গুৱাহাটীত '১১ জুলাই' ৰেষ্টুৰেণ্ট মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 11 July 2022

গুৱাহাটীত '১১ জুলাই' ৰেষ্টুৰেণ্ট মুকলি

 

W7s news গুৱাহাটী  গুৱাহাটীৰ কুমাৰপাৰাৰ এফ এ পথত অৱস্থিত শিৱানী আর্কেডত সোমবাৰে


‘১১ জুলাই’ নামৰ এখন ফাইন ডাইন ৰেষ্টুৰেণ্ট মুকলি কৰা হয়। সমাজকৰ্মী ৰাজকুমাৰ বিমলা দেৱী চৌধুৰীয়ে মুকলি কৰে এই ৰেষ্টুৰেণ্টখন। অনুষ্ঠানত ৰেষ্টুৰেণ্টখনৰ প্রতিষ্ঠাপক তথা উদ্যোগী কৃষ্ণ চৌধুৰী আৰু সহঃপ্রতিষ্ঠাপক কাজল শেঠীয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নতুন ৰেষ্টুৰেণ্টখন মুকলি সন্দৰ্ভত মহিলা উদ্যোগী কাজল শেঠীয়াই কয় যে ইয়াত একেবাৰতে ৮০ গৰাকী গ্ৰাহক বহাৰ ব্যৱস্থা আছে। য'ত দক্ষিণ ভাৰতীয়, চাইনিজ আৰু উত্তৰ ভাৰতীয় খাদ্যৰ লগতে অন্যান্য বিভিন্ন খাদ্যৰ জুতি ল'ব পাৰিব গ্ৰাহকে।তেওঁ কয় যে ‘১১ জুলাই'ৰ বিশেষত্ব হল ফাইন ডাইনৰ বাহিৰেও ইয়াত ফাষ্টফুড এলেকা আছে, য'ত ৫০ গৰাকীলোক একেলগে বহি খাদ্যৰ সোৱাদ ল'ব পাৰিব। তদুপৰি শিৱানী আৰ্কেডৰ প্ৰথম মহলাত এটা হল আছে, য’ত জন্মদিন, বিবাহবার্ষিকীৰ উপৰি অন্যান্য বিভিন্ন অনুষ্ঠান আয়োজন কৰিব পৰা যায়। ইয়াত ১৩০ গৰাকী লোক বহাৰ ব্যৱস্থা আছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here