অজাপৰ ভাষা দিৱসৰ কাৰ্যসূচীত লুৰীণজ্যোতি গগৈৰ ঘোষণা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 4 July 2022

অজাপৰ ভাষা দিৱসৰ কাৰ্যসূচীত লুৰীণজ্যোতি গগৈৰ ঘোষণা

 ৰঞ্জিত বৰপূজাৰী হত্যাৰ ন্যায় নোপোৱালৈকে জাতীয় পৰিষদ কেতিয়াও ক্ষান্ত নহয় : 


ভাষা জীয়াই থাকিলেহে আমি জাতীয় স্বাভিমান জীয়াই ৰাখিব পাৰিম-লুৰিণজ্যোতি গগৈ




W7s news গুৱাহাটী: অসমৰ ভাষা আন্দোলনৰ প্ৰথমজন শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ পবিত্ৰ স্মৃতিত সোমবাৰে অসম জাতীয় পৰিষদ দলে ৰাজ্যজুৰি " ভাষা দিৱস" কাৰ্য্যসূচী পালন কৰে। উল্লেখ্য,১৯৬০ চনৰ ৪ জুলাইৰ দিনটোতে আৰক্ষী বাহিনীয়ে গুৱাহাটীৰ কটন কলেজ ছাত্ৰাবাসত প্ৰৱেশ কৰি মেধাৱী ছাত্ৰ ৰঞ্জিত বৰপূজাৰীক নিৰ্মমভাবে গুলীয়াই হত্যা কৰিছিল। 

সোমবাৰে ৰাজ্যৰ প্ৰায়সমূহ জিলা সদৰত জাতীয় পৰিষদৰ জিলা সমিতিসমূহে ভাষা দিৱসৰ কাৰ্যসূচী পালন কৰে৷ গুৱাহাটীত দলৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে চানমাৰিৰ পেন্সনাৰ ভৱন প্ৰেক্ষাগৃহত সৰ্বধৰ্ম প্ৰাৰ্থনাৰে শুভাৰম্ভ কৰা "ভাষা দিৱস" ৰ কাৰ্যসূচী শ্বহীদ গৰাকীৰ প্ৰতিচ্ছবিত সভাপতি লুৰীণজ্যোতি গগৈয়ে শ্ৰদ্ধাঞ্জলি জনাই মুকলি কৰে। নিজৰ ভাষণত সভাপতি গগৈয়ে জাতিৰ ভৱিষ্যতৰ বাবে নিজৰ বৰ্তমানক উচৰ্গা কৰা বীৰ শ্বহীদজনৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ লগতে ঘোষণা কৰে যে অতি অন্যায় ভাৱে আৰক্ষীক ৰক্ষণাবেক্ষণ দিবলৈ  আৰক্ষীৰ গুলিত নিহত হোৱা ৰঞ্জিত পূজাৰী লোহাৰ জোং থকা বেৰ পাৰ হবলৈ যোৱাতহে মৃত্যু হৈছিল বুলি প্ৰমাণ কৰিব বিচৰা ঘটনা জাতীয় পৰিষদে কেতিয়াও গ্ৰহণ নকৰে। ৰঞ্জিত বৰপূজাৰী হত্যাৰ ন্যায় নোপোৱালৈকে জাতীয় পৰিষদ কেতিয়াও ক্ষান্ত নহয় বুলি  গগৈয়ে দৃঢ়তাৰে ঘোষণা কৰে। তেওঁ লগতে কয়-

ভাষা জীয়াই থাকিলেহে আমি জাতীয় স্বাভিমান জীয়াই ৰাখিব পাৰিম। ভাষা জাতীয়তাবাদৰ আয়ুস ৰেখা।

অসমীয়া তথা অন্যান্য জনগোষ্ঠীয় ভাষাৰ সংৰক্ষণৰ বাবে আমি কাম কৰি যাম। অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ সমূহৰ শ্রীবৃদ্ধিৰ বাবে কাম কৰি যাম। ভাষাই হৈছে এটা জাতিৰ জাতিয়তাবোধ আৰু জাতিটোৰ ভৱিষ্যত ভাষাৰ ওপৰত নিৰ্ভৰশীল।' আনহাতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰঞ্জিত বৰপূজাৰী হত্যাৰ প্রত্যক্ষদৰ্শী ললিত ভৰালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গঙ্গাপদ চৌধুৰীয়ে সেই সময়ৰ একাংশ বাংলাভাষী লোকৰ অসমীয়া ভাষাৰ প্ৰতি থকা বিদ্বেষৰ কথা মুকলিকৈ প্ৰকাশ কৰে। তেওঁ লগতে আক্ষেপ কৰি কয় যে "নিজৰ চকুৰ সমুখতে আৰক্ষীৰ গুলিত নিহত হোৱা এটা ঘটনাক যেতিয়া অতি কৌশলেৰে আইনীভাবে অন্য ৰূপ দিয়া দেখিলো , সেই দিনটোৰ পৰাই আইন, আদালত ব্যৱস্থাটোৰ প্ৰতি মোৰ বিশ্বাস নোহোৱা হৈ গ'ল"। শেষত সন্দিকৈ মহাবিদ্যালয়ৰ  সহকাৰী অধ্যাপক লক্ষী হাজৰিকাই অসমীয়া ভাষাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কত অতি তাৎপৰ্যপূৰ্ণ বক্তব্য প্ৰদান কৰে।  হাজৰিকাই অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধি সম্পৰ্কত তেওঁ যথেষ্ট আশাবাদী বুলিও প্ৰকাশ কৰে। ইফালে

অসম জাতীয় পৰিষদৰ হোজাই জিলা সমিতিয়ে লংকা বামুনগাঁৱত ভাষা দিৱস পালন কৰে৷ বামুনগাঁওস্থিত লামডিং উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত শ্বহীদ তৰ্পন কৰে শ্বহীদভাতৃ তথা বিশিষ্ঠ শিক্ষাবিদ নুমল শইকীয়াই৷ শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি  অৰ্পনৰ আৰম্ভণি কৰে বিশিষ্ঠ নাগৰিক নাৰায়ন বৰাই৷ দলৰ হোজাই জিলা সমিতিৰ সভাপতি লুটফুৰ ৰহমানৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাত দলৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান, প্ৰাক্তন ছাত্ৰ নেতা দীনেশ বৰাসহ কেইবাগৰাকী বক্তাই ভাষণ দিয়ে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here