জুবলী ফাউণ্ডেচনৰ উদ্যোগত গুৱাহাটীত মৃতকৰ অংগদান বিষয়ক আলোচনা চক্ৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 25 July 2022

জুবলী ফাউণ্ডেচনৰ উদ্যোগত গুৱাহাটীত মৃতকৰ অংগদান বিষয়ক আলোচনা চক্ৰ

 




W7s news গুৱাহাটী:  স্বেচ্ছাসেৱী সংগঠন জুবলী ফাউণ্ডেচনৰ উদ্যোগত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে  অনুষ্ঠিত হয় মৃতকৰ অংগদান বিষয়ক এক প্রেৰণাদায়ক আলোচনা চক্ৰ ৷ 'সন্মুখৰ দিশে আগুৱাই যোৱাৰ পথ শীৰ্ষক' এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰি হায়দৰাবাদৰ কিমছ হাস্পতালৰ উপাধ্যক্ষ পদ্মশ্ৰী ডাঃ সৰ্বেশ্বৰ চহৰীয়াই মৃতকৰ দেহৰ পৰা অংগ সংগ্ৰহ আৰু সংৰোপণৰ অভিজ্ঞতা ব্যক্ত কৰি কয়— আমি সংগ্ৰহ কৰা মৃতকৰ অংগ সংৰোপণ কৰা ৰোগীসকল এতিয়া সুস্থ আৰু মৰ্যাদাপূর্ণ জীৱন-যাপন কৰি আছে। আমি মৃতকৰ অংগদানৰ বাবে সৰ্বস্তৰৰ জনসাধাৰণক সচেতন কৰিব পাৰিলে জুবলী ফাউণ্ডেচনৰ সেৱাৰ সপোন পূৰ্ণ হ'ব। ডাউন টাউনৰ লিভাৰ ছাৰ্জন ডাঃ প্রাঞ্জল ডেকায়ো চিকিৎসক জীৱনৰ প্ৰথমটো যকৃত সংৰোপণৰ অভিজ্ঞতা ব্যক্ত কৰে। আনহাতে জুবলী ফাউণ্ডেচনৰ মুখ্য কাৰ্যবাহী বিষয়া প্রিয়াংকা বৰাই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহত মৃতকৰ অংগদানৰ বাবে ফাউণ্ডেচনে গ্ৰহণ কৰা পদক্ষেপসমূহৰ উল্লেখ কৰে। নিজৰ ভাষণ প্ৰসংগত মুখ্য কাৰ্যবাহী বিষয়া  বৰাই জুবলী ফাউণ্ডেচনে অসমৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল, নগালেণ্ড, মেঘালয়, মিজোৰাম আদি ৰাজ্যত সেৱাৰ পৰিসৰ বৃদ্ধি কৰা বুলি কয়। তেওঁ আৰু কয়—গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে তেজপুৰ, বৰপেটা আৰু ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, ডিব্ৰুগড়ৰৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল, মেঘালয়ৰ নেইগ্ৰিমছৰ উপৰি ব্যক্তিগত খণ্ডৰ জি এন আৰ চি, হেলথ্ চিটী, নেমকেয়াৰ, হায়াত, নাৰায়ণা হৃদয়ালয়া, শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয়, ডাউন টাউন আৰু গুৱাহাটী মেট' হাস্পতালত মৃতকৰ অংগ সংগ্ৰহ আৰু সংৰোপণৰ বাবে সহযোগিতা কামনা কৰা হৈছে। সংশ্লিষ্ঠ হাস্পতাল কর্তৃপক্ষয়ো জুবলী ফাউণ্ডেচনে মানৱ সেৱাৰ বাবে গ্ৰহণ কৰা আঁচনি ৰূপায়ণত সহযোগিতা আগবঢ়াব বুলি নিশ্চয়তা দিছে। জুবলী ফাউণ্ডেচনৰ প্রতিষ্ঠাতা তথা অধ্যক্ষ জুবলী বৰুৱাই আলোচনাত অংশগ্ৰহণ কৰি কয়— পৰৱৰ্তী সময়ত পুনৰ এখন আলোচনা চক্র অনুষ্ঠিত কৰা হ'ব আৰু এই ক্ষেত্ৰত তেওঁ সকলোৰে সহযোগিতা আশা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here