২৩-২৪ জুলাইত বিজয়নগৰ চহৰত অসম ৰাজ্যিক আশা ইউনিয়নৰ ৰাজ্যিক সন্মিলন সফল সামৰণি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 24 July 2022

২৩-২৪ জুলাইত বিজয়নগৰ চহৰত অসম ৰাজ্যিক আশা ইউনিয়নৰ ৰাজ্যিক সন্মিলন সফল সামৰণি

 W7s news ষ্টাফৰিপোৰ্টাৰ : দক্ষিণ কামৰূপ ::: ২৩ আৰু ২৪ জুলাইত।


দুদিনীয়া কাৰ্যসূচীৰে দক্ষিণ কামৰূপৰ বিজয়নগৰ চহৰত অনুষ্ঠিত 

"অসম ৰাজ্যিক আশা ইউনিয়ন"ৰ দ্বিতীয় ৰাজ্যিক সন্মিলনখনিৰ আজি সামৰণি পৰে। সন্মিলনৰ আৰম্ভণিতে ইউনিয়নৰ পতাকা উত্তোলন কৰে ইউনিয়নৰ সভানেত্ৰী টুটুমণি লাহন আৰু চি আই টি ইউৰ পতাকা উত্তোলন কৰে চি আই টি ইউৰ দক্ষিণ কামৰূপ জিলা সভাপতি মদন তালুকদাৰে। সন্মিলনৰ বাবে গঠিত হোৱা অভ্যৰ্থনা সমিতিৰ সভাপতি ডাঃ দেৱেশ্বৰ দাসে আদৰণি ভাষণ ৰখাৰ পিছতে সন্মিলনৰ উদ্বোধনী ভাষণ ৰাখে সৰ্বভাৰতীয় আশাকৰ্মী সমন্বয়ৰক্ষী সমিতিৰ নেত্ৰী তথা চি আই টি ইউ হাৰিয়ানা ৰাজ্যিক সমিতিৰ সভানেত্ৰী কমৰেড সুৰেখাই মুখ্য বক্তা হিচাবে বক্তব্য প্ৰদান কৰে। সন্মিলনত সম্পাদকীয় প্ৰতিবেদন উত্থাপন কৰে ইউনিয়নৰ সাধাৰণ সম্পাদিকা ননী লিকচন ফুকন আৰু কোষাধ্যক্ষাৰ প্ৰতিবেদন উত্থাপন কৰে ইনাজ বেগমে। অসমৰ বৰাক আৰু ব্ৰহ্মপুত্ৰ দুয়ো উপত্যকাৰ সমূহ জিলাৰ পৰা অহা প্ৰতিনিধি সকলে প্ৰতিবেদনৰ ওপৰত আলোচনা কৰে আৰু প্ৰতিবেদন সৰ্বসন্মতিক্ৰমে গৃহীত হয়। সন্মিলনে অসমৰ বান-গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত, ঔষধকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে, ভাৰতীয় শ্ৰম সন্মিলনৰ ৪৫ সংখ্যক অধিবেশনত অনুমোদন হোৱা বিষয়সমূহ কাৰ্যকৰী কৰাৰ দাবীত, শ্ৰমজীৱী মহিলাৰ বাবে সু-ব্যৱস্থা আৰু সুৰক্ষাৰ দাবীত প্ৰস্তাৱ গ্ৰহণ কৰে। সন্মিলনে মমতা তালুকদাৰক সভানেত্ৰী, ননী লিকচন ফুকনক সাধাৰণ সম্পাদিকা আৰু স্বপ্না দেৱীক কোষাধ্যক্ষ হিচাপে লৈ ৩২ জনীয়া ৰাজ্যিক কমিটি গঠন কৰি দিয়ে। সন্মিলনে আগন্তুক ১৬ৰ পৰা ১৮ ছেপ্টেম্বৰ-২০২২লৈ আশা কৰ্মী সকলৰ সৰ্বভাৰতীয় সমন্বয়ৰক্ষী কমিটিৰ হাৰিয়ানাত হ'বলগীয়া সৰ্বভাৰতীয় সন্মিলনলৈ সাত জনীয়া প্ৰতিনিধি নিৰ্বাচন কৰে। সন্মিলন উপলক্ষে প্ৰকাশিত স্মৰণিকাখনি উন্মোচন কৰে সেনাবাহিনীৰ প্ৰাক্তন কেপ্টেইন ডাঃ গিৰীশ চন্দ্ৰ বৰুৱাই। ২৪ জুলাইৰ আবেলি বাটৰহাটত টুটুমণি লাহন আৰু মমতা তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত আশা কৰ্মী, ৰন্ধন কৰ্মী, অঙ্গনৱাড়ী কৰ্মী-সহায়িকা, নিৰ্মাণ শ্ৰমিককে ধৰি স্থানীয় সৰু-সৰু শিল্প-কাৰখানাৰ শ্ৰমিকে এই মুকলি সভাত যোগ দিয়ে। মুকলি সভাত বক্তব্য ৰাখে কেন্দ্ৰীয় নেত্ৰী কমৰেড সুৰেখা, চি আই টি ইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা, আৰু চি আই টি ইউৰ জিলা সম্পাদক হিতেশ দাসে। সভাত চি আই টি ইউৰ ৰাজ্যিক নেতা বিৰেণ শৰ্মা, চি আই টি ইউৰ ৰাজ্যিক কোষাধ্যক্ষ তথা আশা ইউনিয়নৰ উপদেষ্টা বিজন দাসেও অংশগ্ৰহণ কৰে। মুকলি সভাৰ আগতে এক বৰ্ণাঢ্য শোভাযাত্ৰাও অনুষ্ঠিত হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here