সদৌ অসম অ-প্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সংবাদ মেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 19 July 2022

সদৌ অসম অ-প্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সংবাদ মেল







W7s news গুৱাহাটী:  ৰাজ্যৰ ২৬৪৮খন শিক্ষানুষ্ঠানৰ ২৪,৪৩৫ শিক্ষক কৰ্মচাৰীয়ে বিগত ২০ ৰ পৰা ৩০ বছৰে বিনা বেতনে শিক্ষাদান কৰাৰ পাছতো চৰকাৰে বঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম অ-প্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সংস্থাই। সংস্থাৰ উদ্যোগত মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত সংস্থাৰ সাধাৰণ সম্পাদক হৰ মোহন বড়াই এই অভিযোগ উত্থাপন কৰি কয় -চৰকাৰে আমাক বছৰ বছৰ ধৰি কেৱল বঞ্চনা কৰিলে। আমাক প্ৰাদেশীকি কৰণৰ পৰা বঞ্চিত কৰা হ'ল। 

চৰকাৰে যদি আমাক প্ৰাদেশীকিকৰণ নকৰে তেনেহলে তেওঁলোকে সেই কথা স্পষ্টভাৱে জনোৱা উঠিত। লগতে আমাক জীয়াই থকাৰ বাবে বিকল্প ব্যৱস্থা কৰি দিয়ক।

২০০৬ চনৰ পহিলা জানুৱাৰীৰ পূৰ্বে স্থাপিত আৰু চৰকাৰী অনুমতি/স্বীকৃতিপ্রাপ্ত ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান সমূহ প্ৰাদেশিকীকৰণ আইনৰ আওতাত আনিব লাগে । বিদ্যালয় পৰিচালনা সমিতিয়ে দিয়া নিযুক্তি পত্ৰ সমূহ বাহাল ৰাখিব লাগে আৰু ২০২০ চন পর্যন্ত ইউ-ডায়েছ / ইউ ডায়েছ প্লাছ নাম থকা শিক্ষক-কর্মচাৰীৰ পদসমূহ প্ৰাদেশিকীকৰণ কৰিব লাগে ।  নিম্ন প্রাথমিক বিদ্যালয়ত ২০০৯-১০ ডায়েছৰ সলনি বৰ্তমানলৈকে থকা যিকোনো ডায়েছ ক ধৰি প্ৰাদেশিকীকৰণৰ যাৱতীয় প্রক্রিয়া সম্পন্ন কৰিব লাগে ।এম.ই. স্কুল/মাদ্রাছা বাদ পৰা শিক্ষক-কর্মচাৰীৰ আৰু ইচ্ছু ডেট  উঠাই দি পদসমূহ প্ৰাদেশিকীকৰণ কৰিব লাগে । হাই স্কুলত যিহেতু ২০১০  চনলৈ তিনিটা শ্রেণী আছিল, সেয়ে ভিত্তি বর্ষ ২০০৬ চনক ধৰিলে অষ্টম শ্ৰেণীকহে প্রথম শ্রেণী হিচাপে ধৰি লৈ প্ৰাদেশিকীকৰণৰ ব্যৱস্থা কৰিব লাগে ।  ২০১৭-২০১৮ (সং) অসম শিক্ষা আইন সংশোধন কৰি নৱম শ্ৰেণীৰ সলনি অষ্টম শ্ৰেণীক প্রথম শ্রেণী হিচাপে ধৰি প্ৰাদেশিকীকৰণ কৰিব লাগে ।

২০০৬ চনৰ পহিলা জানুৱাৰীৰ আগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অবতীর্ণ হোৱা বিদ্যালয় সমূহ প্ৰাদেশিকীকৰণৰ আওতালৈ আনিব লাগে । হিন্দী ভাষা যিহেতু ৰাষ্ট্ৰীয় ভাষা। সেয়ে সদ্য প্রাদেশীকিকৃত উচ্চ প্রাথমিক বিদ্যালয় সমূহ হিন্দী শিক্ষক সকলৰ পদ প্রাদেশীকিকৰণ নকৰি অসমৰ দুখীয়া ছাত্ৰ-ছাত্ৰীসকলক হিন্দী ভাষা শিক্ষাৰ পৰা বঞ্চিত কৰাৰ পৰিৱৰ্ডে অতি শীঘ্ৰে বাদ কৰি খোৱা হিন্দী শিক্ষক সকলৰ পদ সমূহ প্ৰাদেশীকিকৰণ ব্যৱস্থা কৰিব লাগে। অন্যথা ভাৰত চৰকাৰৰ শিক্ষা মন্ত্রানালয়ৰ দাৰস্থ হ'বলৈ বাধ্য থাকিম। চলিত বছৰৰ ২০ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া অসম চৰকাৰৰ বিধান সভাৰ শীতকালীন অধিবেশনত উপৰোক্ত দাবীসমূহ মানি লৈ কাৰ্য্য কৰি ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত নললে অনাগত দিনত সদৌ অসম অপ্রাদেশীকিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই "সমূহীয়া আত্মজাহ” কাৰ্য্য সূচী ল'বলৈ বাধ্য হম আৰু তাৰ বাবে "অসম চৰকাৰৰেই হ'ব জগৰীয়া হ'ব। 

আমি বুধবাৰে এই দাবীৰ ভিত্তিত চচলত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। যদিহে মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীয়ে আমাৰ দাবী মানি নলয় তেনেহলে আমি শিক্ষা মন্ত্ৰীৰ বাসভৱন ঘেৰাও কাৰ্যসূচী, পৰবৰ্তী সময়ত  ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ,ৰেলপথ অৱৰোধ ,যন্তৰ মন্তৰত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ‍্য হ'ম।' সংবাদ মেলত সংস্থাৰ সভাপতি ৰাজু কুলি প্ৰমুখ্যে অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here