জইণ্ট কাউন্সিল অৱ ট্ৰেড ইউনিয়নৰ বিক্ষোভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 19 July 2022

জইণ্ট কাউন্সিল অৱ ট্ৰেড ইউনিয়নৰ বিক্ষোভ

 


অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াৰ দাবী



W7s news গুৱাহাটী : অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়া,বানত ক্ষতিগ্ৰস্ত সকলক উপযুক্ত সাহাৰ্য দিয়াৰ লগতে পুনৰ সংস্থাপন দিয়া, ম্যাদ উকলি যোৱা মথাউৰি সমূহৰ ক্ষীপ্ৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ 

 দাবীত মঙলবাৰে জইণ্ট কাউন্সিল অৱ ট্ৰেড ইউনিয়ন অসমে গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে। এই কাৰ্যসূচীত বেংক, বীমা, বি এছ এন এল, বিদ্যুৎ কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনাৰ্চ কো-অৰ্ডিনেচন কমিটিৰ শতাধিক কৰ্মচাৰীয়ে অংশ গ্ৰহণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে কামৰূপ (ম) জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। উল্লেখ্য,জইণ্ট কাউন্সিল অৱ ট্ৰেড ইউনিয়ন অসমে সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত পৰিয়ালক সাহাৰ্য দিয়াৰ বাবে কৰ্মচাৰী আৰু পেন্সনাৰ্ছ সকলৰ পৰা বৰঙণি সংগ্ৰহৰ পুঁজিৰে বানাক্ৰান্ত ৰাইজৰ মাজত সাহাৰ্য বিতৰণ কৰা হ'ব বুলি যুটীয়া আহ্বায়ক ভবেন্দ্ৰ কুমাৰ কলিতা আৰু গৰ্গ তালুকদাৰে কয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here