ভাৰতীয় ইতিহাস সংকলন সমিতি, অসমৰ সভা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 20 July 2022

ভাৰতীয় ইতিহাস সংকলন সমিতি, অসমৰ সভা

 






W7s news গুৱাহাটী :ভাৰতীয় ইতিহাস সংকলন সমিতি, অসমৰ উদ্যোগত দেওবাৰে

 আলোক ভৱন গুৱাহাটীত অনুষ্ঠিত এখন সভাত, বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উদযাপনৰ পৰিকল্পনা কৰা হয়। ইয়াৰ লগতে সংগতি ৰাখি স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তিও উদযাপন কৰা হ'ব।‌ বিভিন্ন পৰ্বত আগন্তুক বছৰব্যাপী এই অনুষ্ঠান কৰা হ'ব।

প্ৰথম পৰ্যায়ৰ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পুৰস্কাৰ প্ৰতিযোগিতাসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰথম পৰ্বৰ কাৰ্যক্ৰম ২৭ আৰু ২৮ আগষ্টত অনুষ্ঠিত হ'ব। 

প্ৰতিযোগিতাসমূহ তলত উল্লেখ কৰা শাখাসমূহত অনুষ্ঠিত হ'ব। 

১.ৰচনা লিখা প্ৰতিযোগিতা : ১৫ আগষ্ট বা তাৰ আগতে ৰচনাসমূহ জমা দিব লাগিব। এই প্ৰতিযোগিতা তিনিটা স্তৰ ছাত্ৰ-ছাত্ৰীৰ অন্তৰ্গত  অনুষ্ঠিত হ'ব।

ক. ৫ম শ্ৰেণীৰ পৰা ৮ম শ্ৰেণী ( বিষয় : ‘বীৰ লাচিত বৰফুকন আৰু মাতৃভূমিৰ প্ৰতি তেওঁৰ প্ৰেম’ : ১০০০ শব্দৰ ভিতৰত)

 খ. নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী (বিষয় : ‘মোগল বিজয়ত বীৰ লাচিত বৰফুকন আৰু তেওঁৰ যুদ্ধ কৌশল’ :২০০০ শব্দৰ ভিতৰত )

গ. স্নাতক স্তৰৰ পৰা স্নাতকোত্তৰ স্তৰ ( বিষয় : বীৰ লাচিত বৰফুকন সনাতন সভ্যতাৰ ৰক্ষক’ : ৩০০০ শব্দৰ ভিতৰত)

 উপৰোক্ত প্ৰতিযোগিতাৰ বাবে পুৰস্কাৰৰ অৰ্থমূল্য এনে ধৰণৰ :

 প্ৰথম পুৰস্কাৰ : ১০,০০০টকা

 দ্বিতীয় পুৰস্কাৰ  : ৭,০০০ টকা

 তৃতীয় পুৰস্কাৰ : ৫,০০০টকা

ইয়াৰ উপৰিও ১০ জন অংশগ্ৰহণকাৰীৰ মাজত  ১০০০ টকাৰ সান্ত্বনা পুৰস্কাৰো বিতৰণ কৰা হ’ব।

ৰচনা সমূহ প্ৰেৰণ কৰাৰ সময়ত অংশগ্ৰহণকাৰীসকলে তলত দিয়া নিয়মসমূহৰ অনুসৰণ কৰিব লাগিব ক. ৰচনাসমূহ এ৪ আকাৰৰ কাগজত এক পষ্ঠাত লিখা হ’ব লাগিব।

খ. ৰচনাটো স্পষ্টভাৱে হাতেৰে লিখা প্ৰয়োজন। কিংবা টাইপ কৰা হ'ব লাগিব।

গ.ৰচনাত থকা তথ্যৰ উৎস ( ইন্টাৰনেট , কিতাপ,আলোচনী, ইত্যাদি..) পৃষ্ঠাৰ একেবাৰে তলত বা ৰচনাৰ শেষত উল্লেখ কৰাটো প্ৰয়োজন ৷

ঘ.কপি পেষ্ট কৰাৰ অনুমতি নাই। ৷ৰচনা সমূহ পি ডি এফ কৰিও পঠিয়াব পাৰিব। 

ৰচনাৰ ভাষা : ভাৰতৰ সংবিধানস্বীকৃত যিকোনো ভাষা আৰু ইংৰাজী।

ই-মেইল ঠিকনা : itihasassam@gmail.com

কুৰিয়াৰ বা ডাকযোগে প্ৰেৰণৰ বাবে ঠিকনা :

আলোক ভৱন

দ্বিতীয় মহলা

নাৰায়ণ নগৰ ,ভৰলুমুখ 

কামৰুপ মেট্ৰো

গুৱাহাটী-৭৮১০০৯ ,অসম 

 কলা প্ৰতিযোগিতা (ঠাইতে লিখা চিত্ৰ)

এই প্ৰতিযোগিতা দুটা শাখাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হ’ব :

 ক. ১ম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণী

 খ. ৫ শ্ৰেণীৰ পৰা ৮ম শ্ৰেণী

পুৰস্কাৰৰ অৰ্থমূল্য তলত দিয়া ধৰণৰ :

 প্ৰথম  পুৰস্কাৰ : ৫,০০০ টকা

 দ্বিতীয় পুৰস্কাৰ :  ৪,০০০ টকা

 তৃতীয় পুৰস্কাৰ : ৩,০০০ টকা

ইয়াৰ উপৰিও ২০ জন অংশগ্ৰহণকাৰীৰ মাজত  ৫০০ টকাৰ সান্ত্বনা পুৰস্কাৰো বিতৰণ কৰা হ’ব।


৩. দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতা (সমবেত সংগীত) :

এই প্রতিযোগিতাৰ গীতসমূহ অসমীয়া, সংস্কৃত, বাংলা, হিন্দি আৰু জনজাতীয় ভাষাৰ হ'ব। কোন ভাষাৰ বাবে কোনটো গীত নির্দিষ্ট কৰা হৈছে, আৰু নিয়মাৱলী কি কি~ সেই বিষয়ে বিস্তাৰিত জনাৰ বাবে তলত দিয়া নম্বৰত যোগাযোগ বাঞ্চনীয়।

    এই স্তৰত অসমৰ শিক্ষানুষ্ঠানৰ লগতে সকলো সংগীত বিদ্যালয়ক অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে।পুৰস্কাৰ অৰ্থমূল্য তলত দিয়া ধৰণৰ :

 প্ৰথম পুৰস্কাৰ  : ৩০,০০০ টকা

 দ্বিতীয়  পুৰস্কাৰ :  ২৫,০০০ টকা

 তৃতীয় পুৰস্কাৰ : ২০,০০০ টকা


 ৪. দেশপ্ৰেমমূলক নৃত্য প্ৰতিযোগিতা (দলীয় অনুষ্ঠান) :

নৃত্যৰ গীতসমূহ অসমীয়া, সংস্কৃত,  বাংলা, হিন্দি আৰু জনজাতীয় ভাষাত হ'ব।

 প্ৰতিযোগিতাৰ এই খণ্ডত অসমৰ শিক্ষানুষ্ঠানৰ লগতে সকলো নৃত্য বিদ্যালয়কে অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে ৷

পুৰস্কাৰৰ অৰ্থমূল্য তলত দিয়া ধৰণৰ :

 ১ম পুৰস্কাৰ  :  ৩০,০০০ টকা

 ২য় পুৰস্কাৰ :  ২৫,০০০ টকা

 তৃতীয় পুৰস্কাৰ :  ২০,০০০ টকা

ওপৰত উল্লেখ কৰা প্ৰতিযোগিতাসমূহত যোগদান আৰু অংশগ্ৰহণৰ বাবে স্থান আৰু সকলো আনুষ্ঠানিকতা অতি সোনকালে সংবাদ মাধ্যম আৰু অন্যান্য মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰা হ’ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here