গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো 'ইকানি'ৰ শ্ব'ৰূম উদ্বোধন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 20 July 2022

গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো 'ইকানি'ৰ শ্ব'ৰূম উদ্বোধন

 



W7s news গুৱাহাটী : বিলাসী উপহাৰৰ ক্ষেত্ৰত এক শীৰ্ষস্থান দখল কৰা ইকানিৰ প্ৰথমটো শ্ব'ৰূম আজি গুৱাহাটীত মুকলি কৰা হয়। উত্তৰ-পূবৰ প্ৰথমটো ইকানি শ্ব'ৰূম আজি আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰসিদ্ধ সমাজসেৱক যুগল কিশোৰ লোহিয়াই। আজিৰ অনুষ্ঠানত ইকানিৰ সঞ্চালক সৌৰভ গাৰ্গ, ডেকোৰ লাক্সটাইলৰ স্বত্বাধিকাৰী বিনীত লোহিয়া, যুৱ মহিলা উদ্যোগী নিধি লোহিয়াকে আদি কৰি আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। উদ্বোধনৰ সময়ত লোহিয়াই কয় যে ইকানি গুৱাহাটীৰ লাচিতনগৰৰ পঞ্চম টাৱাৰত অৱস্থিত ডেকোৰ লাক্সটাইলৰ এটা অংশ। তেওঁ আৰু কয় যে এই শ্ব’ৰূমটো ১৫০০ বর্গফুটত অৱস্থিত আৰু পাৰ্কিঙৰ পৰ্যাপ্ত সুবিধা আছে। এই শ্ব'ৰূমটোত ইকানি, নৰিটাকে, আগষ্টিনি, ৰবেৰ্টো কাভালি, ই এল ইউনিক, নিভানাকে আদি কৰি বিভিন্ন ব্ৰেণ্ডৰ সামগ্ৰী উপলব্ধ। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ গ্ৰাহকসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ এই পদক্ষেপ হাতত লোৱা হৈছে বুলি তেওঁ উল্লেখ কৰি কয় যে সকলো পছন্দৰ সামগ্ৰী ইয়াৰ পৰা ক্ৰয় কৰাৰ সুবিধা পাব। অনুষ্ঠানটোত ভাষণ দি গাৰ্গে কয় যে ইকানি হৈছে এটা ব্ৰেণ্ড যি আপোনাক সহজতে মুগ্ধ কৰিব। বিবাহৰ উপহাৰৰ লগতে বিশ্ব মানৰ ডিনাৰৱেৰৰ পৰা আৰম্ভ কৰি উৎকৃষ্ট গ্লাছৱেৰ আৰু হোমডিক'ৰ সামগ্ৰী লাচিতনগৰ শ্ব'ৰূমত উপলব্ধ। গাৰ্গে কয় যে বিবাহ উপহাৰৰ ক্ষেত্ৰত আমি এটা পছন্দৰ ব্ৰেণ্ড হিচাপে ৰূপালী প্লেটক লৈ আমি গৌৰৱান্বিত। আনহাতে, সমগ্র দেশতে ব্ৰেণ্ডটোৰ ২০খন বিপণী আছে। উৎসৱ আৰু ব্যক্তিগত অনুষ্ঠানৰ বাবে ব্যক্তিৰ উপহাৰৰ প্ৰয়োজনীয়তাৰ সৈতে খাপ খোৱাকৈ এই শ্ব'ৰূমটো মুকলি কৰা হৈছে। শ্ব'ৰূমটোত উপলব্ধ সকলো সামগ্রী ইউনিক আৰু নান্দনিক। তেওঁ লগতে কয় যে আমাৰ সন্মানীয় গ্ৰাহকসকলৰ ভিতৰত আছে প্রখ্যাত চেলিব্রিটী, উদ্যোগপতি, আমোলা আৰু ভাৰতৰ কিছুমান বিশিষ্ট পৰিয়াল। অনুষ্ঠানটোত বক্তব্য ৰাখি লোহিয়াই কয় যে আমাৰ নতুনকৈ খোলা শ্ব'ৰূমত গ্ৰাহকে সকলো এটা চালৰ তলত ক্ৰয় কৰিব পাৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here