অসম ৰাজ্যিক চিৰিয়াখানাত দর্শনাৰ্থীক আদৰিবলৈ বিশেষ ব্যৱস্থা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 6 June 2022

অসম ৰাজ্যিক চিৰিয়াখানাত দর্শনাৰ্থীক আদৰিবলৈ বিশেষ ব্যৱস্থা

 




W7s news ষ্টাফৰিপোৰ্টাৰ: অসম ৰাজ্যিক চিৰিয়াখানাত দর্শনাৰ্থীক আদৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই।  উৎকট গৰমত জীৱ-জন্তু চাই ভাগৰি পৰিলে এতিয়াৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানৰ ভিতৰত প্ৰাকৃতিক পৰিবেশৰ মাজত দেশ বিদশ তথা গুৱাহাটীৰ লগতে গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ঠাইৰ দর্শনাৰ্থী সকলে বহি ল'ব পাৰিব থলুৱা ফলৰ ৰসৰ জুতি। অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত চাবলৈ অহা  দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি তথা থলুৱা খাদ্য সম্ভাৰক এখন বজাৰ দিয়াৰ লগতে থলুৱা লোকক সংস্থাপন দিয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। কিছু দিনৰ পিছতে আৰম্ভ হ'ব বিদ্যালয় সমূহৰ গ্ৰীষ্ম বন্ধ। সেই সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ ছাত্ৰ-ছাত্ৰীয়ে ভিৰ কৰে চিৰিয়াখানাত। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে সোমবাৰে চিৰিয়াখানাত মুকলি কৰা হ'ল ফলৰ ৰসৰ দুখন নতুন বিপনী। ক'ভিড বাবে প্রায় দুই, আঢ়ৈ বছৰ পাছত চিৰিয়াখানালৈ অহা পৰ্যটকে খোজ কাঢ়ি ভাগৰি পৰিলে প্ৰাকৃতিক পৰিবেশত প্ৰাকৃতিক সম্পদেৰে নিৰ্মাণ কৰা বিপনীত অলপ জিৰাই বিভিন্ন থলুৱা ফলৰ ৰসৰ জুতি ল'ব পাৰিব বুলি ক'লে অসম ৰাজ্যিক চিৰিয়াখানাৰ বন সংমণ্ডল বিষয়া অশ্বিনী কুমাৰে।  থলুৱা যুৱকৰ সংস্থাপনৰ বাট মুকলি কৰিবলৈ উত্তৰ-পূৰ্ব ক্ষেত্ৰীয় কৃষি বিপণন নিগম লিমিটেডে

 (নেৰামেক)ৰ উদ্যোগত  গেলেক্সি এন্টাৰপ্ৰাইজ আৰু গিবন ষ্টল মুকলি কৰা হ'ল বুলি কয় নেৰামেকৰ সঞ্চালক মনোজ কুমাৰ দাসে। তেওঁ লগতে কয়-দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনির্ভৰশীল ভাৰত আৰু লোকেল ফৰ ভকেল শ্ল'গানত গুৰুত্ব দি থলুৱা যুৱ প্ৰজন্মক থলুৱা সামগ্ৰীৰ জৰিয়তে সংস্থাপন দিয়াত আমি গুৰুত্ব আৰোপ কৰিছোঁ।এই দুখন বিপনীত সংস্থাপন লাভ কৰিছে ৬ জন যুৱকে। এই বিপনী দুখনত উপলব্ধ হ'ব আম, মৌচুমী,কৰ্দৈ, আনাৰস, থেকেৰা আদি ফলৰ ৰসৰ লগতে ল'ব পাৰিব পিঠা লাড়ূ, জলপান আৰু নানা থলুৱা আচাৰৰ জুতি।' অনুষ্ঠানত এই বিপনী ক্ৰমে গেলেস্কি এন্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী হৈছে মানস বৰা আৰু গিবন ষ্টলৰ স্বত্বাধিকাৰী হৈছে মধুসূধন বৈশ্যৰ লগতে নেৰামেকৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়া এ গোস্বামী আদি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here