এশ্বপ্ৰা জেমছ এণ্ড জুৱেলছে আয়োজন কৰিছে গ’ল্ড এণ্ড ডায়মণ্ড জুৱেলাৰী প্ৰদৰ্শনী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 15 July 2022

এশ্বপ্ৰা জেমছ এণ্ড জুৱেলছে আয়োজন কৰিছে গ’ল্ড এণ্ড ডায়মণ্ড জুৱেলাৰী প্ৰদৰ্শনী

 


গুৱাহাটীৰ ভিভান্টা বাই তাজত আয়োজন কৰা এই প্ৰদৰ্শনী চলিব ১৫ জুলাইৰ পৰা ১৭ জুলাইলৈ

প্ৰদৰ্শনী উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অভিনেত্ৰী বৰষা ৰাণী বিষয়া



W7s news ষ্টাফৰিপোৰ্টাৰ: এশ্বপ্ৰা জেমছ এণ্ড জুৱেলাৰীয়ে গুৱাহাটীৰ ভিভান্টা বাই তাজত ১৫ জুলাইৰ পৰা ১৭ জুলাইলৈকে দিনৰ ১১ বজাৰ পৰা ৮ বজালৈ আয়োজন কৰিছে পূৰ্বে কেতিয়াও প্ৰত্যক্ষ নকৰা ধৰণৰ প্ৰদৰ্শনী । এই প্ৰদৰ্শনীত পল্কি, ডায়মণ্ড, এন্টিক গ’ল্ড এণ্ড জাডাও জুৱেলাৰীকে ধৰি ধুনীয়া কুণ্ডন জুৱেলাৰী ইত্যাদি সৰ্বোৎকৃষ্ট আৰু মাৰ্জিত অলংকাৰৰ কালেকচন আগবঢ়োৱা হ’ব। প্ৰদৰ্শনীখনত ব্ৰেণ্ডটোৰ কিছুমান শ্ৰেষ্ঠ মানৰ অলংকাৰ প্ৰদৰ্শন কৰা হ’ব । প্ৰদৰ্শনীখনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমীয়া ছবিজগতৰ অভিনেত্ৰী বৰষা ৰাণী বিষয়া । এশ্বপ্ৰা জেমছ এণ্ড জুৱেলছৰ বৈভৱ ছৰফে কয়, “আমি লক্ষ্ণৌ, বাৰানসী, ঝান্সী আৰু আন চহৰসমূহত এনেধৰণৰ প্ৰদৰ্শনী আয়োজন কৰি আহিছোঁ, কিন্তু গুৱাহাটীত প্ৰথমবাৰলৈ এনে বৃহৎ প্ৰদৰ্শনী আয়োজন কৰা হৈছে । ইয়াত প্ৰদৰ্শন হ’বলগা প্ৰতিবিধ অলংকাৰেই ডিজাইন আৰু কাৰিগৰী নৈপুণতাৰ ক্ষেত্ৰত হৈছে অনন্য আৰু সতেজ । অনুষ্ঠানটোত এই ঐতিহাসিক চহৰখনৰ বাসিন্দাসকলক আতিথ্য আগবঢ়াবলৈ আমি উৎসুক হৈ পৰিছোঁ । বিভিন্ন ডিজাইনৰ অলংকাৰ ক্ৰয়ৰ সুবিধা আগবঢ়োৱাৰ লগতে গ্ৰাহকে সোন আৰু কুণ্ডন অলংকাৰৰ গহনিত আৰু ডায়মণ্ডৰ মূল্যত ২০ শতাংশ ৰেহাই লাভ কৰিব পাৰিব । চহৰখনৰ সকলো বাসিন্দাক আমাৰ এই গ্ৰেণ্ড প্ৰদৰ্শনীলৈ আহি ইয়াৰ সুবিধা গ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনালোঁ ।“ “শেহতীয়াকৈ আমি আমাৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে চুক্তিবদ্ধ কৰিছোঁ জনপ্ৰিয় অভিনেত্ৰী য়ামী গৌতম ধৰক ।“

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here