এনকাউণ্টাৰ হত্যা বন্ধ কৰক: ৰাজ্যত আইনৰ শাসন নিশ্চিত কৰাৰ দাবীত গুৱাহাটীত চিপিআই(এম)ৰ বিক্ষোভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 6 June 2022

এনকাউণ্টাৰ হত্যা বন্ধ কৰক: ৰাজ্যত আইনৰ শাসন নিশ্চিত কৰাৰ দাবীত গুৱাহাটীত চিপিআই(এম)ৰ বিক্ষোভ

 



w7s news ষ্টাফৰিপোৰ্টাৰ : অভিযুক্ত পুলিচৰ জিম্মাত মৃত্যুৰ বিৰুদ্ধে চিপিআই(এম)ৰ কামৰূপ মহানগৰ জিলাৰ উদ্যোগত সোমবাৰে গুৱাহাটী ক্লাব ৰ'টাৰীত এক প্ৰতিবাদী বিক্ষোভ অনুষ্ঠিত হয়। এনকাউণ্টাৰ কিলিং বন্ধ কৰক, অভিযুক্তৰ বিস্তাৰৰ দায়িত্ব পুলিচক দিয়া নচলিব, বটদ্ৰৱা কাণ্ডৰ ন্যায়িক তদন্তৰ ব্যৱস্থা কৰক আদি ধ্বনিৰে প্ৰতিবাদকাৰীসকল মুখৰ হয়। উল্লেখযোগ্য যে সাম্প্ৰতিক সময়ত লক্ষণীয়ভাৱে এনকাউণ্টাৰ হত্যাৰ ঘটনা বৃদ্ধি হৈছে। শেহতীয়াভাৱে ৩০মে' ৰ পুৱতি নিশা বটদ্ৰৱা থানা অগ্নিসংযোগৰ ঘটনাত অভিযুক্ত আছিফুল ইছলাম নামৰ যুৱক এজনক আৰক্ষীয়ে শীতল মস্তিস্কৰ হত্যা কৰিছে। এনকাউণ্টাৰৰ নামত অভিযুক্তক হত্যা কৰাৰ যি ভয়ংকৰ আৰু বে-আইনী পৰম্পৰাৰ সূত্ৰপাত হৈছে ই গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ সমূলি পৰিপন্থী। বিক্ষোভকাৰী সকলক সম্ভোধন কৰি চিপিআই(এম)ৰ ৰাজ্যিক কমিটিৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয় যে আমাৰ ৰাজ্যখনত পুলিচৰ জিম্মাত অপৰাধীৰ মৃত্যুৰ এক অখণ্ড পৰম্পৰা আৰম্ভ হৈছে। ই আইনৰ অনুশাসনৰ পৰিপন্থী। অপৰাধীৰ বিচাৰৰ দায়িত্ব ন্যায়ালয়ৰ। পুলিচৰ হাতত বিচাৰৰ দায়িত্ব অৰ্পণ কৰিলে আইনৰ অনুশাসন বৰ্তি নাথাকিব। বটদ্ৰৱা কাণ্ডৰ সমগ্ৰ দিশ ন্যায়িক তদন্তৰ দাবী তালুকদাৰে উল্লেখ কৰে। কামৰূপ মহানগৰ জিলা কমিটিৰ প্ৰাক্তন সম্পাদক শতঞ্জীৱ দাস আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক আব্দুল মান্নানেও বিক্ষোভস্থলীত বক্তব্য ৰাখে। বিক্ষোভ সমাৱেশৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ জৰিয়তে এক স্মৰকপত্ৰ প্ৰেৰণ কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here