লায়ন্স উমাঙৰ উদ্যোগত পৰিৱেশ দিৱস পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 6 June 2022

লায়ন্স উমাঙৰ উদ্যোগত পৰিৱেশ দিৱস পালন

 



w7s news ষ্টাফৰিপোৰ্টাৰ:  গুৱাহাটীৰ মহিলাসকলৰ অন্যতম আগশাৰীৰ স্বেচ্ছাসেৱী সংগঠন লায়ন্স ক্লাব গুৱাহাটী উমাঙৰ উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত বিশ্ব পৰিৱেশ দিৱসৰ আজি সামৰণি পৰে। ক্লাবটোৰ জনসম্পৰ্ককাৰী বিষয়া পায়েল চাধাই কয় যে সভাপতি বিতু বাঙ্কাৰ নেতৃত্বত প্ৰথম দিনাই লাচিত নগৰৰ মাদাৰ্ছ প্রাইড প্লে স্কুল প্ৰাঙ্গনত কণ কণ ছাত্ৰ-ছাত্ৰীৰ সৈতে গছ পুলি ৰোপণ কৰা হয় আৰু গছ পুলি বিতৰণ কৰা হয়। অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি বাঙ্কাই কয় যে আমি বিশ্ব পৰিৱেশ দিৱসত তিনিদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰিছো যাৰ উদ্দেশ্য হৈছে পৃথিৱীখন সেউজীয়া আৰু শক্তিশালী কৰা। উক্ত অনুষ্ঠানত এএম টেলিভিছনৰ মুৰব্বী ড° সঞ্জীৱ নাৰায়ণ মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰাৰ লগতে জ্যেষ্ঠ সাংবাদিক আফ্রিদা হুছেইন সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। একেদৰে মুখ্য পৃষ্ঠপোষক ৰবি প্রকাশ আগৰৱালা, আৰকিটেক সন্তোষ বাঙ্কা, মাদাৰ্ছ প্রাইড প্লে স্কুলৰ পৰিচালন সঞ্চালক ৰেহা অনচন্তনী, সম্পাদক অনিতা লোহিয়া, কোষাধ্যক্ষ পুনম টোডি, নীতু সৰাফ, স্বাতী চৌধুৰী, সীমা চোনী, পিআৰঅ' পায়েল চাধা, মধু বাঙ্কা, সুনীতা পাবেক, সুন্দৰ পাৰেক, লক্ষ্য শৰ্মা, লিপিকা মোডী, সৰিতা সঞ্চেতি, কুসুম জৈন আৰু অন্যান্য সদস্যসকল উপস্থিত থাকে । দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি জালুকবাৰীৰ কিড বেদ প্লে স্কুলত লায়ন্স উমাঙে পৰিৱেশ দিৱস কাৰ্যসূচী পালন কৰে। উক্ত অনুষ্ঠানত লায়ন্স ক্লাবৰ প্ৰাক্তন জিলা গভৰ্ণৰ সুধীৰ চৌধুৰী মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে শাখা অধ্যক্ষ সুজিত বুখৰেদিয়া, কিড বেদৰ সঞ্চালক শৰ্মিষ্ঠা এন পালিৱাল, কেন্দ্রপ্রধান প্রীতি সভা পণ্ডিতৰ লগতে শিক্ষক আৰু অভিভাৱকসকল উপস্থিত থাকে। এই সময়ছোৱাত, ক্লাবৰ দ্বাৰা শিশু আৰু তেওঁলোকৰ অভিভাৱকসকলৰ মাজত বিভিন্ন প্ৰকাৰৰ আকৰ্ষণীয় গছপুলি বিতৰণ কৰা হয়। লায়ন্স উমাঙৰ তৃতীয় দিনৰ পৰিৱেশ দিৱসৰ কাৰ্যসূচী অনুসৰি চাংসাৰীৰ কিড বেদ প্লে স্কুলত শিশুসকলৰ সৈতে গছপুলি ৰোপণ কৰা হয়। অনুষ্ঠানত সভাপতি বিতু বাঙ্কা, কোষাধ্যক্ষ পুনম টোডি, সীমা চোনি, কুসুম জৈন, কিড বেদৰ সহকাৰী পৰিচালন সঞ্চালক কুনাল ঘোষ, কেন্দ্ৰৰ মুৰব্বী কান্ত ডেকা, একাডেমিক মুৰব্বী দীপঞ্জনা দত্তৰ লগতে অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। সভাপতি বাঙ্কাই কয় যে এই তিনিদিনীয়া কাৰ্যসূচী আয়োজনত ৰবি প্ৰকাশ আগৰৱালাৰ বিশেষ সহযোগিতা আৰু সমৰ্থন আছিল। আগৰৱালাৰ সহায়ত শিশু আৰু তেওঁলোকৰ পিতৃ-মাতৃৰ মাজত বৃহৎ সংখ্যক গছপুলি বিতৰণ কৰা হৈছিল যাতে তেওঁলোকৰ মাজত পৰিৱেশ সম্পৰ্কে সজাগতা বিয়পি পৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here