।আইন অনুসৰি নিৰ্মাণ শ্ৰমিকৰ সা-সুবিধাবোৰ সময় মতে প্ৰদান কৰাৰ দাবীত ৰাজ্যজুৰি নিৰ্মাণ শ্ৰমিক বিক্ষোভ-সমদল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 14 July 2022

।আইন অনুসৰি নিৰ্মাণ শ্ৰমিকৰ সা-সুবিধাবোৰ সময় মতে প্ৰদান কৰাৰ দাবীত ৰাজ্যজুৰি নিৰ্মাণ শ্ৰমিক বিক্ষোভ-সমদল

 





W7s news ষ্টাফৰিপোৰ্টাৰ: শ্ৰমিকৰ কল্যাণৰ বাবে সংগ্ৰীত ধন বিজেপি চৰকাৰৰ মন্ত্ৰী, বিধায়ক, নেতা-পালিনেতাই দুৰ্নীতি কৰা অভিযোগৰ স্পষ্টিকৰণ বিচাৰি বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যত নিৰ্মাণ শ্ৰমিকসকলে শ্ৰম কাৰ্যালয়সমূহ উত্তাল কৰি তোলে। আইন অনুসৰি নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে সংগ্ৰীহিত ধন কেৱল নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ হকে খৰচ কৰা, নিৰ্মাণ শ্ৰমিকৰ আইনী হিতলাভবোৰ সময়মতে আদায় দিয়া আদি কেইবাটাও গুৰুত্বপূৰ্ণ দাবীত এই আন্দোলনৰ আহবান দিছিল সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নে। ৰাজ্যজুৰি হোৱা বিক্ষোভ কাৰ্যসূচীত যোৰহাট, নগাঁও, হোজাই, গোলাঘাট, বৰপেটা, নলবাৰী, নাৰায়নপুৰ, ধেমাজি, ডিব্ৰুগড়, সোনাৰি, তিনিচুকীয়া, মঙ্গলদৈ, দক্ষিণ কামৰূপ ছয়গাঁওত, ৰঙিয়া, টংলা, তেজপুৰ, কাচাৰ, হাইলাকান্দি ইত্যাদি ঠাইত হাজাৰ হাজাৰ নিৰ্মাণ শ্ৰমিকে অংশ লয় আৰু সভা-সমদল সংগঠিত কৰি জিলা শ্ৰম বিষয়াৰ জৰিয়তে শ্ৰম আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। একেদৰে গুৱাহাটী শ্ৰম আয়ুক্ত কাৰ্যালয়তো সংগঠনটোৰ কামৰূপ মহানগৰ জিলাৰ তিনি শতাধিক নিৰ্মাণ শ্ৰমিক সমাবেত হৈ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। বিক্ষোভ কাৰ্যসূচীত চি আই টি ইউ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা আৰু সংগঠনটোৰ ৰাজ্যিক সভাপতি বদন ভূঞা, জিলা সম্পাদক ভোলা শৰ্মা উপস্থিত থাকে। একেদৰে দক্ষিণ কামৰূপৰ ছয়গাঁওত সংগঠনটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক মদন তালুকদাৰ সহ দক্ষিণ কামৰূপ জিলাৰ সম্পাদক নজৰুল খণ্ডকৰ, সভাপতি বিপুল মজুমদাৰৰ নেতৃত্বত বিশাল শ্ৰমিক সমদল উলিয়াই। শ্ৰমিক নেতাসকলে বিক্ষোভকাৰীসকলক সম্বোধিত কৰি কয় যে বিজেপি চৰকাৰৰ শাসনৰ এই সময়ছোৱাত নিৰ্মাণ শ্ৰমিকৰ সমস্যা তীব্ৰ হাৰত বৃদ্ধি পাইছে। শ্ৰমিকে কামৰ অভাৱত হাহাকাৰ কৰিব লগাত পৰিছে। চৰকাৰে শ্ৰমজীৱী মানুহৰ নিত্যব্যৱহাৰ্য সামগ্ৰীৰ দাম অহৰ্নিশে বৃদ্ধি ঘটাই আছে। নিৰ্মাণ সামগ্ৰীৰো অত্যাধিক হাৰত দাম বৃদ্ধি ঘটাই নিৰ্মাণ কাম বন্ধ হোৱা পৰিৱেশ সৃষ্টি কৰিছে। যাৰ ফলত নিৰ্মাণ শ্ৰমিকসকলে কাম নোপোৱাৰ অৱস্থা সৃষ্টি হৈছে। চৰকাৰ খনে নিৰ্মাণ খণ্ড, বেংক, বীমা, ভাৰতীয় ৰেলকে ধৰি দেশৰ লাভজনক খণ্ডবোৰ ব্যক্তিগত পুঁজিপতিৰ হাতত বিক্ৰী কৰি আছে। নিৰ্মাণ শ্ৰমিকসকলৰ সামাজিক সুৰক্ষা দাবীত চি আই টি ইউৰ অন্তৰ্ভূক্ত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নে দীৰ্ঘদিন  ধৰি আন্দোলন সংগ্ৰাম কৰি আহিছে। বহু সংগ্ৰামৰ পিছত ১৯৯৬ চনত কেন্দ্ৰৰ দেৱগৌড়া নেতৃত্বাধীন মৰ্চা চৰকাৰে শ্ৰমিকৰ কৰ্মনিৰাপত্তা তথা সামাজিক সুৰক্ষাৰ দিশতো বিবেচনা কৰিবলৈ বাধ্য হৈ– ‘গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ আইন,১৯৯৬' প্ৰণয়ন কৰে। বৰ্তমান শ্ৰমিকসকলে এই আইনৰ মাধ্যমত সামান্য পৰিমাণে পেঞ্চন, ল'ৰা-ছোৱালীৰ শিক্ষা সাহায্য, চিকিৎসা সাহায্য, মৃত শ্ৰমিকৰ পৰিয়াললৈ সাহায্য আদি সুবিধা আদায় কৰিবলৈ সক্ষম হৈছে। বিক্ষোভস্থলিত বক্তাসকলে দুখ প্ৰকাশ কৰে যে বিজেপি দলৰ চৰকাৰ অহাৰ পিছত দেশত প্ৰচলিত শ্ৰম আইনসমূহ সংস্কাৰৰ নামত নিৰ্মাণ শ্ৰমিক কল্যাণ আইনখনো ‘কোড'লৈ ৰূপান্তৰ কৰি নিৰ্মাণ শ্ৰমিকৰ সামাজিক সুৰক্ষাৰ বিষয়টোক পুনৰ বিপদগ্ৰস্ত কৰিলে। নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বিষয়টোৰ পৰা আঁতৰি গৈ জধে মধে ভূৱা নিৰ্মাণ শ্ৰমিকক নিৰ্মাণ শ্ৰমিক বুলি পঞ্জীয়ন কৰা পৰিলক্ষিত হৈছে। হিতলাভবোৰ বিতৰণত ৰাজনৈতিক হস্তক্ষেপ বৃদ্ধি পাইছে। প্ৰকৃত নিৰ্মাণ শ্ৰমিকে কল্যাণ পৰিষদৰ জৰিয়তে পাব লগা সা-সুবিধাৰ প্ৰ-পত্ৰ পূৰণ কৰিছে যদিও বহুক্ষেত্ৰত তেওঁলোকৰ সন্তানে পাব লগা শিক্ষা সাহায্য, নিৰ্মাণ শ্ৰমিকসকলৰ পেঞ্চন আৰু চিকিৎসা সাহায্যকে ধৰি অন্যান্য আইনী হিতলাভ [বেনিফিট] সমূহ সময়মতে পোৱা নাই। এই ক্ষেত্ৰত  সংগঠনটোৱে বাৰে বাৰে আপত্তি দৰ্শাই থকাৰ পিছতো কল্যাণ পৰিষদৰ পৰা কোনো সঁহাৰি পোৱা নাই। তেনে অৱস্থাত আজি সমগ্ৰ ৰাজ্যতে এনে বিক্ষোভ কাৰ্যসূচীৰ মাজেৰে শ্ৰম আয়ুক্তত দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে। দাবী সমূহ শীঘ্ৰে পূৰণ নকৰিলে নিৰ্মাণ শ্ৰমিকসকলে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহন কৰিব বুলি জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here