ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১২০ সংখ্যক জন্ম দিৱস পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 17 June 2022

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১২০ সংখ্যক জন্ম দিৱস পালন

 

W7s news ষ্টাফৰিপোৰ্টাৰ: ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১২০ সংখ্যক জন্ম দিৱস উপলক্ষে জ্যোতিপ্ৰসাদ- নজৰুল জন্ম জয়ন্তী পালন কমিটিৰ পক্ষৰ পৰা শুকুৰবাৰে পুৱা ১০ বজাত ভৰলুমুখত থকা জ্যোতিপ্ৰসাদ আগৰৱালাৰ পূৰ্ণাৱয়ৱ ব্ৰঞ্জৰ মূৰ্ত্তিৰ পাদদেশত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। প্ৰথমে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে সদৌ অসম জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি ৰক্ষা কমিটীৰ যুটীয়া সম্পাদক অজিত আচাৰ্য আৰু বিশিষ্ট সমাজকৰ্মী প্ৰমোদ ভাগৱতী। ইয়াৰ পাছতে উপস্থিত ৰাইজ আৰু ছাত্ৰ সমাজ পক্ষৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শুকুৰবাৰে সমাজ স্খলনৰ পৰিপ্ৰেক্ষিতত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন সংগ্ৰামৰ চৰ্চাৰ প্ৰয়োজনতাৰ দিশ সমূহ আলোকপাত কৰি বক্তব্য প্ৰদান কৰে অজিত আচাৰ্যই। লগতে জ্যোতিপ্ৰসাদ নজৰুল জন্ম জয়ন্তী পালন কমিটিৰ উপদেষ্টা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক ড° মনমোহন দাসৰ শ্ৰদ্ধাঞ্জলি অৰ্থে প্ৰেৰিত লিখিত বক্তব্য পাঠ কৰা হয়। তেওঁৰ প্ৰেৰিত বাৰ্তাত স্পষ্ট ভাবে মতপোষণ কৰে যে জ্যোতিপ্ৰসাদ জীৱন দৰ্শনে কেতিয়াও ধনী দুখীয়াৰ প্ৰভেদ বিচৰা নাছিল সেয়ে তেওঁ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিও স্বাধীনতাৰ পাছত দেশৰ অসাম্য দেখি সাম্যবাদী চিন্তাৰ উন্মেষ ঘটিছিল। তেওঁ বিশ্বাস কৰিছিল সুন্দৰেহে জগত ধুনীয়া কৰিব পাৰে। কমিটিৰ পক্ষৰ পৰা জনায় যে প্ৰবল বৰষুণৰ ফলত সৃষ্ট গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীৰ পৰিপ্ৰেক্ষিতত ১৭ জুনত ভৰলুমুখত জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্ত্তি পাদদেশত, জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম দিৱস উপলক্ষে হ'বলগীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাহিৰে অন্যান্য কাৰ্যসূচী স্থগিত ৰখা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here