গুৱাহাটী প্ৰেছ ক্লাৱত প্রজ্ঞা আদর্শ অসমীয়া ব্যাকৰণ (১-৫) - ৰাষ্ট্ৰীয় শিক্ষানীতি সম্পৰ্কীয় গ্ৰন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 16 July 2022

গুৱাহাটী প্ৰেছ ক্লাৱত প্রজ্ঞা আদর্শ অসমীয়া ব্যাকৰণ (১-৫) - ৰাষ্ট্ৰীয় শিক্ষানীতি সম্পৰ্কীয় গ্ৰন্থ উন্মোচন

 



 প্রজ্ঞা মিডিয়াহাইপৰ অসমীয়া ভাষা-শিক্ষণ বিষয়ক কর্মশালা, শিক্ষক সম্বর্ধণা সম্পন্ন




W7s news গুৱাহাটী: গুৱাহাটীৰ প্ৰকাশন আৰু গ্ৰন্থ বিতৰক প্ৰতিষ্ঠান প্রজ্ঞা মিডিয়াহাইপে শনিবাৰে গুৱাহাটীত ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ আৰু অসমীয়া ভাষাৰ শিক্ষণ পদ্ধতি সম্পর্কে এক অভিলাষী কর্মশালা, প্রজ্ঞা আদর্শ অসমীয়া ব্যাকৰণ (১-৫) আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি সম্পর্কীয় গ্ৰন্থ উন্মোচন আৰু শিক্ষক সম্বর্ধণা অনুষ্ঠানৰ আয়োজন কৰে।  গুৱাহাটীৰ লগতে সমীপবর্তী সোণাপুৰ আৰু উত্তৰ গুৱাহাটীৰ বহুকেইখন শিক্ষানুষ্ঠানৰ শিক্ষাগুৰুৰ লগতে অন্যান্য আগ্রহী ব্যক্তি, অভিভাৱক আদি উপস্থিত থকা এই অনুষ্ঠানত গুৱাহাটীৰ খাৰঘুলিস্থিত ডন বন্ধ' ইনষ্টিটিউট অব্ মেনেজমেন্টৰ সঞ্চালক ফাদাৰ ডঃ পি ডি জন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অসমীয়া ভাষাৰ শিক্ষণ পদ্ধতি সম্পর্কীয় কর্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সুৰেন তালুকদাৰ আৰু গুৱাহাটীৰ আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থার সঞ্চালক অধ্যাপক ডঃ দিলীপ কুমাৰ কলিতা। কৰ্মশালাৰ আলোচনাত অংশ লয় গুৱাহাটীৰ গুৰুকুল গ্রামার স্কুলৰ অসমীয়া বিষয়ৰ শিক্ষক ৰাতুল কিশোৰ ডেকাই। অধ্যাপক তালুকদাৰ আৰু ড০ কলিতাই অসমীয়া ভাষা-শিক্ষণৰ ক্ষেত্ৰত কেনেধৰণৰ পদ্ধতি ব্যৱহাৰ কৰিলে শিক্ষকসকলৰ সহায়ক হ'ব তাৰ ওপৰত ব্যাখ্যা দাঙি ধৰে। লগতে ভাষা শিকাৰ ক্ষেত্ৰত বয়সৰ কোনো সীমা নাথাকে বুলি কয়। শিক্ষাৰ্থীক ভাষা এটা শিকোৱাৰ সময়ত বৰ্ণশালাৰ সৈতে পৰিচিত কৰি দিয়াটো মূল কথা। এই পৃথিৱীখন বহল হৈ পৰাৰ লগতে শিক্ষক সকলেও অধিক কথা জানিব লাগিব। এই ধৰণৰ দুই, তিনি দিনীয়া কৰ্মশালাৰ প্ৰয়োজন বুলিও বক্তাদ্বয়ে কয়।


ইয়াৰ পি

পাছতে ক্লিয়াৰিং দা মেথটছ এণ্ড ডাউটছ অন এন ই পি -২০২০২ (Clearing the Myths and Doubts on NEP-2020-)এই বিষয়ত আলোকপাত কৰে গুৱাহাটীৰ ইণ্টাৰনেশ্বনেল কেম্ব্রিজ স্কুলৰ ডীন অব ষ্টাড়ীজ ডঃ পুলক কুমাৰ ভট্টাচাৰ্যই। ডঃ ভট্টাচাৰ্যই ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ অনুসৰি দেশৰ শিক্ষাপদ্ধতিৰ পৰিবৰ্তনৰ বিভিন্ন দিশৰ বিষয়ে আলোকপাত কৰে। ইয়াৰ পাছতে, প্রজ্ঞা আদর্শ অসমীয়া ব্যাকৰণ (খণ্ড প্ৰথম ৰ পৰা পঞ্চম)  আৰু ডঃ পুলক কুমাৰ ভট্টাচাৰ্যই লিখা

'দা এন ই পি আনপ্লাগড এ লেমেন্ চ গাইড টু নেশ্বনেল এডুকেশ্বন 

পলিচি ২০২০( 'The NEP Unplugged A Layman's Guide to National Education Policy 2020.) কিতাপকেইখনখন উন্মোচন কৰে মুখ্য অতিথি ফাদাৰ ড০ জন আৰু অন্যান্য বিশিষ্ট অতিথিয়ো। অনুষ্ঠানৰ মুখ্য অতিথি ডন বস্ক' ইনষ্টিটিউট অব্ মেনেজমেন্ট, খাৰঘূলিৰ সঞ্চালক মাদাৰ ডঃ পি.ডি জনে তেওঁৰ ভাষণত প্রজ্ঞা মিডিয়াহাই পৰ এই প্ৰচেষ্টাৰ ভূয়সী প্রশংসা কৰে।


অনুষ্ঠানত প্রজ্ঞা মিডিয়াহাইপৰ তৰফৰ পৰা সমাজৰ ভৱিষ্যত গঢ়োতা কেইগৰাকীমান শিক্ষাগুৰুক তেওঁলোকৰ নিস্বাৰ্থ ত্যাগ আৰু সেৱাৰ বাবে কৃতজ্ঞতা আৰু সন্মান জ্ঞাপন কৰা হয়। তেওঁলোকক ফুলাম গামোচা, চেলেং চাদৰ, এখন প্ৰশস্তি-পত্ৰ, কিতাপৰ টোপোলাৰে কৃতজ্ঞতা জনোৱা হয়। সমৰ্দ্ধিত শিক্ষকসকলৰ ভিতৰত আছে ড০ সংগীতা চেটার্জী, অধ্যক্ষ, গুৱাহাটী পাব্লিক স্কুল, পাঞ্জাবাৰী,  কৃষ্ণা

ঞ্জন চন্দা( অধ্যক্ষ, চাউথ পইন্ট স্কুল, গুৱাহাটী), ডঃ নৃপেন কুমাৰ দত্ত, (অধ্যক্ষ, মাইলছ ব্ৰনছন ৰেছিডেন্‌ছিয়েল স্কুল, গুৱাহাটী), যুগল চন্দ্ৰ বৰা, (অধ্যক্ষ, ফেকাল্টা পাল্লিক স্কুল, উত্তৰ গুৱাহাটী), ৰুণুমী মাৰাক মমীন( অধ্যক্ষ, ছাইন স্কুল অব্ লাণিত, মান্দাকাটা),  বীণা ভৌমিক( অধ্যক্ষ, শিশু নিকেতন, কুমাৰপাৰা),  দীপশিখা ভূঞা (অধ্যক্ষ, আনন্দ একাডেমী, গুৱাহাটী), ডঃ ববিতা দাস ছাজু, (অধ্যক্ষ, বাই ডব্লিউ চি এ স্কুল, শুবাহাটী), জোনালী দাস (অধ্যক্ষ, মডার্ণ স্কুল, কাহিলীপাৰা, গুৱাহাটী), সঞ্জয় কুমাৰ (অধ্যক্ষ, ইন্টাৰনেচনেল স্কুল, গুৱাহাটী) আৰু বিপুল চৌধুৰী (অধ্যক্ষ, লিটল এঞ্জেল ইংলিছ হাইস্কুল, সোণাপুৰ)। অনুষ্ঠানত বহু সংখ্যক লোক উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here