সৃষ্টিৰূপা উদ্যোগত কৰ্মশালা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 18 July 2022

সৃষ্টিৰূপা উদ্যোগত কৰ্মশালা

 






W7s news গুৱাহাটী : শিশু সকলৰ সৰ্বাংগীন বিকাশলৈ লক্ষ্য ৰাখি ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত আৰু  'সৃষ্টিৰূপা'(এটি সামাজিক-সাংস্কৃতিক অনুষ্ঠান), গুৱাহাটীৰ উদ্যোগত তথা 'সৃষ্টিৰূপা' ৰ সভাপতি বন্দনা তালুকদাৰৰ পৰিকল্পনাত ৫ জুলাই ৰ পৰা ১৪ জুলাই লৈ 'সৃষ্টিৰূপা'ৰ কাৰ্য্যালয়ত  দহ দিনীয়া কৰ্মশালা আয়োজন কৰা হয়। ২৪ জন ছাত্র-ছাত্ৰীয়ে অংশ গ্রহন কৰা এই কৰ্মশালাত সংগীত তথা সাহিত্যৰ লগত জড়িত  কিছু জ্ঞান দিয়াৰ বাবে , মূকাভিনয়, লোকগীত, চিত্ৰশিল্প, যোগাসন, চকুৰ প্ৰতি ল'ব লগীয়া সাৱধানতা, পুতলা নাচৰ সাম্যক জ্ঞান, সত্ৰীয়া সংস্কৃতি তথা সত্ৰীয়া নৃত্যৰ সাম্যক জ্ঞান  প্ৰদান কৰাৰ বাবে (এদিন এগৰাকীকৈ) আমন্ত্রণ কৰি অনা হৈছিল, ক্ৰমে- মিতালী দে, প্রণতি তালুকদাৰ মুদিয়াৰ, বিজিত কুমাৰ দাস, কল্পনা তালুকদাৰ, অভিলাভ দত্ত, জৱান ৰাভা আৰু অঞ্জনা দাস, ডা° পাৰ্থ প্ৰতীম, অৰ্চনা তালুকদাৰ, দয়া ৰাম বৰাক । ইয়াৰ লগতে ১০ দিনীয়া কৰ্মশালাত অংকীয়া নাটৰ আৰ্হিত মহাপুৰুষজনাৰ কালীয় দমন নাটৰ লগতে অসমৰ লোকগীত আৰু লোকনৃত্যৰ সমাহাৰেৰে  বাৰেৰহনীয়া সংস্কৃতি  সমৃদ্ধ অনুষ্ঠান প্ৰস্তুত কৰি তোলে শিক্ষাগুৰু  বন্দনা তালুকদাৰ, জলীমণি শইকীয়া,পিংকু ডেকা, ভায়োলিনা মেধিয়ে ।১৫ জুলাইত গুৱাহাটী, উজান বজাৰস্হিত ' কুমাৰ ভাস্কৰ নাট্য মন্দিৰ'ত 'সাংস্কৃতিক সন্ধিয়া'ৰ আয়োজন কৰা হয়। বন্তি প্ৰজ্বলনেৰে 'সাংস্কৃতিক সন্ধিয়া ' অনুষ্ঠানটি মুকলি কৰে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালৰ বৰদোৱা সাংস্কৃতিক কেন্দ্রৰ সাংস্কৃতিক উন্নয়ন বিষয়া  সৌৰভ কুমাৰ পাণীফুকনে। বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে ক্ৰমে- অজন্তা দাস(প্ৰাক্তন অধ্যক্ষা( মহৰ্ষি বিদ্যা মন্দিৰ, ৰাজগড় তথা বৰ্তমান তত্ত্বাবধায়ক, মহৰ্ষি কিত্চ হোম) , জ্যোতিপ্রসাদ চহৰীয়া (অধ্যক্ষ, পূৰ্বোত্তৰ ইঞ্চটিউত ফৰ পাৰচঞ্চচ অব দিজেবিলিটিজ), পূৰ্ণিমা বিস্বাস (অধ্যক্ষা, মহৰ্ষি বিদ্যা মন্দিৰ,গোটানগৰ ), কল্পনা ৰাজকুমাৰ (উত্তৰ -পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ অধ্যক্ষা)। উল্লেখ‍্য, অনুষ্ঠানটোত বিশেষভাবে সক্ষম শিশু সকলৰ লগতে 'সৃষ্টিৰূপা' তত্ত্বাবধানত 'ধ্ৰুৱী কলা কেন্দ্র' ৰ শিশু সকলেও আটক ধুনীয়া লোক গীত - নৃত্য পৰিবেশন কৰে। বিভিন্ন ৰং-বিৰঙৰ অনুষ্ঠানৰ সমাহাৰেৰে সাংস্কৃতিক সন্ধিয়া উপভোগ্য কৰি তোলে কৰ্মশালাৰ শিশু সকলে। অনুষ্ঠানৰ শেষত প্ৰতিগৰাকী শিশুকেই মানপত্র প্ৰদান কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here