ব্লেক টাইগাৰ চিমেণ্টে আৰম্ভ কৰিছে "টাইগাৰ – ১০ কা দম" আঁচনি; আগবঢ়াইছে ৱাছিং মেচিন আৰু অন্যান্য নিশ্চিত পুৰষ্কাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 18 July 2022

ব্লেক টাইগাৰ চিমেণ্টে আৰম্ভ কৰিছে "টাইগাৰ – ১০ কা দম" আঁচনি; আগবঢ়াইছে ৱাছিং মেচিন আৰু অন্যান্য নিশ্চিত পুৰষ্কাৰ


 



W7s news গুৱাহাটী:  ৰাজ্যৰ অন্যতম আগশাৰীৰ চিমেণ্ট ব্ৰেণ্ড ব্লেক টাইগাৰ চিমেণ্টে শেহতীয়াকৈ "টাইগাৰ ১০ কা দম" শীৰ্ষক এক উপভোক্তা আঁচনি লৈ আহিছে। এই অনন্য আঁচনিখনে ব্লেক টাইগাৰ চিমেণ্টৰ প্ৰতিটো চিমেণ্ট বেগত নগদ ১০/- টকাৰ পুৰস্কাৰ আৰু লগতে ভাগ্যৱান গ্ৰাহকসকলৰ বাবে মটৰচাইকেল, ৱাছিং মেচিন আৰু অন্যান্য বিভিন্ন আকৰ্ষণীয় পুৰস্কাৰ জিকাৰ সম্ভাৱনা নিশ্চিত কৰিব।উল্লেখ্য, "১০ কা দম" মুকলি হোৱাৰ মাত্ৰ এমাহ পিছত, এই আঁচনিখন ইতিমধ্যে উত্তৰ-পূবৰ বজাৰৰ ছগৰাকী গ্ৰাহকৰ বাবে ভাগ্যৱান প্ৰমাণিত হৈছে। বঙাইগাঁৱৰ মিস্ত্ৰি মোবাৰাক আলীয়ে মেচাৰ্ছ আৰ.এন. এণ্টাৰপ্ৰাইজৰ পৰা ব্লেক টাইগাৰ চিমেণ্ট বেগ ক্ৰয় কৰি ৱাছিং মেচিন জয় কৰিবলৈ সক্ষম হৈছে। আনহাতে উত্তৰ ত্ৰিপুৰাৰ কাঞ্চনপুৰৰ মিস্ত্ৰী পাণ্ডৱ চন্দ্ৰ নাথ, কামৰূপ গ্ৰাম্য জালাহৰ গৃহ নিৰ্মাতা ৰুবুল আলি, মাজুলীৰ মিস্ত্ৰি টংকেশ্বৰ পায়েং, কাছাৰৰ পৃথ্বীৰাজ পালে ইতিমধ্যে প্ৰেছাৰ কুকাৰ লাভ কৰিছে। এই উদ্যোগ সন্দৰ্ভত মন্তব্য কৰি আজি গোল্ডষ্টোন চিমেণ্ট লিমিটেডৰ পৰিচালন সঞ্চালক সঞ্জয় কুমাৰ গুপ্তাই কয়, "টাইগাৰ-১০ কা দম'ৰ এই নতুন উপভোক্তা আঁচনিখন মুকলি কৰি আমি অতি আনন্দিত। উপভোক্তা আঁচনিৰ আঁৰৰ ধাৰণাটো হ'ল ব্লেক টাইগাৰ চিমেণ্ট ব্ৰেণ্ডৰ প্ৰতি গ্ৰাহকৰ আনন্দ, সন্তুষ্টি আৰু আনুগত্য সৃষ্টি কৰা। তেওঁ লগতে কয় যে আৰম্ভণিৰ পৰা আজিলৈকে ব্লেক টাইগাৰ চিমেণ্টে অসম আৰু উত্তৰ-পূৱৰ লোকসকলৰ পৰা সদায় প্ৰচুৰ মৰম আৰু সঁহাৰি লাভ কৰি আহিছে, আৰু "টাইগাৰ-১০ কা দম" হৈছে ইয়াৰ প্ৰতিদান দিয়া আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ বাবে আমাৰ এক সামান্য প্ৰয়াস', গুপ্তাই লগতে কয়। গুপ্তাই লগতে কয় যে গ্ৰাহকসকলে কেৱল মটৰ চাইকেলেই নহয়, টেলিভিছন ছেট, ৰেফ্ৰিজেৰেটৰ আৰু আন বহুতো ৰোমাঞ্চকৰ উপহাৰ জিকাৰো সুযোগ আছে। তদুপৰি, "টাইগাৰ-১০ কা দম" আঁচনিৰ প্ৰতিটো ব্লেক টাইগাৰ চিমেণ্টৰ বেগতেই একোটিকৈ নিশ্চিত উপহাৰ আছে, যাৰ ফলস্বৰূপে ব্ৰেণ্ডটোৰ গ্ৰাহকসকলে সমগ্ৰ অঞ্চলটোত এই পদক্ষেপৰ প্ৰশংসা কৰিছে।

"টাইগাৰ-১০ কা দম" আঁচনিৰ বিজয়ীসকলে কয় যে তেওঁলোকে লাভ কৰা বিজয়ী কুপনবোৰ তেওঁলোকে নিৰ্মাণৰ কামৰ বাবে ক্ৰয় কৰা ৫০০ চিমেণ্টৰ বেগৰ ভিতৰতে আছিল। বিজয়ীসকলে লগতে কয় যে ৱাছিং মেচিনৰ উপৰিও তেওঁলোকে "টাইগাৰ – ১০ কা দম" আঁচনিৰ জৰিয়তে আন কেইবাটাও উপহাৰ আৰু নগদ পুৰস্কাৰ লাভ কৰিছে। উল্লেখ্য,  "টাইগাৰ – ১০ কা দম" প্ৰচাৰৰ অংশ হ'বলৈ, সকলো গ্ৰাহকে প্ৰমোৰ সময়ত ব্লেক টাইগাৰ চিমেণ্টৰ যিকোনো প্ৰমো বেগ ক্ৰয় কৰিব লাগিব, বেগত সুমুৱাই দিয়া কুপনটো বাছনি কৰিব লাগিব আৰু তেওঁলোকৰ নিকটতম ব্লেক টাইগাৰ চিমেণ্ট ৰিটেইলাৰৰ পৰা নগদ ধন আৰু অন্যান্য নিশ্চিত পুৰষ্কাৰ সংগ্ৰহ কৰিব লাগিব। ব্লেক টাইগাৰ চিমেণ্ট হৈছে গোল্ডষ্টোন চিমেণ্টছ লিমিটেডৰ (জিএছচিএল) এক ফ্লেগশ্বিপ ব্ৰেণ্ড। ব্লেক টাইগাৰ চিমেণ্ট আজি উত্তৰ-পূব ভাৰতৰ শীৰ্ষস্থানীয় নিৰ্মাতা আৰু ব্ৰেণ্ড) আৰু ইয়াক উচ্চ কম্প্ৰেচিভ শক্তি, উচ্চ কভাৰেজ- নিম্ন ভলিউম আৰু দ্ৰুত ছেটিং সময়ৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বশ্ৰেষ্ঠ চিমেণ্ট হিচাপে অভিহিত কৰা হয়। কোম্পানীটোৰ মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ এখন সৰু গাওঁ মুচিয়াং লামাৰেত ইয়াৰ নিৰ্মাণ কাৰখানা আছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here