মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্পৰ অধীনত হৰি-গায়ত্ৰী দাস মহাবিদ্যালয় চৌহদত গছপুলি ৰোপণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 26 July 2022

মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্পৰ অধীনত হৰি-গায়ত্ৰী দাস মহাবিদ্যালয় চৌহদত গছপুলি ৰোপণ





W7s news গুৱাহাটী: হৰি-গায়ত্ৰী দাস মহাবিদ্যালয়ত ২৫ জুলাইত মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ (CMIPP) কাৰ্য্যসূচীৰ  শুভাৰম্ভ কৰা হয় ।যোৱা ১৫ জুলাইৰ পৰা অহা ১৫ আগষ্টলৈ চি এম  আই পি পি আঁচনিৰ অধীনত এক বৃহৎ বৃক্ষৰোপণ কাৰ্য্যসূচী আৰম্ভ কৰে । এই কাৰ্য্যসূচীৰ অধীনত ২৫ জুলাইত হৰি -গায়ত্ৰী দাস মহাবিদ্যালয়ৰ চৌহদত গছপুলি ৰোপণৰ কাৰ্য্যসূচী ৰূপায়ন কৰা হয় ।


এটি গছপুলি ৰোপণ কৰি কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা এন এছ এছ বিশ্ববিদ্যালয় কোষৰ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে । ড০ কাকতিয়ে পৰিবেশ সংৰক্ষণ আৰু সুৰক্ষাৰ লগতে জৈৱ বৈচিত্ৰ সংৰক্ষণ কেনেদৰে হ'ব পাৰি সেই বিষয়ে মহাবিদ্যালয়ৰ স্বেচ্ছাসেৱক সকলক সজাগতা বৃদ্ধিৰ উদ্দেশ্যেৰে বক্তব্য আগবঢ়ায় ।ড০ কাকতিয়ে অনুষ্ঠানত মুখ্য অতিথি হিচাবে ভাগ লৈ প্ৰকল্পৰ লক্ষ্যৰ ওপৰত আলোকপাত কৰি কেৱল গছ পুলি ৰোপণে নহয় ,তাৰ উপযুক্ত প্ৰতিপালনৰ বাবে ঘৰৰ চৌহদত গছপুলি ৰুইয়ো যত্ন লোৱাৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰি বুলি সদৰি কৰে ।অনুষ্ঠানত উপস্থিত থাকে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিজু বৰুৱা ,এন এছ এছ ৰ কাৰ্য্যসূচী বিষয়া ড০ স্বপ্না শৰ্মা ,মহাবিদ্যালয়ৰ সহকাৰী আধ্যাপক - অধ্যাপিকা ,কৰ্মচাৰীবৃন্দৰ লগতে এন এছ এছ ৰ স্বেচ্ছাসেৱক সকল । এমাহজোৰা এই কাৰ্য্যসূচীত এন এছ এছ ৰ স্বেচ্ছাসেৱক সকলে ২০০ জোপা গছপুলি ৰোপণ কৰিবলৈ আগবাঢ়ে ।শেষত ড০ কাকতিয়ে স্বেচ্ছাসেৱক সকলক অধিক আগ্ৰহেৰে কাম কৰি যাবলৈ উৎসাহিত কৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here