ সময়ত যমজ সন্তান জন্ম হলে জনসংখ্যা আইনৰ উলংঘন হোৱা বুলি গণ্য কৰা নহওঁক।

 জাতি, ধৰ্ম আৰু সম্প্ৰদায়ৰ উৰ্দ্ধত থাকি এই প্ৰাৱধান স্পষ্ট ৰূপত ৰখা হওঁক যে প্ৰথমা পত্নীৰ দুটা জীৱিত সন্তান থকাৰ পিছত, বিবাহ বিচ্ছেদ হলে দ্বিতীয় গৰাকী জীৱন লগৰী আগৰে পৰা আৰু প্ৰথম বিবাহত সন্তানহীন হলেও স্ত্ৰী বা পুৰুষৰ দ্বিতীয় বিবাহৰ জড়িয়তে সন্তান জন্ম দিয়াৰ অধিকাৰ নেথাকিব। প্রথম বিবাহত এটা জীৱিত সন্তান থাকিলে, দ্বিতীয় বিবাহত কেৱল এটা সন্তান জন্ম দিয়াৰ অধিকাৰ থাকিব।

 বহুবিবাহ (polygyny) আৰু বহুপতিত্ব (polyandry) বিবাহৰ ক্ষেত্ৰত কোনো প্ৰকাৰৰ ভ্ৰমৰ স্থিতি ৰখা উচিত নহব। আইনসংগত ভাবেও যদি কোনো পুৰুষে অধিক পত্নী ৰাখে আৰু পৰিয়ালত দুটা জীৱিত সন্তান থাকে তেনে ক্ষেত্ৰত যদি বিবাহ বিচ্ছেদৰ জড়িয়তে পত্নীৰ বা পতিৰ সাল সলনি কৰি বহুবিবাহ কৰে, সেই সকলৰো ভিন ভিন পত্নী আৰু পতিৰ দ্বাৰা সন্তান জন্ম দিয়াৰ কোনো অধিকাৰ নেথাকিব। কোনো এগৰাকী অথবা দুগৰাকী বা তাতোধিক পত্নী বা পতিৰ পৰিয়ালত সৰ্বমুঠ দুটা জীৱিত সন্তানেৰে পৰিয়াল পূর্ণ হব। এনে পৰিয়ালত দুটাত কৈ অধিক সন্তান জন্ম দিয়ালে জনসংখ্যা নিয়ন্ত্রণ আইন উলংঘন হব আৰু তেনে পৰিয়ালৰ ওপৰত জনসংখ্যা নিয়ন্ত্রণ আইনৰ নিৰ্দিষ্ট দণ্ডাত্মক প্ৰাৱধান সমূহ বলবৎ হব।

 দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অসম, ছিক্কিম, অৰুনাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, মনিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাৰ মূল ধৰ্মৰ জুনজাতীয় লোকৰ সংখ্যা অবৈধ অনুপ্ৰবেশকাৰীৰ কবলত পৰি আনুপাতিক ভাবে হ্ৰাস হৈ গৈ থকাৰ বাবে, নির্দিষ্ট সময় সীমাৰ বাবে উক্ত ৰাজ্য সমূহৰ মূল ধৰ্মৰ জনজাতীয় (এছ টি) লোক সকলক জনসংখ্যা নিয়ন্ত্রণ আইনৰ পৰিধিৰ বাহিৰত ৰখাৰ প্ৰাৱধান ৰখা হওঁক। অবৈধ অনুপ্রবেশকাৰীয়ে স্থানীয় মহিলাক বিবাহ কৰি ঠাইতে বসবাস কৰা পৰিয়াল জনসংখ্যা নিয়ন্ত্রণ আইনৰ গম্ভীৰ ভিতৰত থাকিব।এই দাবী সমুহৰ ক্ৰিমান্নয়নৰ বাবে আৱশ্যক অনুসৰি সংবিধানত উপযুক্ত সংশোধনৰ ব্যবস্থা কৰাৰ বাবে আমি দাবী জনালোঁ।যিহেতু জনবিস্ফোৰণৰ ফলত ওপজা সংকট পৰমাণু যুদ্ধৰ সংকটতকৈ অধিক ভয়াবহ হৈ পৰিছে সেইকাৰণে আপোনাৰ দৰে ক্ষমতাশালী আৰু ৰাষ্ট্রভক্ত নেতৃত্বৰ পৰা জনসংখ্যা সমাধান ফাউন্ডেচনে এই আশা কৰে যে জনবিস্ফোৰণৰ গভীৰ সমস্যা সমূহৰ সমাধানৰ একমাত্র উপায় "জনসংখ্যা সমধান অধিনিয়মৰ ওপৰত মন্ত্ৰী পৰিষদৰ লগত প্রয়োজনীয় চৰ্চা কৰি সংসদৰ অগন্তক অধিৱেশনতে উক্ত অধিনিয়ম পানিত কৰি আইন বলবৎ কৰাৰ দাবী জানিলোঁ।

লগতে আমি বিশ্ব জনসংখ্যা দিৱস উপলক্ষে সামাজিক, আৰ্থিক আৰু পাৰিপাৰ্শ্বিক সংকটৰ বাবে দেশত সম্ভাব্য গৃহযুদ্ধ সদৃশ পৰিবেশক নিৰাময় কৰিবলৈ কঠোৰ 'জনসংখ্যা আইন'ৰ আহ্বানত সোমবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ কামৰূপ (ম) জিলা উপযুক্তৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে  জনসংখ্যা সমাধান ফাউণ্ডেচনে। লগতে প্ৰতিলিপি দেশৰ কেন্দ্রীয় গৃহ মন্ত্ৰী,কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্রী আৰু অসমৰ মুখ্যমন্ত্রীলৈ প্ৰেৰণ কৰিলোঁ।' সংবাদ মেলত ফাউণ্ডেচনৰ উপ-সভাপতি ৰবীন শৰ্মা,বৌদ্ধিক প্ৰমুখ নন্দিতা বৰঠাকুৰ, ৰঞ্জন মেধি, ৰঞ্জিতা ৰাজ,  পঙ্কজ তালুকদাৰ, অপৰূপা বৰঠাকুৰ আদি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here