গুৱাহাটী প্ৰেছ ক্লাৱত 'সেৱাব্ৰত বৰুৱাৰ নাট্য সম্ভাৰ' উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 16 July 2022

গুৱাহাটী প্ৰেছ ক্লাৱত 'সেৱাব্ৰত বৰুৱাৰ নাট্য সম্ভাৰ' উন্মোচন

 



W7s news গুৱাহাটী:  গুৱাহাটী প্ৰেছ ক্লাৱত শনিবাৰে 'সেৱাব্ৰত বৰুৱাৰ নাট্য সম্ভাৰ' ৰ প্ৰথম খণ্ড উন্মোচন কৰা হয়। সেৱাব্ৰত বৰুৱা স্মৃতি ন্যাসৰ উদ্যোগত অনুষ্ঠিত সভাৰ আৰম্ভণিতে প্ৰয়াত নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰে তেওঁৰ পত্নী বিনু বৰুৱাই। বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ ওপজা দিন উপলক্ষে ন্যাসৰ হৈ চেন্টাৰ ফৰ ষ্টাডিজ ইন হিউমেনিটিজৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট নাট্যকাৰ,অধ্যাপক ড০ জগদীশ পাটগিৰি,

বিশিষ্ট নাট্যকাৰ অভিজিত ভট্টাচাৰ্য, বিশিষ্ট অভিনেতা যতীন বৰা, বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক দেৱানন্দ হাজৰিকা উপস্থিত থাকি গ্ৰন্থখন উন্মোচন কৰে। উন্মোচনী ভাষণত বিশিষ্ট নাট্যকাৰ, অধ্যাপক ড০ জগদীশ পাটগিৰিয়ে কয়-সেৱাব্ৰত বৰুৱাৰ নাট্যসম্ভাৰৰ পাতনি লিখিব পোৱাৰ বাবে নিজকে সৌভাগ্যবান যেন লাগিছে। প্ৰথম খন নাট্য সম্ভাৰত সাতখন নাট  সন্নিবিষ্ট কৰা হৈছে। জীৱিত কালত তেওঁ যি ধৰণে স্বীকৃতি দিব লাগিছিল সেইধৰণে দিয়া দেখা নগ'ল।তেওঁৰ নাটক সমুহে দৰ্শকৰ  হৃদয়ত বিশেষ স্থান দখল কৰি থাকিব। তেওঁৰ নাটক সমূহ কেৱল দৰ্শকৰ মনোৰঞ্জনৰ বাবে নাছিল এক শক্তিশালী প্ৰতিবাদী কন্ঠ তাত নিহিত হৈ আছিল। জীয়া বাস্তৱৰ মননশীল কাহিনীৰে তেওঁ নাট ৰচনা কৰিছিল।তেওঁৰ নাটক সমূহ মঞ্চায়নৰ জৰিয়তে দৰ্শকৰ মাজলৈ আনিব লাগে। এই ক্ষেত্ৰত নাট্যকাৰ অভিজিত ভট্টাচাৰ্য আৰু অভিনেতা যতীন বৰাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা উচিত।।সভাত উপস্থিত বিশিষ্ট ব্যক্তি সকলে সেৱাব্ৰত বৰুৱাৰ জীৱন আৰু কৃতি সম্পৰ্কে বহলাই কয়। সেৱাব্ৰত বৰুৱা স্মৃতি ন্যাসৰ ন্যাসৰক্ষী মৃদুল বৰুৱাই ন্যাসৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে চমুকৈ কয়। সভাত বহু সংখ্যক লোক উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here