দেশৰ ভিতৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সৰ্বাধিক মগজুৰ স্ট্ৰোক হয় - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 22 July 2022

দেশৰ ভিতৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সৰ্বাধিক মগজুৰ স্ট্ৰোক হয়

 



বিশ্ব মস্তিষ্ক দিৱস পালন




W7s news গুৱাহাটী: 'দেশৰ ভিতৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সৰ্বাধিক মগজুৰ স্ট্ৰোক হয়। ভাৰতৰ আন ঠাইৰ তুলনাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত তিনি গুণ বেছি মগজুৰ স্ট্ৰোক। সমগ্ৰ বিশ্বত হৃদ ৰোগত বহু লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আমাৰ দেশত মগজুৰ স্ট্ৰোকত অধিকাংশ লোকৰ মৃত্যু হয়-এইদৰে কয় হায়াত হাস্পতালৰ জ্যেষ্ঠ নিউৰ'লজিষ্ট ডাঃ অৰিন্দম কাকতিয়ে। শুকুৰবাৰে হাস্পতালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয়-অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকে খাদ্যত অধিক পৰিমাণৰ নিমখ গ্ৰহণ কৰে। তদুপৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকে অধিক পৰিমানে সুৰাপান কৰে। বংশগত কাৰণতো কেতিয়াবা মগজুৰ ষ্টোক হয়।  বিশেষকৈ ৩০ ৰ পৰা ৭০ বছৰ বয়সৰ লোকৰ মাজত মগজুৰ ষ্টোক  হোৱা দেখা যায়।।The stroke epidemiology and stroke care services in india’ নামৰ এক গৱেষণা পত্ৰত প্ৰকাশ পোৱা তথ্য অনুসূৰী ভাৰতত নগৰ অঞ্চলত প্ৰতি এক লাখ লোকৰ ভিতৰত ৪২৪ জন লোকৰ মগজুৰ স্ট্রোক হয় আনহাতে গাঁও অঞ্চলত ইয়াৰ পৰিমাণ ২৬২জন। বৰ্তমান মগজুৰ স্ট্রোক ৰোগ বিধ এক ভয়াবহ ৰোগ হিচাপে সমগ্ৰ বিশ্বত চিহ্নিত হৈছে। শেহতীয়া গৱেষণা অনুসৰি উত্তৰ পূৰ্বাঞ্চলত বৰ্ত্তমান মগজুৰ স্ট্রোক  ৰোগীৰ সংখ্যা দিনে দিনে বাঢ়িব লৈছে। উন্নত মানৰ চিকিৎসা তথা মানুহৰ মাজত যদি এই ৰোগৰ প্ৰতি সজাগতা বৃদ্ধি কৰিব পৰা যায় তেন্তে মগজুৰ স্ট্রোকৰ পৰা মানুহক বচাব পাৰি।

চিকিৎসকৰ মতে স্ট্রোক হোৱা ৰোগীৰ বাবে সময়টো খুব জৰুৰী। যদি অতি কম সময়ৰ ভিতৰত হাস্পতাল আহি পায় তেন্তে মানুহ মৃত্যু মুখৰ পৰা হাত সাৰিব পাৰে। ইয়াৰ বাবে 'FASTER the Better' শীৰ্ষক এক টেগ লাইনৰ জৰিয়তে হায়াত হস্পিতালে সমগ্ৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ মাজত এক সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন সংবাদ মাধ্যম, অন্য মাধ্যম লগতে স্থানীয় মতামত নেতাৰ জড়িয়তে মগজুৰ স্ট্রোক সম্পৰ্কীয় ৰোগৰ বিষয়ে মানুহক সজাক কৰিবলৈ এক   লক্ষ্য নিদ্ধাৰণ কৰিছে। আৰু আজিৰে পৰা সমগ্ৰ অসমত faster the better শীৰ্ষক শ্লোগানেৰে এক জন সজাগতাৰ লক্ষ্য লোৱা হয়।

সঠিক সময়ত সঠিক চিকিৎসাৰ দ্বাৰা এই ৰোগ নিৰ্মূল কৰিব পৰা যায়। ইফালে বিশ্ব মগজু দিৱসৰ লগত সংগতি ৰাখি হায়াত চুপাৰ স্পেচিয়েলিটি হাস্পতালত উদ্বোধন কৰা হয় কমপ্ৰিহেনছিভ স্ট্রোক ইউনিত আৰু মোবাইল স্ট্রোক ইউনিত। হায়াত হাস্পতাল গুৱাহাটীয়ে মগজুৰ ষ্ট'ক সম্পৰ্কে উত্তৰ পূৰ্বাঞ্চল আৰু অসমৰ জনসাধাৰণৰ মাজত সজাগতা আনিবলৈ বিশ্ব মগজু দিৱসৰ লগত সংগতি ৰাখি কমপ্ৰিহেনছিভ স্ট্রোক ইউনিত আৰু মোবাইল স্ট্রোক ইউনিত শুভ উদ্বোধন কৰে বিশিষ্ট লেখিকা, সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে। হায়াত চুপাৰ স্পেচিয়েলিটি হাস্পতাল গুৱাহাটীৰ জ্যেষ্ঠ নিউৰ' চার্জন ডাঃ অৰিন্দম কাকতিৰ নেতৃত্বত বিশ্ব মগজু দিৱসৰ লগত সংগতি ৰাখি হাস্পতাল খনত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো কমপ্ৰিহেনছিভ স্ট্রোক ইউনিত প্ৰতিষ্ঠা কৰা হৈছে। । এই ইউনিতত অভিজ্ঞ জেষ্ঠ নিউৰ' চার্জন, নিউৰ' লজিষ্ট, ইন্টাৰভেনচনেল নিউৰ'লজিষ্ট, জৰুকালীন চিকিৎসক, ক্ৰিটিকেল কেয়াৰৰ চিকিৎসক, নাৰ্চ, ডাটেছিয়ান আদিৰ এটা দল থাকিব আৰু য'ত স্নায়ু জড়িত আৰু মগজুৰ স্ট্রোক জড়িত সকলো চিকিৎসা কৰা হ'ব। ইয়াৰ উপৰিও হাস্পতাল কৰ্তৃপক্ষই এখন সুকীয়া আৰু বিশেষ এম্বুলেন্স সেৱাও মুকলি কৰে। আজি দিনৰ ১১ বজাত, বিশ্ব মগজু দিৱসৰ লগত সংগতি ৰাখি হায়াত হস্পিতালে আয়োজন কৰা এই কমপ্ৰিহেনছিভ স্ট্রোক ইউনিত আৰু  মোবাইল স্ট্রোক ইউনিতৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জনপ্ৰিয় লেখীয়া অনুৰাধা শৰ্মা পূজাৰী,গায়িকা জুৱলী বৰুৱা, ডাঃ অৰিন্দম কাকতি লগতে হায়াত নিউৰ' চেণ্টাৰৰ চিকিৎসক তথা হস্পিতাল খনৰ চিকিৎসক, অসমৰ বিভিন্ন ঠাইৰ পৰা নিমন্ত্ৰণ কৰা অ'পিনিয়ন লিডাৰ সকল আৰু গুৱাহাটী  পৌৰ নিগমৰ ডেপুটি মেয়ৰ স্মিতা ৰয় আৰু অন্য আমন্ত্ৰিত ব্যক্তি সকল। আমি যদি মানুহৰ মাজত মগজুৰ স্ট্রোকৰ ওপৰত সজাগতাৰ সৃষ্টি কৰিব পাৰো আৰু ৰোগীক আধুনিক চিকিৎসা সেৱা দিব পাৰোঁ তাৰ বাবে এই কমপ্ৰিহেনছিভ স্ট্রোকৰ ইউনিত আৰু  মোবাইল স্ট্রোকৰ ইউনিতৰ মুকলি কৰিছোঁ। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত আজি মগজুৰ স্ট্রোকৰ সংখ্যা বাঢ়িছে। গতিকে হায়াত হাস্পতালে মগজুৰ স্বাস্থ্যৰ বাবে কাম কৰিবলৈ আৰু এক নতুন উদ্যমেৰে প্রয়াস  কৰিছোঁ। সজাগতা বৃদ্ধিৰ বাবে আমি আকৌ কাম কৰি যাম। উল্লেখযোগ্য যে এই অনুষ্ঠানত আমন্ত্ৰণ কৰা লেখিকা অনুৰাধা শৰ্মা পূজাৰী, জুৱলী বৰুৱাই নিজৰ ভাষণ ৰাখে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here