গুৱাহাটী প্ৰেছ ক্লাৱত 'খং' চলচ্চিত্ৰৰ পোষ্টাৰ, গীতৰ ভিডিঅ' মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 6 July 2022

গুৱাহাটী প্ৰেছ ক্লাৱত 'খং' চলচ্চিত্ৰৰ পোষ্টাৰ, গীতৰ ভিডিঅ' মুকলি





W7s news গুৱাহাটী : গুৱাহাটী প্ৰেছ ক্লাৱত বুধবাৰে 

'খং' নামৰ নতুন অসমীয়া চলচ্চিত্ৰৰ পোষ্টাৰ আৰু গীত মুকলি কৰা হয়।জনপ্ৰিয় কন্ঠশিল্পী 

জুবিন গাৰ্গ আৰু বিশিষ্ট চিকিৎসক, সাংস্কৃতিক কৰ্মী ডাঃ হিতেশ বৰুৱাই চলচিত্ৰখনৰ পোষ্টাৰ কৰে। ভাষণ প্ৰসংগত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে কয়-বিগত দুবছৰত অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ দুৰ্যোগ নামি আহিছিল।অসমীয়া চলচিত্ৰ উদ্যোগলৈ সুদিন উভতি আহিব। সকলোৱে ছবিগৃহলৈ আহি চলচিত্ৰ উপভোগ কৰক। ভাল ভাল কাম হৈ থাকক। মই 'খং'চলচ্চিত্ৰ খনৰ সৈতে জড়িত সকলোকে শুভেচ্ছা জনালোঁ আৰু সফলতা কামনা কৰিলোঁ।' অনুষ্ঠান ডাঃ হিতেশ বৰুৱাই কয়- 'খং'নামটো প্ৰত্যেকৰ সৈতে জড়িত। খঙৰ  দ্বাৰা সৃষ্টি, কৃষ্টি বা ধ্বংস হ'ব পাৰে। নতুন নতুন শিল্পী সকলে এই চলচ্চিত্ৰ খনৰ জৰিয়তে আগুৱাই যাওঁক। চলচ্চিত্ৰখনৰ সফলতা কামনা কৰিলোঁ।' অনুষ্ঠানত সাংস্কৃতিক কর্মী ভূপেশ  চন্দ্ৰ দাস  উপস্থিত থাকি শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায়। অনুষ্ঠানত আদৰণি ভাষণ দিয়ে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ অৱসৰ প্ৰাপ্ত সঞ্চালক দেবেন্দ্ৰে নাথ বসুমতাৰীয়ে।চলচ্চিত্ৰ খনৰ প্ৰয়োজনা কৰিছে ডাঃ ভাৰতী বসুমতাৰী, পৰিচালনা কুলদ্বীপ বৰাৰ। চলচ্চিত্ৰখনত নবাগত অভিনেতা শ্যামন্ত ভিভানে নায়ক,নবাগত অভিনেত্ৰী গায়ত্ৰী বৰাই নায়িকাৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ লগতে ডিম্পি কাশ্যপ, অখিল ডেকা, ৰাজ বাচফৰ, জেউতি লস্কৰ আদি নবাগত শিল্পীয়ে অভিনয় কৰিছে। এবিস্কা প্ৰডাকচন ৰ বেনাৰত নিৰ্মিত চলচ্চিত্ৰখন সংগীতেৰে সজাইছে মনিষ দাস আৰু গীতত কন্ঠ দিছে জুবিন গাৰ্গ আৰু ভস্বতী বসুমতাৰীয়ে চলচ্চিত্ৰখনে চলিত বছৰৰ ৫ আগষ্টত মুক্তি লাভ কৰিব। অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্জ্বলন কৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ লগতে উপস্থিত বিশিষ্ট ব্যক্তি সকলে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here