বৃহত্তৰ বিজি কলোনী সাংস্কৃতিক মঞ্চৰ সাংস্কৃতিক অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 23 June 2022

বৃহত্তৰ বিজি কলোনী সাংস্কৃতিক মঞ্চৰ সাংস্কৃতিক অনুষ্ঠান

 




W7s news গুৱাহাটী: বৃহত্তৰ বিজি কলোনী সাংস্কৃতিক মঞ্চৰ উদ্যোগত আৰু শৰাইঘাটৰ সাহিত্য সমাজৰ সহযোগত  সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে বি জি কলোনী শিৱমন্দিৰ প্ৰাংগণত বিষ্ণুৰাভা দিবসৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়।শৰাইঘাটৰ সাহিত্য সমাজৰ সভাপতি  উমেশ কৰ আৰু বৃহত্তৰ বিজি কলোনী সাংস্কৃতিক মঞ্চৰ জ্যেষ্ঠ আহ্বায়ক  মহেশ ৰাজবংশীৰ দ্বাৰা পতাকা উত্তোলনৰ কাৰ্যসূচীৰে  কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। স্থানীয় জ্যেষ্ঠ নাগৰিক তথা আৰ টি আই কৰ্মী  দুলাল দাসৰ দ্বাৰা বিষ্ণুৰাভাৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰা হয় আৰু বিজি কলোনী নামঘৰৰ চৌপাশে বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন কৰা হয়৷ বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা চিত্রাংকণ, আবৃত্তি, ৰাভাসংগীত আৰু বিষ্ণু ৰাভাৰ গীতৰ আধাৰত একক নৃত্য প্রতিযোগিতাত শতাধিক প্রতিযোগীয়ে অংশগ্ৰহণ কৰে। সন্ধিয়ালৈ হোৱা বটা বিতৰণী সভা আৰু সাংস্কৃতিক অনুষ্ঠানত পাঁচগৰাকী আমন্ত্ৰিত ব্যক্তিক বিশেষ ভাৱে সম্বর্ধনা জনোৱা হয়। তেওঁলোক হৈছে ক্ৰমে সমাজসেৱক তথা অৱসৰপ্ৰাপ্ত সেনা বিষয়া  ৰূপেশ কান্ডি হোৰ, বিশিষ্ট নাট সমালোচক  অতুল মজুমদাৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক  উমেশ ডেকা গুৱাহাটী পৌৰ নিগমৰ ২নং ৱাৰ্ডৰ পাৰিষদ মুকুল কলিতা আৰু ৯নং ৱাৰ্ডৰ পাৰিষদ  অৰ্চনা দাস। অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী চামচুল হুদাৰ দ্বাৰা মঞ্চ উন্মোচনৰ লগতে নিশালৈ আমন্ত্ৰিত কন্ঠশিল্পী জ্যোতিম্মান অংগৰাগে গীত পৰিৱেশন কৰি উপস্থিত দর্শকক আপ্‌প্লুত কৰে বুলি জ্যেষ্ঠ আহ্বায়ক ডাঃ সমৰ গগৈয়ে জানিবলৈ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here