মেক্স চিমেণ্টে মুকলি কৰিলে – ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অখ্যাত নায়কসকলক সন্মান জনোৱাৰ বাবে এক সামাজিক মাধ্যমৰ অভিযান - "বিল্ডাৰ্ছ অৱ ইণ্ডিয়া" - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 6 June 2022

মেক্স চিমেণ্টে মুকলি কৰিলে – ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অখ্যাত নায়কসকলক সন্মান জনোৱাৰ বাবে এক সামাজিক মাধ্যমৰ অভিযান - "বিল্ডাৰ্ছ অৱ ইণ্ডিয়া"

 

 

W7s news গুৱাহাটী : :দেশৰ অন্যতম আগশাৰীৰ চিমেণ্ট ব্ৰেণ্ড মেক্স চিমেণ্টে শেহতীয়াকৈ আমাৰ দেশৰ নিৰ্মাতাসকল সংক্ৰান্তীয় এক বৃহৎ সামাজিক মাধ্যম অভিযান আৰম্ভ কৰিছে। ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ আৰু ইয়াৰ জনসাধাৰণ, সংস্কৃতি আৰু কৃতিত্বৰ গৌৰৱময় ইতিহাস উদযাপন আৰু স্মৰণৰ বাবে ভাৰত চৰকাৰৰ উদ্যোগত চলি থকা "আজাদী কা অমৃত মহোৎসৱ"ৰ সৈতে সংগতি ৰাখি প্ৰতিষ্ঠানটোৱে #BuildersOfIndia শীৰ্ষক এই অভিযান আৰম্ভ কৰিছে। মেক্স চিমেণ্টৰ "বিল্ডাৰ্ছ অৱ ইণ্ডিয়া" অভিযান আৰম্ভ কৰা হৈছিল আগন্তুক স্বাধীনতা দিৱসৰ ৭৫ দিনৰ গণনাৰে। অই অভিযানে আমাৰ স্বাধীনতা আন্দোলনৰ অখ্যাত নায়কসকলৰ কাহিনীবোৰ জীয়াই ৰাখিব, যাৰ সৰ্বোচ্চ ত্যাগে আমাৰ বাবে স্বাধীনতাক বাস্তৱত পৰিণত কৰিছে। এই অভিযানৰ ধাৰণাটো হ'ল ভাৰতৰ এই অখ্যাত নিৰ্মাতাসকলক শ্ৰদ্ধাঞ্জলি জনোৱা, যাৰ অনন্য কাৰ্য আৰু নিস্বাৰ্থ দেশপ্ৰেমৰ ফলতে ভাৰতে আজি ৰাষ্ট্ৰসমূহৰ মা


জত এক সম্ভ্ৰমপূৰ্ণ দেশ হিচাপে থিয় হৈ আছে।


এই অভিযান সন্দৰ্ভত মন্তব্য কৰি মেক্স চিমেণ্টৰ পৰিচালন সঞ্চালক বিনীত আগৰৱালে কয়, "আজি ভাৰত বিশ্বৰ অন্যতম বৃহৎ অৰ্থনৈতিক, সামৰিক আৰু সাংস্কৃতিক মহাশক্তি হিচাপে স্থান লাভ কৰিছে। আমি ৰাষ্ট্ৰসমূহৰ মাজৰ এখন নেতৃস্থানীয় দেশৰ মৰ্যাদা উপভোগ কৰোঁ। প্ৰযুক্তি, কৃষি, শিক্ষা আৰু অন্যান্য খণ্ডৰ ক্ষেত্ৰতো বিগত সাত দশকত ভাৰতে লাভ কৰিছে লেখত ল’বলগীয়া বিকাশ। সেয়া  হৈছে অগণন স্বাধীনতা সংগ্ৰামীৰ ত্যাগ, দেশপ্ৰেম আৰু শ্ৰমৰ ফলত, যিসকলে দেশৰ বাবে নিস্বাৰ্থভাৱে কাম কৰিছিল যাতে আমি আজি এক মহাশক্তিৰ মৰ্যাদা উপলব্ধি কৰিব পাৰো।"


তেওঁ লগতে কয়, এইসকল হৈছে আমাৰ দেশৰ প্ৰকৃত নিৰ্মাতা যিয়ে আজিৰ ভাৰতৰ ভেটি স্থাপন কৰি থৈ গৈছে, যাৰ বাবে আজি ত্ৰিৰংগা পতাকা সন্মানেৰে উৰি আছে আৰু দেশৰ যুৱসমাজৰ বাবে গৌৰৱৰ প্ৰতীক কৰি তোলে।"


প্ৰচাৰৰ অংশ হিচাপে, মেক্স চিমেণ্টে আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামীসকলৰ বিষয়ে বিভিন্ন সাধাৰণ জ্ঞানৰ ওপৰত আধাৰিত সাপ্তাহিক কুইজ প্ৰতিযোগিতাৰ সৈতে দৰ্শকসকলক সামাজিক মাধ্যমত জড়িত কৰিব আৰু বিজয়ীসকলক আকৰ্ষণীয় পুৰস্কাৰ প্ৰদান কৰা হ'ব। ৭৫ জন অখ্যাত নায়কৰ ওপৰত এখন কফি টেবুল বুকৰ প্ৰস্তুতি চলি আছে। আৰু সেয়া আগন্তুক স্বাধীনতা দিৱসত মুকলি কৰা হ'ব।


উল্লেখ্য,প্ৰয়াত গজানন্দ আগৰৱালাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা গ্ৰীণ ভেলী ইণ্ডাষ্ট্ৰিজৰ এটা অংশ, মেক্স চিমেণ্টে আজি উদ্যোগ খণ্ডত এক অতি সন্মানীয় স্থান লাভ কৰিছে। ব্ৰেণ্ডটোৱে নিৰ্মাণ উদ্যোগৰ বাবে বহনক্ষম বিকাশ, মূল্য সৃষ্টি, আৰু উদ্ভাৱনী সমাধান আগবঢ়ায় আৰু ই ইয়াৰ সামগ্ৰীৰ বাবে সফলতা অৰ্জন কৰা ৩এছ, শ্ৰেণীৰ সৰ্বশ্ৰেষ্ঠ শক্তি, ছেটিং আৰু স্থিৰতাৰ আশ্বাস দিয়ে। মেক্স চিমেণ্ট হৈছে জিভিআইএলৰ এটা ব্ৰেণ্ড আৰু ইয়াৰ বহল নেটৱৰ্কৰ জৰিয়তে গ্ৰাহকসকলক সেৱা আগবঢ়াই আহিছে। মুখ্যতঃ উত্তৰ-পূব ভাৰতত উপস্থিত, ব্ৰেণ্ডটোৱে ইয়াৰ দুটা জনপ্ৰিয় সামগ্ৰী - মেক্স অৰ্ডিনাৰী পোৰ্টলেণ্ড চিমেণ্ট আৰু মেক্স পোজজোলানা চিমেণ্টৰ সৈতে নিজৰ বাবে এক স্থান তৈয়াৰ কৰিছে।  ব্যক্তিগত গৃহ নিৰ্মাতা (আই.এইচ.বি.) হওঁক বা চৰকাৰী প্ৰকল্প হওঁক বা গোলকীয় নিৰ্মাণ প্ৰতিষ্ঠান হওঁক, মেক্স চিমেণ্টৰ গ্ৰাহকসকলে ই আগবঢ়োৱা 'সৰ্বাধিক' প্ৰদৰ্শনত বিশ্বাস কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here