কামিনী শৰ্মা শাস্ত্ৰীৰ পদক্ষেপক আগুৱাই নিয়াৰ প্ৰচেষ্টা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 24 July 2022

কামিনী শৰ্মা শাস্ত্ৰীৰ পদক্ষেপক আগুৱাই নিয়াৰ প্ৰচেষ্টা

 


জাপৰিগোগত সংগীত মহাবিদ্যালয় মুকলি


 W7s news গুৱাহাটী: ‘বৰ্তমান সময়ত সংগীত চৰ্চাৰ দিশটো পূৰ্বতকৈ সহজ সাধ্য হৈছে৷ ইয়াৰ অধ্যয়ন আৰু চৰ্চাৰ পৰিসৰো পূৰ্বতকৈ বৃদ্ধি পাইছে৷’ এই  মন্তব্য খ্যাতি সম্পন্ন সংগীত শিল্পী ড॰ সংগীতা কাকতিৰ৷ আজি গুৱাহাটীৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সভাত জাপৰিগোগত প্ৰতিষ্ঠা কৰা  অংকুৰণ সংগীত মহাবিদ্যালয়খন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি সংগীত শিল্পীগৰাকীয়ে এই মন্তব্য কৰে৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা ড॰ কাকতিয়ে সভাত আৰু কয় যে  ভাৰতীয় কলা সাহিত্যৰ ৬৪ কলাৰ ভিতৰত সংগীত কলা অন্যতম৷ সংগীতে মানুহক আমোদ দিয়ে, মনৰ প্ৰশান্তি জগাই তোলে৷ সকলো মানুহেই কম বেছি পৰিমানে  সংগীত ভাল পায়৷ কিন্তু সংগীতৰ সাধনা কৰা  ইমান সহজ সাধ্য নহয় যদিও একাত্মক ভাবে লাগি  থাকিলে ই সহজ সাধ্য হৈ পৰে৷ সভাৰ উদ্দেশ্য বাখ্যা আগবঢ়াই অংকুৰণ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা ড॰ গীতুমনি শৰ্মাই কয় যে তেওঁৰ পিতৃ  গীতিকাৰ তথা বিশিষ্ট সাংস্কৃতিককৰ্মী প্ৰয়াত কামিনী শৰ্মা শাস্ত্ৰীয়ে ১৯৯০চনত নলবাৰীৰ জিলাৰ অময়াপুৰ অঞ্চলৰ যজ্ঞ ভূমি চ’কত প্ৰতিষ্ঠা কৰা অংকুৰণ সংগীত মহাবিদ্যালয় আৰু বৰ্তমান যিখন  মহাবিদ্যালয় সেউজী কলা কেন্দ্ৰ হিচাপে চলি আহিছে সেই  মহাবিদ্যালয়খনকে আজি  গুৱাহাটীৰ  জাপৰিগোগত  পুনৰ প্ৰতিষ্ঠা কৰা হয়৷ মহাবিদ্যালয়খনত অহা ৰ আগষ্টৰ পৰা পাঠদান আৰম্ভ হ’ব৷ ইতিমধ্যে ৩৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নাম ভৰ্ত্তি কৰাৰ লগতে সংগীত শিক্ষাৰ প্ৰতি আকৰ্ষিত আৰ্থিকভাৱে দুৰ্বল শিক্ষাৰ্থীৰ বাবে  বিনামূলীয়া পাঠদানৰ  ব্যৱস্থা কৰা হৈছে বুলি অধ্যক্ষা গৰাকীয়ে জানিবলৈ দিয়ে৷  অনুষ্ঠানটোত উপস্থিত থাকি বিশিষ্ট সাংবাদিক তথা অসম বাণী কাকতৰ  সম্পাদক দিলীপ চন্দনে কয় যে  ড॰ গীতুমনি শৰ্মাৰ এই প্ৰচেষ্টা সঁচাই আদৰণীয়৷ প্ৰায় অৰ্ধশতাধিক লোকৰ লগতে ৩৪গৰাকী শিক্ষাৰ্থী উপস্থিত থকা আজিৰ অনুষ্ঠানটোত আমন্ত্ৰিত ব্যক্তি হিচাপে উপস্থিত থাকে প্ৰাক্তন আৰক্ষী বিষয়া পৰেশ চন্দ্ৰ শৰ্মা৷ অভিজ্ঞ সংগীত শিক্ষকৰ পাঠদানৰে আৰম্ভ হ’ব লগা  অংকুৰণ সংগীত মহাবিদ্যালয়ত নামভৰ্তি কৰিব বিচৰা সকলে ৭৮৯৬৩৩৮১৫৮ ম’বাইল নম্বৰত যোগাযোগ কৰি পাৰিব বুলি আজিৰ অনুষ্ঠানৰ জৰিয়তে অধ্যক্ষা ড॰ গীতুমনি শৰ্মাই জানিবলৈ দিছে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here