ৰাজ্যিক কলা বীথিকাত ‘ৰং-ৰূপ-ৰেখা' শীৰ্ষক চিত্ৰ প্ৰদৰ্শনী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 18 July 2022

ৰাজ্যিক কলা বীথিকাত ‘ৰং-ৰূপ-ৰেখা' শীৰ্ষক চিত্ৰ প্ৰদৰ্শনী

 




W7s news গুৱাহাটী : অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে প্রতিষ্ঠাৰ গৌৰৱোজ্জ্বল ৫০ সংখ্যক বৰ্ষ অতিক্ৰম কৰিলে। তদুপলক্ষে সঞ্চালকালয়ে চলিত বৰ্ষত বহু ভিন্ন ৰঙী কার্যসূচী হাতত লোৱাৰ লগতে অসমৰ বৰেণ্য চিত্রশিল্পীসকলৰ সৃষ্টি কর্মব ধাৰাবাহিক একক চিত্র প্রদর্শনীৰ আয়োজন কৰিছে। ইয়াৰে অংশস্বৰূপে সোমবাৰৰ পৰা  ২৪ জুলাইলৈ ৰাজ্যিক কলা বীথিকাত সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা গুৱাহাটী আৰ্টিষ্টছ গীল্ড আৰু অসম ফাইন আর্ট্ছ এণ্ড ক্রাফট্‌ছ চছাইটিৰ সহযোগত বিশিষ্ট চিত্রশিল্পী তথা চলচ্চিত্র নির্মাতা পুলক গগৈৰ বাচকৰনীয়া চিত্রকর্ম সম্বলিত ‘ৰং-ৰূপৰেখা' শীর্ষক এখন প্রদর্শনী আৰম্ভ হৈছে। সোমবাৰে সাংস্কৃতিক পৰিক্রমা বিভগৰ  মন্ত্ৰী বিমল বড়াই চিত্ৰ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে। শাৰীৰিক দূর্বলতা স্বত্ত্বেও অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট চিত্রশিল্পী পুলক গগৈৱে সকলোকে অনুপ্রাণিত কৰিছে বুলি মন্তব্য কৰি মন্ত্ৰী বড়াই শিল্পীগৰাকীক তেওঁৰ বৰ্ণিল জীৱনবোধ আৰু অনন্যসুন্দৰ সৃষ্টিৰাজিৰ কাৰণে ওলগ জনায়। অনুষ্ঠানত বিশিষ্ট চিত্রশিল্পী  ননী বৰপুজাৰী, সাংস্কৃতিক পৰিক্ৰমাৰ সঞ্চালক ড°দেৱজিৎ খনিকৰ, বিশিষ্ট চিত্রশিল্পী  অতুল বৰুৱা প্ৰমূখ্যে বহু শিল্পী তথা চিত্রকলাপ্রেমী উপস্থিত থাকে। উল্লেখ্য, ৰাজ্যিক কলা বীথিকাত  পুলক গগৈৰ ৪৫ খন চিত্রকর্ম প্রদর্শন কৰা হৈছে। প্রদর্শনী স্থলীতে কলাপ্রেমীসকলে উচিত মূল্যৰ বিনিময়ত শিল্পীগৰাকীৰ কেইখনমান বচা বচা চিত্রশিল্প সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here