লেখিকা সংস্থা , অসমৰ গীত আৰু কবিতাৰ দিন উদ যাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 26 June 2022

লেখিকা সংস্থা , অসমৰ গীত আৰু কবিতাৰ দিন উদ যাপন

 






W7s news গুৱাহাটী: লেখিকা সংস্থা , অসম",ৰ উদ্যোগত সৰস্বতী উপাধি বিভূষিতা ডঃ নির্মলপ্রভা বৰদলৈৰ স্মৃতিচাৰণ " গীত আৰু কবিতাৰ দিন  " দেওবাৰে  উদযাপন কৰা হয়।লাষ্টগেট নামঘৰৰ ৰংগমঞ্চত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত সংস্থাৰ সভাপণি  মৃদুলা শর্মাকে প্রমুখ্য কৰি সংস্থাৰ উপদেষ্টা বিশিষ্টা সাহিত্যিক হৰপ্রিয়া বাৰুকিয়াল বৰগোঁহাঞি , সংস্থাৰ মুখ্য পৃষ্ঠপোষক আৰু সাহিত্য সভাৰ উপ-সভাপতি মৃণালিণী দেবী , উপদেষ্টা মঞ্জুলা শর্মা ভট্টাচার্য , বিশিষ্ট সাহিত্যিক আৰু শিক্ষাবিদ ডঃ সুচিত্রা কাকতি , সংস্থাৰ প্রকাশন বিভাগৰ সভাপতি ডঃ অসমী গগৈ উপস্থিত থাকে ।অনুষ্ঠান উদ্ধোধন কৰে বিশিষ্ট কণ্ঠশিল্পী  মালবিকা বৰাই। সভাখন আঁত ধৰে সংস্থাৰ প্রধান সম্পাদক বিজয়া দেবদাসে।বন্তি প্রজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে হৰপ্রিয়া বাৰুকিয়াল বৰগোঁহাঞিয়ে। এই অনুষ্ঠান উপলক্ষে প্রকাশিত অর্দ্ধ আকাশ উন্মোচন কৰে মৃণালিণী দেবীয়ে । সভাত নির্মলপ্রভা বৰদলৈৰ জীৱনৰ বিভিন্ন দিশত আলোকপাত কৰে ক্রমে  ডঃ সুচিত্রা কাকতি , হৰপ্রিয়া বাৰুকিয়াল বৰগোঁহাঞি , মঞ্জুলা শর্মা ভট্টাচার্য , ডঃ অসমী গগৈয়ে। সংস্থাৰ গুৱাহাটীস্থ শাখাসমূহে  নির্মলপ্রভা বৰদলৈৰ গীত আৰু কবিতা পৰিবেশন কৰে ।সাংস্কৃতিক কার্যসূচী পৰিচালনা কৰে সংস্থাৰ সাংস্কৃতিক সম্পাদিকা দিপ্তী বৰুৱাই। সংস্থাৰ সভাপতি মৃদুলা শর্মাই সভাপতিৰ ভাষণ দিয়াৰ অন্তত সংস্থাৰ সহকাৰী সম্পাদিকা ত্রিবেণী মজুমদাৰে শলাগৰ শৰাই আগ বঢ়ায়। জাতীয় সংগীত পৰিবেশনৰ অন্তত অনুষ্ঠানৰ সামৰণি ঘোষণা কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here