ডিব্ৰুগড়ত ২০২২ বৰ্ষৰ কেন্দ্রীয় বিষ্ণু ৰাভা দিৱস - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 17 June 2022

ডিব্ৰুগড়ত ২০২২ বৰ্ষৰ কেন্দ্রীয় বিষ্ণু ৰাভা দিৱস

 




 W7s news ষ্টাফৰিপোৰ্টাৰ: অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু

ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত চৌকডিঙ্গী খেলপথাৰত কেন্দ্রীয়ভাবে ২০ জুনত ২০২২ বর্ষৰ বিষ্ণুৰাভা দিৱস উদযাপন কৰা হ'ব। এই অনুষ্ঠানত দুজন বৰেণ্য শিল্পীক ২০২২  চনৰ বিষ্ণু ৰাভা বঁটাৰ লগতে অসমৰ কলা-সংস্কৃতি, সমাজ আৰু সাহিত্য জগতলৈ অমুল্য অবদান যোগাই অহা ১২ জন স্বনামধন্য ব্যক্তিক ৩টা ৰাষ্ট্ৰীয় আৰু ৯টা ৰাজ্যিক পৰ্যায়ৰ বঁটাৰে সন্মানিত কৰা হ'ব। ২০২১ বৰ্ষৰ  তিনিটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা ক্ৰমে কালিচৰণ ব্রহ্ম বঁটা, কৃষ্ণকান্ত সন্দিকৈ বঁটা আৰু আজান পীৰ বঁটাৰ বাবে ক্রমে নাগালেণ্ডৰ লোকতত্ত্বৰ গৱেষক ড০ অনুংলা আয়াৰ, অসমৰ বিশিষ্ট গবেষক-পণ্ডিত ড০ নৰেন কলিতা আৰু লোকতত্ত্ববিদ ড০ অমলেন্দু ভট্টাচাৰ্যক মনোনীত কৰা হৈছে। আনহাতে দহটা ৰাজ্যিক পৰ্যায়ৰ বঁটা ক্ৰমে ২০২২ বৰ্ষৰ বিষ্ণু ৰাভা বঁটাৰ বাবে বিশিষ্ট চিত্রশিল্পী  চন্দ্ৰকমল গগৈ আৰু বিশিষ্ট নৃত্য পটিয়সী শাৰদী শ‍ইকীয়া, ২০২১ বৰ্ষৰ গীতিকবি পার্বতি প্ৰসাদ বৰুৱা বঁটাৰ বাবে বিশিষ্ট অভিনেত্রী  মৃদুলা বৰুৱা, ২০২১ বৰ্ষৰ অমলপ্ৰভা দাস বঁটাৰ বাবে সুলেখিকা  ইলা বৰগোঁহাই, ২০২১ বৰ্ষৰ চন্দ্ৰপ্ৰভা শ‍ইকীয়ানি বঁটাৰ বাবে বিশিষ্ট সমাজসেৱিকা লীলাৱতী কুশ্রে, ২০২১ বৰ্ষৰ মামণি ৰয়ছম গোস্বামী বঁটাৰ বাবে বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেব চৌধুৰী, ২০২১ বৰ্ষৰ চৈয়দ আব্দুল মালিক বঁটাৰ বাবে বিশিষ্ট সাহিত্যিক ছবিলাল উপাধ্যায়, ২০২১ বৰ্ষৰ আহমদ আলী বাঁশকান্দি বঁটাৰ বাবে বিশিষ্ট শিল্পী চৈয়দ ছাদুল্লা, ২০২১ বর্ষব গণেশ গগৈ বঁটাৰ বাবে বিশিষ্ট কবি সাহিত্যিক  বংশী বৰা, ২০২১ বৰ্ষৰ স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটাৰ বাবে বিশিষ্ট সমাজসেৱক হেমন্ত গোহাঁই আৰু ২০২১ বৰ্ষৰ শোণিত কোঁৱৰ গজেন বৰুৱা বঁটাৰ বাবে বিশিষ্ট নৃত্যশিল্পী  ননী বৰুৱাক মনোনীত কৰা হৈছে। আগন্তক ২০ জুনত সন্ধিয়া ৫:৩০ বজাত আয়োজিত অনুষ্ঠানত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই সন্মানীয় বঁটাসমূহ প্রদান কৰিব। অনুষ্ঠানত কেন্দ্রীয় খাদ্য সংসাধন বিভাগৰ ৰাজ্যিক মন্ত্রী  ৰামেশ্বৰ তেলী, সাংস্কৃতিক পৰিক্রমা বিভাগৰ মন্ত্রী বিমল বড়া, ডিব্ৰুগড়ৰ  বিধায়ক  প্রশান্ত ফুকন, লাহোৱালৰ বিধায়ক  বিনোদ হাজৰিকা, দুলিয়াজানৰ বিধায়ক  তেৰছ গোৱালা, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, নাহৰকটীয়াৰ বিধায়ক তৰঙ্গ গগৈ আৰু চাবুৱাৰ বিধায়ক  পোণাকন বৰুৱা উপস্থিত থাকিব। অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট শিল্পীয়ে সংগীত আৰু নৃত্যানুষ্ঠান পৰিবেশন কৰিব। লগতে পুৱা ১১ বজাৰ পৰা বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলৰ মাজত তিনিটা শাখাত বিষ্ণু ৰাভা গীতৰ এক প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। বিজয়ী প্রতিযোগীসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব। এই অনুষ্ঠানত সকলোৰে উপস্থিতি কামনা কৰিছে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগৰ সঞ্চালক ড০ দেৱজিত খনিকৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here