বিদ্যালয়ত অংক আৰু বিজ্ঞানৰ মাধ্যম ইংৰাজী কৰাৰ পূৰ্বে শিক্ষকক উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰক ঃ আম আদমি পাৰ্টী (আপ) - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 29 July 2022

বিদ্যালয়ত অংক আৰু বিজ্ঞানৰ মাধ্যম ইংৰাজী কৰাৰ পূৰ্বে শিক্ষকক উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰক ঃ আম আদমি পাৰ্টী (আপ)

 




W7s news গুৱাহাটী ঃ যি সময়ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই চিকিৎসা আৰু অভিযান্ত্ৰিক শিক্ষাৰ পাঠদান অসমীয়া মাধ্যমত কৰাৰ ঘোষণা কৰি থৈছে, তেনে সময়তে অসম কেবিনেটে বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে অংক আৰু বিজ্ঞানৰ মাধ্যম ইংৰাজী কৰিবলৈ লোৱা সিদ্ধান্ত আম আদমি পার্টীয়ে আশ্চৰ্য প্ৰকাশ কৰিছে। শিক্ষা প্ৰদানৰ মাধ্যমৰ ক্ষেত্ৰত চৰকাৰে এক সুনির্দিষ্ট নীতি গ্রহণ কৰিব পৰা নাই। এই ক্ষেত্ৰত আমাৰ কণ কণ শিক্ষাৰ্থীসকলক বিজেপি চৰকাৰে গিনিপিগ সজাইছে। এই অভিযোগ আম আদমি পাৰ্টীৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীৰ। তৃতীয় শ্ৰেণীৰ পৰা দশম শ্রেণী পৰ্য্যন্ত চৰকাৰে অংক আৰু বিজ্ঞান ইংৰাজী মাধ্যমত পঢ়োৱা সিদ্ধান্ত লোৱাত ৰাইজৰ মনত উদয় হোৱা প্ৰশ্নটো হ'ল এই ছাত্ৰ-ছাত্ৰীসকলক ইংৰাজী মাধ্যমত পঢ়োৱাব কোনে? এই নতুন পৰিস্থিতিত সৈতে খাপ খাব পৰাকৈ শিক্ষক-শিক্ষয়িত্ৰীসকলত সাজু কৰি তোলা হৈছেনে? ডাঃ চৌধুৰীয়ে দাবী কৰে যে চৰকাৰে এই নীতি কাৰ্যকৰী কৰাৰ আগতে অত বছৰে অসমীয়া মাধ্যমেৰে পঢ়াই থকা শিক্ষক-শিক্ষয়িত্রীসকলক উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰক। অন্যথা এই নতুন ব্যৱস্থাৰ দ্বাৰা শিক্ষাৰ্থীসকল লোকচানৰহে সন্মুখীন হ'ব।যি সময়ত মাতৃভাষাৰ মাধ্যমত দিয়া শিক্ষাদান সর্বোৎকৃষ্ট আৰু বিজ্ঞানসন্মত বুলি সকলোৱে পতিয়ন গৈছে, তেনে সময়ত বিজেপি চৰকাৰে কিহৰ ভিত্তিত গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী মাধ্যমত পঢ়োৱাৰ ব্যৱস্থা কৰিছে, সেয়া সকলোৰে লগতে আম আদমি পাৰ্টীৰ বাবে বুজিবলৈ অসুবিধা হৈছে। এই সিদ্ধান্তৰ পূৰ্বে চৰকাৰে বিশেষজ্ঞসকলৰ লগত আলোচনা কৰিছিলনে নাই, সেই কথা স্পষ্ট কৰিবলৈও দলটোৱে চৰকাৰক দাবী জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here