কেন্দ্ৰীয় কাৰাগাৰত ড্ৰাগ্‌ছ বিৰোধী দিৱস পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 26 June 2022

কেন্দ্ৰীয় কাৰাগাৰত ড্ৰাগ্‌ছ বিৰোধী দিৱস পালন

 




W7s news গুৱাহাটী:  গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত দেওবাৰে আন্তৰ্জাতিক ড্ৰাগ্‌ছ বিৰোধী দিৱস পালন কৰা হয়। কাৰাগাৰৰ সমূহ বিষয়া-কৰ্মচাৰী আৰু কাৰাবন্দীসকলৰ উপস্থিতিত ড্ৰাগ্‌ছৰ বিৰুদ্ধে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়৷ এই সভাখন সভাপতিত্ব কৰে কাৰাগাৰ অধীক্ষক গোবিন্দ মালাকাৰে৷ অধীক্ষক মালাকাৰে ড্ৰাগ্‌ছ আসক্তসকলক নিজৰ মনটোক দমন কৰি ড্ৰাগ্‌ছ সেৱনৰ আসক্তিৰ পৰা মুক্ত হ’বলৈ আহবান জনায়৷ সভাত কাৰাধ্যক্ষ কল্যাণ চৌধুৰী, গ্ল’বেল অৰগেনাইজেশ্যনৰ কাৰ্যসূচী প্ৰৱন্ধক জোনালী দাস আৰু ৰিজুৱানা চুলতানা উপস্থিত থাকি বক্তব্য ৰাখে৷ কাৰাগাৰৰ সহকাৰী কাৰাধ্যক্ষ নায়মা আহমেদ, ডাঃ সৌৰভ বৰ্মন, সহকাৰী কাৰাধ্যক্ষ ছামছুল আলম শইকীয়া আৰু ফাৰ্মাচিষ্ট ব্ৰজেন দাস  উপস্থিত থাকি নিজ নিজ মন্তব্য আগবঢ়ায়। কাৰাবসীসকলৰ মাজৰ পৰা

পি কে দত্ত, সূৰজ জামাল আজমল আদিয়ে

 সভাত চমু বক্তব্য আগবঢ়োৱা ৰ লগতে সকলোকে ড্ৰাগছৰ কবলৰ পৰা মুক্ত হবলৈ আহ্বান জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here