গুৱাহাটী প্ৰেছ ক্লাৱত বেনু গোস্বামীৰ গ্ৰন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 20 July 2022

গুৱাহাটী প্ৰেছ ক্লাৱত বেনু গোস্বামীৰ গ্ৰন্থ উন্মোচন

 




W7s news গুৱাহাটী: গুৱাহাটী প্ৰেছ ক্লাৱত বুধবাৰে লেখিকা, নগাঁও কলেজৰ দৰ্শন বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক বেনু গোস্বামীৰ গ্ৰন্থ 'বিৰল সান্নিধ‍্য' উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট লেখক,অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰে কয়-লেখিকা বেনু গোস্বামীৰ 'বিৰল সান্নিধ্য' গ্ৰন্থখন কৃতজ্ঞতাৰ এক দলিল। আমাৰ সমাজত এতিয়া কৃতজ্ঞতা নোহোৱা হৈ গৈছে। লেখক এজনৰ এখন গ্ৰন্থ প্ৰকাশ পালে সন্তান জন্ম হোৱাৰ দৰে আনন্দ পোৱা যায়। এই গ্ৰন্থখন পঢ়িলে পাঠকে কৃতজ্ঞতা কি সেয়া বুজি পাব। কৃতজ্ঞতাৰ সুন্দৰ প্রকাশ ঘটিছে এইখন গ্ৰন্থত। আজিৰ শিশুৱে শৈশৱ কি সেয়া বুজি নোপোৱা হৈছে। লৰা-ছোৱালীক আমি শৈশৱ দেখুৱাব লাগে। মানুহৰ অন্তৰৰ সৰলতাই হে মহান কৰে। লেখিকাই অসুস্থ হৈও মনটো সেউজীয়া কৰাৰ বাবে যি প্ৰয়াস কৰিছে তাৰবাবে শলাগ লৈছোঁ। তেওঁ এনেদৰে সাহিত্য চৰ্চা কৰি যাব বুলি আশা কৰিলোঁ।' পাণ্ডু মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট লেখক ভবানী প্রসাদ অধিকাৰীৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত কটন বিশ্ববিদ্যালয় অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক ড° মঞ্জু দেবী পেণ্ড মুখ্য অতিথি আৰু মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ উপদেষ্টা বুবুমণি গোস্বামী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। লেখিকা বেনু গোস্বামীয়ে গ্ৰন্থখনত সৰু সৰু মানুহৰ কথা লিখা বুলি কয়। সভাৰ আৰম্ভণিতে বৰগীত পৰিবেশন কৰে স্বৰ্ণা চক্ৰৱৰ্তীয়ে। অধ্যাপক ড০ নৱ প্ৰসাদ দাসে আঁত ধৰা সভাখনত বহু সংখ্যক লোক উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here