সত্ৰীয়া নৃত্য, বৰগীত আৰু খোল বাদনৰ কৰ্মশালা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 29 July 2022

সত্ৰীয়া নৃত্য, বৰগীত আৰু খোল বাদনৰ কৰ্মশালা

 



W7s news গুৱাহাটী : অসম সত্ৰ মহাসভা পৰীক্ষা পৰিষদৰ উদ্যোগত শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতি আৰু কল্পতৰু সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত সত্ৰীয়া নৃত্য, বৰগীত আৰু খোল বাদনৰ কৰ্মশালা শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। গুৱাহাটীৰ পল্টন বজাৰস্থিত শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতিত আৰম্ভ হোৱা কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত অসম সত্ৰ মহাসভাৰ সম্পাদক কুসুম কুমাৰ মহন্ত, সত্ৰীয়া গুৰু গোবিন্দ শইকীয়া, গোলাপ বৰবায়ন আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটো আঁত ধৰে  দ্বিজেন বৰ্মন  আৰু ৰমেন দাসে। উল্লেখ্য, স্নাতকোত্তৰ (এম.মিউজ) আৰু বিশাৰদ পৰ্যায়ৰ শিক্ষাৰ্থীৰ বাবে আয়োজন কৰা এই কৰ্মশালাৰ ৩১ জুলাইত সামৰণি পৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here