হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীর্ণ ছাত্র-ছাত্রী, সাংবাদিকক বিশেষ সম্বর্ধনা বধিৰ সন্হাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 18 July 2022

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীর্ণ ছাত্র-ছাত্রী, সাংবাদিকক বিশেষ সম্বর্ধনা বধিৰ সন্হাৰ

 



দিব্যাংগ ছাত্ৰ ছাত্ৰী সকল শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হব নোৱাৰে- কিশোৰ ঠাকুৰীয়া





W7s news গুৱাহাটী: ক্ৰীড়াৰ ক্ষেত্ৰত বধিৰসকলৰ বাবে এখন অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণৰ প্ৰয়োজনীয়তা আছে৷ দিব্যাংগ সকলেও সমাজত সকলো মৰ্যাদা পাব লাগে৷ চৰকাৰী শিক্ষা ব্যৱস্থাত দিব্যাংগ ছাত্ৰ ছাত্ৰী সকল শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হব নোৱাৰে৷ এই মন্তব্য সামাজিক ন্যায় আৰু সৱলীকৰণৰ সঞ্চালক কিশোৰ ঠাকুৰীয়াৰ৷ সোমবাৰে গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত অসম বধিৰ সন্থাই আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকি সঞ্চালক গৰাকীয়ে এনেদৰে কয়৷ তেওঁ লগতে কয় অসম বধিৰ সন্থাই হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীর্ণ ছাত্র-ছাত্রী, সাংবাদিকক সম্বৰ্ধনা জনোৱা বিষয়টোক ভূয়সী প্ৰশংসা কৰে৷ ভাষনত তেওঁ কয় দিব্যাংগৰ বাবে অনুষ্ঠিত ৫১১টা চতুৰ্থ বৰ্গৰ নিযুক্তিত খেলিমেলিৰ কথা স্বীকাৰ কৰি ইয়াক অতি সোনকালে চৰকাৰৰ লগত আলোচনা কৰি সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে৷ উল্লেখ্য যে অসম বধিৰ সন্থাৰ ৬২ সংখ্যক প্রতিষ্ঠা দিৱস, উত্তৰ পূৰ্বাঞ্চল বধিৰ মহাবিদ্যালয়ৰ ১৩ সংখ্যক প্রতিষ্ঠা দিৱস লগতে, অসম বধিৰ মহিলা সমিতিৰ ২০ সংখ্যক প্রতিষ্ঠা দিৱস উপলক্ষে আয়োজিত সভাত চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীর্ণ ছাত্র-ছাত্রীৰ লগতে ৬গৰাকী সাংবাদিকক বিশেষভাৱে সম্বর্ধনা জনায়৷ প্ৰতিগৰাকীকে ফুলাম গামোচা, জাপি, মানপত্ৰ, কিতাপৰ টোপোলা, আৰু একোটিকৈ উপহাৰ প্ৰদান কৰে৷ স্বৰ্নলতা পেগুয়ে সভাপতিত্ব কৰা সভাখনতে এইবছৰ বধিৰ মহাবিদ্যালয়ৰ পৰা দ্বাদশ শ্ৰেণীৰ প্ৰথম বিভাগত ষ্টাৰ মাৰ্কসহ ভাল ফলাফল লাভ কৰা জনক সম্বৰ্ধনাৰ লগতে ২০,০০০ হাজাৰ টকা আৰু দ্বিতীয় স্থান প্রাপ্তক ১০,০০০ হাজাৰ টকাকৈ পুৰস্কৃত কৰা হয়৷ অসম বধিৰ সন্হাৰ অবৈতনিক সাধাৰণ সম্পাদক তপন কুমাৰ শৰ্মাই আদৰনী ভাষন আৰু প্ৰতিবেদন পাঠ কৰা সভাখনত অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেতা অতুল পাচনী, উত্তৰ পূৰ্বাঞ্চল বধিৰ মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী বৰুৱাকে ধৰি কেইবাজনে বক্তব্য প্ৰদান কৰে৷ জনপ্ৰিয় মুকাভিনয় শিল্পী মৃনাংক ডেকাৰ মুকাভিনয়ে উপস্থিত ছাত্ৰ ছাত্ৰী সকলক আপ্লুত কৰে৷ অনুষ্ঠানত অসম বধিৰ সন্হাৰ অতীত আৰু ভৱিষ্যত সম্পৰ্কে ভিডিঅ’ প্ৰদৰ্শন কৰা হয়৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here