ছেভ ভৰলুৰ পদযাত্ৰা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 26 June 2022

ছেভ ভৰলুৰ পদযাত্ৰা

 



W7s news গুৱাহাটী: নেতাজী সুভাষ বিদ্যাপীঠ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, ভাস্কৰ নগৰ, বৰ্ষাপাৰাৰ স্থানীয় বাসিন্দা আৰু ছেভ ভৰলু অভিযানৰ সভাপতি ডাঃ ৰবীন মজুমদাৰ, সাধাৰণ সম্পাদক অমিয় ডেকা, সদস্য নৱ প্ৰসাদ শৰ্মা, ধ্ৰুৱজ্যোতি শইকীয়া, উত্তম কৰ সমন্বিতে প্ৰায় শতাধিক লোকে দেওবাৰে উলিওৱা পদযাত্ৰাত অংশ গ্ৰহণ কৰে। ভৰলু পদযাত্ৰা নেতাজী বিদ্যাপীঠৰ পৰা আৰম্ভ হয়! গুৱাহাটী পৌৰ নিগমৰ ১১নং ৱাৰ্ডৰ পাৰিষদ মঞ্জুলা দেৱী আৰু উক্ত স্কুলৰ প্ৰধান শিক্ষক সুশোভন চক্ৰৱৰ্ত্তীয়ে যুটীয়া ভাবে পতাকা জোকাৰি শুভাৰম্ভ কৰে। পদযাত্ৰা স্কুলৰ পদূলিৰ পৰা মৰা ভৰলুৰ পাৰে পাৰে একাংশ নাগৰিকৰ অবিবেচকী কাৰ্যৰ ফলত ভৰলু বাহিনী মৰাভৰলু আজি মৃত প্ৰায় অৱস্থা, ভৰলুক সকলোৱে মিলি বচাওঁ আহক, ভৰলু আৰু কোনো নলা নৰ্দমাত ঘৰৰ আৱৰ্জনা নেপেলাব, জাবৰ সংগ্ৰহৰ পৌৰ নিগমৰ সুবিধা গ্ৰহণ কৰক, প্লাষ্টিক পলিথিন বৰ্জন কৰক, ভৰলু বাহিনী মৰাভৰলু নলা নহয়, নদী. . . নদীক সন্মান কৰক, আমাৰ মহানগৰ গুৱাহাটীক পৰিস্কাৰ আৰু সুন্দৰ কৰো আহক   আদি শ্লোগান দি আৰু নাগৰিকলৈ গোহাৰি পত্ৰ বিতৰণ কৰা হয়। পদ যাত্ৰা বৰ্ষাপাৰা ষ্টেডিয়ামৰ কাষৰ দলঙত এখন পথসভাৰ আয়োজন কৰি পদযাত্ৰা পুনৰ স্কুলৰ পদূলিত সামৰণি পৰে।সভাপতি ৰবীন মজুমদাৰ, সাধাৰণ সম্পাদক অমিয় ডেকা, সদস্য নৱ প্ৰসাদ শৰ্মা, পাৰিষদ মঞ্জুলা দেৱী,স্থানীয় ব্যক্তি  গোস্বামী, সুশোভন চক্ৰৱৰ্ত্তী আৰু উত্তম কৰেও ভৰলুত আৱৰ্জনা পেলাই ডাষ্টবিন নকৰিবলৈ যুক্তি সহকাৰে আহবান জনায়।

 .

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here